Logo
image

চ’কাৰ্ছৰ অভিশাপৰ পৰা মুক্ত হ’বনে দক্ষিণ আফ্ৰিকা

৫ অক্টোবৰৰ পৰা আৰম্ভ হোৱা বিশ্বকাপ ক্ৰিকেটৰ লীগ পৰ্যায়ৰ খেলবোৰ সমাপ্ত হ’ল৷ প্ৰত্যাশিতভাৱে আয়োজক ভাৰতৰ লগতে পাঁচবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা আৰু নিউজীলেণ্ড অন্তিম চাৰি স্থানত উপনীত হৈছে৷ এইবাৰৰ বিশ্বকাপত সকলোকে আচৰিত কৰা কথাটো হৈছে, যোৱাবাৰৰ চেম্পিয়ন ইংলেণ্ডৰ নিৰাশাজনক প্ৰদৰ্শন৷ টুৰ্নামেণ্টখনৰ আৰম্ভণিতে ক্ৰিকেট বিশেষজ্ঞসকলে যিকেইটা দলৰ ছেমি-ফাইনেলত খেলাৰ সম্ভাৱনা থকা বুলি মন্তব্য কৰিছিল, তাৰ ভিতৰত অন্যতম আছিল ইংলেণ্ড৷ কিন্তু প্ৰথম খেলতে নিউজীলেণ্ডৰ হাতত পৰাস্ত হোৱাৰ পাছত দীৰ্ঘ সময় দলটো আছিল পইণ্ট তালিকাৰ সৰ্বনিম্ন স্থানত৷ অৱশ্যে, নেডাৰলেণ্ডছ আৰু পাকিস্তানৰ বিৰুদ্ধে অন্তিম দুখন খেলত জয়ী হোৱাৰ সূত্ৰে পইণ্ট তালিকাৰ সপ্তম স্থানলৈ উত্তৰণ ঘটে জোছ বাটলাৰৰ দলটো৷ লীগৰ খেল সমাপ্ত হোৱাৰ পাছত কোন দুটা দল খিতাপৰ যুঁজত অৱতীৰ্ণ হ’ব সেই লৈ ক্ৰিকেটপ্ৰেমীৰ মাজত চলিছে জল্পনা-কল্পনা৷ তাৰ লগতে চৰ্চা লাভ কৰা আন এটা বিষয় হৈছে দক্ষিণ আফ্ৰিকা ছেমি-ফাইনেলৰ বাধা অতিক্ৰম কৰিবলৈ সক্ষম হ’বনে? এই বিষয়টো চৰ্চালৈ অহাৰ কাৰণটো হৈছে, বিশ্বকাপত চাৰিবাৰ [এইবাৰৰ আগলৈকে]  দক্ষিণ আফ্ৰিকা বিশ্বকাপৰ ছেমি-ফাইনেলত উপনীত হৈছে যদিও তাৰ ওপৰলৈ যাবলৈ সক্ষম হোৱা নাই৷ ১৯৯৮ চনৰ চেম্পিয়নছ ট্ৰফীৰ চেম্পিয়নছ ট্ৰফীৰ বাহিৰে দলটোৱে এতিয়ালৈকে কোনো আগশাৰীৰ টুৰ্নামেণ্টো জয় কৰিব পৰা নাই৷ বিশ্ব ক্ৰিকেটত দক্ষিণ আফ্ৰিকা যথেষ্ট শক্তিশালী দল হিচাপেই পৰিচিত৷ বৰ্ণবিদ্বেষৰ বাবে প্ৰায় দুই দশক নিৰ্বাসিত হৈ থকাৰ পাছত ১৯৯২ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ ঘূৰি অহা দলটোক সেয়েহে বিশ্ব ক্ৰিকেট ‘চ’কাৰ্ছ’ আখ্যা দিয়া হয়৷ দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটৰ বাবে এই শব্দটো অভিশাপ হিচাপেই গণ্য কৰা হয়৷ সেয়েহে টেম্বা বাভুমা নেতৃত্বাধীন দলটোৱে এই অভিশাপৰ পৰা মুক্ত হোৱাৰ আন এক সুযোগ পাইছে৷ টুৰ্নামেণ্টৰ দ্বিতীয়খন ছেমি-ফাইনেলত