Logo
image

বিৰাট অভিলেখেৰে ভাৰতৰ জয়

মুম্বাই, ১৬ নৱেম্বৰঃ বিশ্বকাপত অপ্ৰতিৰোধ্য যাত্ৰা অব্যাহত ৰাখি ফাইনেলত স্থান নিশ্চিত কৰিলে টীম ইণ্ডিয়াই৷ ৱাংখেড়ে ষ্টেডিয়ামত বুধবাৰৰ প্ৰথমখন ছেমিফাইনেলত ৰোহিত শৰ্মাৰ দলটোৱে নিউজীলেণ্ডক পৰাস্ত কৰে ৭০ ৰানত৷ উল্লেখ্য, ইংলেণ্ডত অনুষ্ঠিত যোৱাবাৰৰ বিশ্বকাপৰ ছেমিফাইনেলত নিউজীলেণ্ডৰ হাততে পৰাস্ত হৈ বিদায় লৈছিল ভাৰতে৷ বুধবাৰৰ খেলখনত ভাৰতৰ ইনিংছত দেখা গৈছিল কেইবাটাও অভিলেখ৷ মুখ্যতঃ সকলোৰে দৃষ্টি আছিল বিৰাট কোহলিৰ ওপৰত৷ ভাৰতত যাক কোৱা হয় ক্ৰিকেটৰ ঈশ্বৰ, তেওঁৰ সন্মুখতে বুধবাৰে ‘কিং’ বিৰাট কোহলিয়ে সম্পূৰ্ণ কৰে এদিনীয়া কেৰিয়াৰৰ ৫০সংখ্যক শতক৷ এই শতকটোৰে তেওঁ এদিনীয়া ক্ৰিকেটৰ সৰ্বাধিক শতকৰ অধিকাৰী হ’ল৷ কলকাতাৰ ইডেন গাৰ্ডেনত  ৩৬সংখ্যক জন্মদিনত ৪৯সংখ্যক শতক সম্পূৰ্ণ কৰি তেণ্ডুলকাৰৰ ৰেকৰ্ড স্পৰ্শ কৰিছিল কোহলিয়ে৷ বুধবাৰে কোহলিৰ লগতে অধিনায়ক ৰোহিত শৰ্মা, শ্ৰেয়স আয়াৰ, শুভমন গীলৰ আগ্ৰাসী বেটিঙৰ সহায়েৰে ভাৰতে ৪টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছিল ৩৯৭ ৰান, যিটোও হৈছে এটা অভিলেখ৷ কোহলিয়ে তেণ্ডুলকাৰৰ ৰেকৰ্ড ভংগ কৰাৰ দিনটোত দেখা গ’ল আন কেইবাটাও ৰেকৰ্ড৷  বুধবাৰৰ খেলখনত ব্যক্তিগত ৯২ ৰানত কোহলি হঠাৎ ভৰিৰ মাংসপেশীৰ আঘাতত ভুগিছিল৷ শুভমন গীলৰ দৰে তেৱোঁ খেলপথাৰ এৰিবলগীয়া হ’ব নেকি? স্বাভাৱিকতে সকলোৰে মনত সৃষ্টি হৈছিল এনে আশংকা৷ কিন্তু ফিজিঅ’ৰ চিকিৎসাৰ পাছত পুনৰ খেল  আৰম্ভ কৰি ১০৫টা বলত সম্পূৰ্ণ কৰে শতক, য’ত আছিল এটা ছিক্সাৰ  আৰু আঠটা বাউণ্ডেৰী৷ শতক সম্পূৰ্ণ কৰি এটা বিৰাট জাঁপেৰে তেওঁ প্ৰকাশ কৰিছিল নিজৰ উল্লাস৷ কোহলিয়ে এদিনীয়া কেৰিয়াৰৰ প্ৰথমটো শতকীয় ইনিংছ খেলিছিল শ্ৰীলংকাৰ বিৰুদ্ধে ২০০৯ চনত৷ তাৰ ২৭৯টা ইনিংছ পাছত তেওঁ খেলিলে এদিনীয়াৰ ৫০ সংখ্যক শতক৷ ইয়াক লৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁৰ শতকৰ সংখ্যা হ’লগৈ ৮০টা৷ এদিনীয়াৰ ৫০টা শতকৰ লগতে টেষ্ট আৰু টুৱেণ্টী২০ত তেওঁৰ নামত আছে ক্ৰমে ২৯ আৰু এটা শতক৷ কোহলি এদিনীয়া ক্ৰিকেটৰ সৰ্বাধিক শতকৰ অধিকাৰী হোৱা খেলখনত ভাৰতীয় ইনিংছত দেখা গৈছিল আন কেইবাটাও ৰেকৰ্ড৷