Logo
image

শীতৰ আগমন

এটা গ্ৰীষ্মৰ অন্তত পৃথিৱীলৈ নামি আহিছে শীত৷ শীতকাল মানেই সেমেকা বায়ুমণ্ডল, নিয়ৰ-কুঁৱলীৰে ঢাকি ৰখা পৃথিৱী, ঠাণ্ডা পানী, গৰম কাপোৰৰ পয়োভৰ, স্থবিৰ হৈ পৰা তাপ নিয়ন্ত্ৰিত এচি বা চিলিঙৰ পাংখাখন আদি৷ অতীতত কাতি মাহৰ আৰম্ভণিৰ [অক্টোবৰত] পৰা সেমেকা বতাহে জাননী দিছিল শীতৰ আগমনৰ৷ কিন্তু বিশ্বব্যাপি জলবায়ুৰ ব্যাপক প্ৰদূষণে সলনি কৰিছে শীতৰ মাত্ৰা৷ বৰ্তমান নৱেম্বৰতো দিনৰ ভাগত প্ৰয়োজন আছে ফেনখনৰ আৰু নিশা গৰম কাপোৰৰ প্ৰয়োজনীয়তা আজিও অনুভৱ নহয়৷

ঋতুৰ পৰিৱৰ্তনে অনা শীতৰ প্ৰয়োজনীয়তা আছে পৃথিৱীৰ কাৰণে৷ গ্ৰীষ্মৰ দৰে শীতৰ প্ৰভাৱত জীৱন প্ৰবাহিত হয় এই পৃথিৱীত৷ শীতকালতেই বৃক্ষই আহৰণ কৰে শক্তিৰ আৰু সঞ্চিত শক্তিয়ে বৃক্ষৰ শ্ৰীবৃদ্ধি কৰে গ্ৰীষ্মকালত৷ শীতৰ ভিত্তিতেই চলি আছে বিশ্বৰ বহুকেইটা অৰ্থনীতিৰ ক্ষেত্ৰ৷ খেলৰ সঁজুলি, গৰম কাপোৰৰ নিৰ্মাণ, বৈদ্যুতিক সৰঞ্জামৰ নিৰ্মাণ, কয়লাৰ ব্যৱসায় ক্ষেত্ৰসমূহৰ লগতে বহুতো অৰ্থনৈতিক ক্ষেত্ৰই মানৱক সহায় কৰে শীতৰ মোকাবিলা কৰাত৷ শীতকালত বৰফৰ দ্বাৰা আক্ৰান্ত হোৱা অষ্ট্ৰেলিয়া, কানাডা, আমেৰিকা  যুক্তৰাজ্য, ইউৰোপৰ প্ৰায়বোৰ মহাদেশতেই নাগৰিকৰ মাজত প্ৰয়োজন হোৱা খাদ্য-ঔষধ আদি বাসগৃহত যোগানৰ সুবিধা কৰে বহুতো ব্যক্তিগত খণ্ডৰ কোম্পানীয়ে৷ যাতায়াত ব্যৱস্থাত স্থবিৰতা অনা বৰফৰ মোকাবিলা কৰাত [পথৰ ওপৰৰ পৰা বৰফ আঁতৰোৱাৰ কাম] নিয়োজিত হৈ পৰে চৰকাৰী আৰু বে-চৰকাৰী প্ৰতিষ্ঠান বা কোম্পানীসমূহ৷