দক্ষিণ আফ্ৰিকাৰ প্ৰতিদ্বন্দ্বী হ’ব পাঁচবাৰৰ বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়া৷ এইবাৰৰ বিশ্বকাপত অষ্ট্ৰেলিয়াৰ আৰম্ভণিও বৰ ভাল নহ’লেও পিছলৈ ক্ৰমাগত জয়েৰে ছেমি-ফাইনেলত স্থান নিশ্চিত কৰিছে দলটোৱে৷  দক্ষিণ আফ্ৰিকা যিকেইবাৰ বিশ্বকাপৰ ছেমি-ফাইনেলত উপনীত হৈছে, তাৰ ভিতৰত সৰ্বাধিক চৰ্চিত খেলখন হৈছে ১৯৯২ চনত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত খেলখন৷ ইংলেণ্ডে ৬ উইকেটত সংগ্ৰহ কৰা ২৫২ ৰানৰ প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই ৪২.৫ অভাৰত ৬ উইকেটত ২৩১ ৰান সংগ্ৰহ কৰিছিল আৰু এটা সময়ত দলটোক জয়ৰ বাবে ১৩টা বলত প্ৰয়োজন আছিল ২২ ৰানৰ৷ বৰ্ষাবিঘ্নিত খেলখনত প্ৰতিযোগিতাৰ নিয়ম অনুসৰি দক্ষিণ আফ্ৰিকাক এটা বলত প্ৰয়োজন হৈছিল ২২ ৰান, যিটো আছিল অসম্ভৱ৷ এইবাৰৰ বিশ্বকাপৰ ৯খন খেলত দক্ষিণ আফ্ৰিকা পৰাস্ত হৈছে কেৱল দুখন খেলত, আৰু লীগৰ সমাপ্তিত পইণ্ট তালিকাত দলটো আছে দ্বিতীয় স্থানত৷ লীগত অষ্ট্ৰেলিয়া দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত হৈছিল ১৩৪ ৰানত৷ দ্বিতীয়খন ছেমি-ফাইনেলত পুনৰ দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব৷ বেটিং আৰু বলিং উভয় দিশতে দক্ষিণ আফ্ৰিকাৰ প্ৰদৰ্শন যথেষ্ট সন্তোষজনক৷ এইবাৰ যি দুখন খেলত দক্ষিণ আফ্ৰিকা পৰাস্ত হৈছে, দুয়োখনতে দলটোৱে লক্ষ্য অনুসৰণ কৰিছিল৷ সেয়েহে লক্ষ্য অনুসৰণ কৰা অৱস্থাত দলটোক পৰাস্ত কৰা সহজ বুলিও বহুতে ধাৰণা কৰি লৈছে৷ অৱশ্যে পাকিস্তানৰ বিৰুদ্ধে লক্ষ্য অনুসৰণ কৰি দক্ষিণ আফ্ৰিকা জয়ী হৈছিল এক উইকেটত৷

এইবাৰ বিশ্ব চেম্পিয়ন হ’ব কোনটো দল? বেছিভাগৰে উত্তৰ হ’ব ভাৰত৷ কিন্তু টুৰ্নামেণ্টখনত দক্ষিণ আফ্ৰিকাই এতিয়ালৈকে যি প্ৰদৰ্শন দেখুৱাইছে, তালৈ চাই ক’ব পাৰি দক্ষিণ আফ্ৰিকাকো সম্ভাব্য চেম্পিয়নৰ আসনত বহুৱাব পাৰি৷ কিন্তু তাৰ পূৰ্বে দলটোৱে অতিক্ৰম কৰিব লাগিব ছেমি-ফাইনেলৰ বাধা৷ ইডেন গাৰ্ডেনত দলটো ‘চ’কাৰ্ছ’ৰ  অভিশাপৰ পৰা মুক্ত হ’ব পাৰিবনে?– এই প্ৰশ্নৰ উত্তৰৰ বাবে গভীৰ উৎকণ্ঠাৰে বাট চাই ৰ’ব ক্ৰিকেটপ্ৰেমী৷