Logo
image

ভিটামিন ‘ডি’ৰ অভাৱ কেনেকৈ পূৰাব

সুস্থ শৰীৰৰ বাবে ভিটামিন ‘ডি’ অতি জৰুৰি৷ সূৰ্যৰ ৰশ্মিৰ পৰা ‘ডি’ ভিটামিন পোৱা যায়৷  সাধাৰণতে আমি সূৰ্যৰ ৰশ্মিৰ পৰা বিভিন্নধৰণৰ পাশ্বৰ্ক্ৰিয়া শুনিবলৈ পাওঁ যদিও ইয়াৰ কিছুমান ধনাত্মক ক্ৰিয়াও আমাৰ শৰীৰৰ বাবে পোৱা যায়৷ যেতিয়া আমাৰ শৰীৰত সূৰ্যৰ পোহৰ পৰে, তেতিয়াই আমি ভিটামিন ‘ডি’ লাভ কৰো আৰু এই ইউ ভি বি-ৰ ৰশ্মিয়ে শৰীৰৰ কোষবোৰত খুন্দা মৰাৰ ফলত ভিটামিন ‘ডি’ৰ বিপনন প্ৰক্ৰিয়া আৰম্ভ হয়৷ সূৰ্যৰ ৰশ্মিয়ে ছেৰটলিন নামৰ হ’ৰমন মস্তিষ্কৰ পৰা নিঃসৰিত কৰে, ইয়ে আমাৰ মগজুৰ কাৰ্যকলাপ সক্ৰিয় কৰি ৰখাত অৰিহণা যোগায়৷ সাধাৰণতে আমাৰ ছালখনত মেলালিন নামৰ এবিধ পদাৰ্থ থাকে আৰু মেলালিনে বিভিন্নধৰণৰ সমস্যাৰ পৰা ছালখনত সুৰক্ষিত কৰি ৰাখে৷ তাৰোপৰি সৌৰশক্তি তথা ছালৰ কৰ্কট ৰোগৰ পৰ আত্মৰক্ষা কৰে৷ শেহতীয়াকৈ এক গৱেষণা মতে ক”লা বৰণৰ লোকে ভিটামিন ‘ডি’ আহৰণ কৰিবৰ বাবে কিছু বেছি সময়ৰ প্ৰয়োজন হয়৷ ভিটামিন ‘ডি’ৰ অভাৱ হ’লে শৰীৰত প্ৰতিৰোধ ক্ষমতা কমি যায়৷ যাৰ ফলত হাড়ত বিষ, গাঁঠিৰ বিষ, চুলি সৰা লক্ষণে দেখা দিয়ে৷ ভিটামিন ‘ডি’ৰ অভাৱত গাঁঠিয়ে গাঁঠিয়ে যন্ত্ৰণা হ’ব পাৰে৷ ইয়াৰ বাবে চিকিৎসকৰ পৰামৰ্শ লৈ ভিটামিন ‘ডি’ চাপ্লিমেণ্ট খোৱাটো আৰম্ভ কৰিব পাৰে৷ নিয়মিতভাৱে সৌৰশক্তি ল’লে প্ৰাকৃতিকভাৱে ভিটামিন ‘ডি’ পাব পাৰি৷ প্ৰকৃততে নিয়মিত ১০ বা ২০ মিনিটৰ বাবে সূৰ্যৰ ৰশ্মি লোৱা উচিত৷ অৱশ্যে বেছিসময় লোৱাৰ ফলত আমাৰ বাবে বিপজ্জনকো হ’ব পাৰে৷ যেনে– চকুৰ দৃষ্টিশক্তি হ্ৰাস পোৱা, ষ্ট্ৰোক, ছালৰ কৰ্কট ৰোগ, চুলি সৰা, মূৰৰ বিষ, ছালজনিত ৰোগ ইত্যাদি৷ সেয়ে কিছুসময় লোৱাটো আমাৰ বাবে যিমান লাভদায়ক, ঠিক সেইদৰেই অতিমাত্ৰাই আমাৰ বাবে প্ৰাণ নাশকো হ’ব পাৰে৷ এতিয়া জানো আহক ভিটামিন ‘ডি’ৰ উপকাৰসমূহ–

🔷 ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি৷

🔷 টোপনি নিয়মীয়া৷

🔷 অৱসাদ আঁতৰায়৷

🔷 হাড় শক্তিশালী কৰে৷

🔷 ছালৰ সংক্ৰামক ৰোগ নিয়ন্ত্ৰণ কৰে৷

🔷 শ্বাস-প্ৰশ্বাসজনিত ৰোগ নিয়ন্ত্ৰণ৷