ভাৰতৰ নিচিনা এখন জনবহুল দেশত শীতৰ প্ৰভাৱৰ কথা দুটা দিশত বিশ্লেষণ কৰিব পাৰি– ধনাত্মক আৰু ঋণাত্মক৷ শীতৰ ধনাত্মক দিশবোৰ চাবলৈ গ’লে প্ৰথমেই বিবেচনা কৰিব পাৰি দেশত বানৰ স্থবিৰতা৷ প্ৰতিটো গ্ৰীষ্মকালতেই সমগ্ৰ দেশতেই বানৰ কবলত পৰি সা-সম্পত্তি হেৰুওৱা নাগৰিকে শীতকালতে পুনৰ নিৰ্মাণ কৰে হেৰুওৱা বা ক্ষতিগ্ৰস্ত সম্পত্তিৰ৷ চৰকাৰৰ কাৰণেও সীমিত শীতকালতেই সম্পন্ন কৰিব লাগে বানে গৰকা মথাউৰি আৰু পথসমূহ৷ জনজীৱনৰ কাৰণে প্ৰয়োজনীয় পথ আৰু যোগাযোগ ব্যৱস্থাৰ পুনৰ নিৰ্মাণৰ এই সময়ছোৱাত চৰকাৰী বিভাগসমূহৰ কাৰণে থাকে অনেক প্ৰত্যাহ্বান৷ শীতকালতেই ভাৰতত অনুষ্ঠিত হয় ক্ৰীড়াৰ অনেক মহাৰণ৷ ক্ৰিকেট, ফুটবল, ভলীবল, কাবাদী, মাৰাথন দৌৰ আদি অনেক ক্ৰীড়াৰ জনপ্ৰিয়তা উপলব্ধি কৰিব পাৰি শীতকালত৷ বিশ্বৰ লগতে ভাৰততো শীতকালতেই সৰৱ হৈ উঠে পৰ্যটন ক্ষেত্ৰখন৷ শীতৰ প্ৰকোপ চাবলৈ বহুতো নাগৰিকে ঢাপলি মেলে কাশ্মীৰ, লাডাখ, ছিকিম, শ্বিলং আৰু টাৱাং আদি অঞ্চললৈ৷ পৰ্যটন ক্ষেত্ৰত অসমক বিশ্বৰ বুকুত জিলিকাই ৰখাত কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্য, ওৰাং ৰাষ্ট্ৰীয় উদ্যান আদিলৈ আগমন ঘটে পৰ্যটকৰ৷ পৰ্যটনৰ লগত জড়িত হৈ জীৱন নিৰ্বাহ কৰা পৰ্যটন গাইড, যান-বাহন, হোটেল, ৰেস্তোৰাঁ আদিত কৰ্মৰত নাগৰিকে লাভ কৰে আয়ৰ পথ৷ শীতকালতেই সোণোৱালী হৈ পৰা পথাৰৰ পৰা ধান কাটি আনি চোতাল ভৰোৱা অসমীয়া কৃষক পৰিয়ালবোৰত আৰম্ভ হয় উথপ্‌থপ্‌ পৰিৱেশৰ৷ পথাৰৰ লখিমীক ভঁৰাললৈ আনিবলৈ গাঁৱৰ পুৰুষ-মহিলাই লোৱা কৰ্মৰ মাজত বিচাৰি পোৱা যায় অসমীয়াৰ প্ৰকৃত জীৱন৷ শীতকালত আৰম্ভ হোৱা অসমৰ গ্ৰন্থমেলাবোৰত ভিৰ কৰিবহি গ্ৰন্থ অনুৰাগীয়ে৷ প্ৰকাশ পাব বহুতো নতুন নতুন গ্ৰন্থ আৰু শুৱনি কৰিব কিতাপৰ আলমাৰিবোৰ৷

শীতৰ ধনাত্মক ফলাফলৰ বিপৰীতে থাকে অনেক ঋণাত্মক ফলাফল৷ সমাজৰ দাৰিদ্ৰ্য সীমাৰেখাৰ তলত বাস কৰা নাগৰিকসকলেই অধিক সমস্যাত পৰে শীতকালত৷ গৰম কাপোৰৰ অভাৱত নিশা জুইৰ কাষতে নিদ্ৰাদেৱীৰ কোলাত আশ্ৰয় লোৱা একাংশ দৰিদ্ৰ নাগৰিকৰ কাৰণে প্ৰয়োজনীয় কাপোৰ কিনাটো সক্ষমতাৰ বাহিৰত৷ এখন কম্বলৰ তলতেই সন্তানকেইটাক শুবলৈ দি পৰম তৃপ্তি পোৱা পিতৃ-মাতৃ আছে অসমৰ সমাজত৷ দিন-হাজিৰা কৰি পোৱা মজুৰিৰ এটা অংশ কেইদিনমান সাঁচি থৈ বজাৰৰ পৰা সন্তানলৈ এটা গৰম চোলা বা ছুৱেটাৰ কিনি অনাৰ আনন্দ কিমান তাক উপলব্ধি কৰিব পাৰে দৰিদ্ৰ শ্ৰমিক বা পিতৃ-মাতৃয়ে৷