Logo
image

বাটলাৰৰ উপস্থিতিয়ে শক্তিশালী কৰিব ৰাজস্থান ৰয়েলছৰ বেটিং

আমাৰ অসম, ২৭ ছেপ্টেম্বৰঃ  প্ৰথম খেলত জয়ী হৈ আত্মবিশ্বাস বৃদ্ধি কৰা ৰাজস্থান ৰয়েলছে  দেওবাৰে জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে  কিংছ ইলেভেন পঞ্জাবৰ সন্মুখীন হ’ব৷ ইংলেণ্ডৰ বেটছমেন জোছ বাটলাৰৰ উপিস্থিতিয়ে ৰাজস্থানৰ বেটিং অধিক শক্তিশালী কৰি তুলিব বুলি ধাৰণা কৰা হৈছে৷ উল্লেখ্য, একেখন ষ্টেডিয়ামতে ৰাজস্থান ৰয়েলছে চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰিছিল আৰু সেই খেলখনত সঞ্জুছেমছনে মাত্ৰ ৩২টা বলত ৯টা ছিক্সাৰেৰে ৭৪ ৰান সংগ্ৰহ কৰিছিল৷ কোৱাৰেণ্টীনত থকা বাবে ৰাজস্থান ৰয়েলছৰ প্ৰথমখন খেলত খেলিব পৰা নাছিল বাটলাৰে৷ দেওবাৰে তেওঁ যশস্বী জয়ছোৱালৰ সৈতে ইনিংছ মুকলি কৰাৰ সম্ভাৱনা আছে৷ আনহাতে, অধিনায়ক ষ্টিভেন স্মিথে ডেভিদ মিলাৰৰ স্থানত বেটিং কৰিব৷ স্মিথে প্ৰথম খেলত ৪৭টা বলত সংগ্ৰহ কৰিছিল ৬৯ ৰান৷ ইপিনে, প্ৰথম খেলত দিল্লী কেপিটেলছৰ হাতত ছুপাৰ অভাৰত পৰাস্ত হ’লেও দ্বিতীয় খেলত বিৰাট কোহলিৰ কিংছ ইলেভেন পঞ্জাবক পৰাস্ত কৰাৰ পাছত দলটোৰ আত্মবিশ্বাস বহুখিনি বৃদ্ধি পাইছে৷ সেই খেলখনত দুবাৰকৈ জীৱনদান পালেও কিংছ ইলেভেনৰ অধিনায়ক লোকেশ ৰাহুলে অপৰাজিত ১৩২ ৰান সংগ্ৰহ কৰিছিল৷ আনজন অ’পেনাৰ মায়ংক আগৰৱালো ভাল ফৰ্মত আছে৷ কিন্তু গ্লেন মেক্সৱেলৰ ফৰ্মক লৈ চিন্তাত আছে কিংছ ইলেভেন৷ অৱশ্যে বলিঙত পেচ বলাৰদ্বয় মহম্মদ ছামি আৰু ৱেষ্ট ইণ্ডিজৰ শ্বেল্ডন কটৰেলৰ ওপৰত বহুখিনি  নিৰ্ভৰ কৰিব পৰা যায়৷ আনহাতে, ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে স্পিনাৰদ্বয় ৰবি বিষ্ণয় আৰু মুৰুগান অশ্বিন আছিল প্ৰভাৱশালী৷ প্ৰথম খেলত ৰাজস্থানৰ স্পিনাৰ ৰাহুল টেৱাটিয়াই ৩৭ ৰানত তিনিটা উইকেট লাভ কৰিছিল আৰু কাইলৈও টীম মেনেজমেণ্টে তেওঁৰ পৰা অনুৰূপ প্ৰদৰ্শন আশা কৰিব৷ পেচ বলাৰ জয়দেৱ উনাড়কাটৰ  ফৰ্মক লৈহে অধিনায়ক স্মিথৰ কিছু চিন্তা হ’ব পাৰে৷ সেই বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি কাইলৈ উনাড়কাটৰ স্থানত কাৰ্তিক ত্যাগী অথবা বৰুণ এৰ’নক মূল দলত ৰখাৰ সিদ্ধান্ত লোৱা হ’ব পাৰে৷