Logo
image

দ্বিতীয় ছেমিফাইনেলত আজি অষ্ট্ৰেলিয়াৰ সন্মুখত দঃ আফ্ৰিকা

কলকাতা, ১৬ নৱেম্বৰঃ ৫০ অভাৰৰ বিশ্বকাপ ক্ৰিকেটত ৯বাৰ ভাগ লৈ চাৰিবাৰ ছেমিফাইনেলত পৰাস্ত হৈছে দক্ষিণ আফ্ৰিকা৷ ১৯৯৮ চনৰ চেম্পিয়নছ ট্ৰফীৰ বাহিৰে দলটোৱে এতিয়ালৈকে কোনো আগশাৰীৰ টুৰ্নামেণ্টো জয় কৰিব পৰা নাই৷  সেয়েহে বিশ্ব ক্ৰিকেট ‘চ’কাৰ্ছ’ আখ্যা দিয়া হয় দক্ষিণ আফ্ৰিকাক৷ দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটৰ বাবে এই শব্দটো অভিশাপ হিচাপেই গণ্য কৰা হয়৷ সেয়েহে টেম্বা বাভুমা নেতৃত্বাধীন দলটোৱে এই অভিশাপৰ পৰা মুক্ত হোৱাৰ আন এক সুযোগ পাইছে৷ চলিত বিশ্বকাপ ক্ৰিকেটৰ দ্বিতীয়খন ছেমিফাইনেলত বৃহস্পতিবাৰে স্থানীয় ইডেন গাৰ্ডেনত পাঁচবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব দক্ষিণ আফ্ৰিকাই৷ বিশ্বকাপৰ বিগত ছটা ছীজনৰ চাৰিবাৰেই অষ্ট্ৰেলিয়া চেম্পিয়ন হৈছে৷ এইবাৰৰ বিশ্বকাপৰ লীগ পৰ্যায়ত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত হোৱাৰ পাছত সঠিক সময়ত ছন্দ ঘূৰাই পাইছে অষ্ট্ৰেলিয়াই আৰু ক্ৰমাগত সাতখন খেলত জয় সাব্যস্ত কৰিছে৷ আফগানিস্তানৰ বিৰুদ্ধে ৯১ ৰানতে সাতটা উইকেট হেৰুওৱাৰ পাছত অবিশ্বাস্য ইনিংছেৰে একক প্ৰচেষ্টাৰে অষ্ট্ৰেলিয়াক জয়ী কৰোৱা গ্লেন মেক্সৱেলে আঘাতৰ বাবে লীগৰ অন্তিমখন খেলত খেলিব পৰা নাছিল৷ কিন্তু মাৰ্কাছ ষ্টইনিছৰ স্থানত কাইলৈ তেওঁক মূলক একাদশত দেখা যাব৷ পাকিস্তান আৰু নেডাৰলেণ্ডছৰ বিৰুদ্ধে ক্ৰমাগত খেলত শতকীয় ইনিংছ খেলা ডেভিড ৱাৰ্নাৰ আৰু নিউজীলেণ্ডৰ বিৰুদ্ধে শতক অৰ্জন কৰা ট্ৰেভিছ হেড যিকোনো দলৰ বাবে বিপজ্জনক হৈ উঠিব পাৰে৷ তেওঁলোকৰ উপৰি এতিয়ালৈকে ৪২৬ ৰান সংগ্ৰহ কৰা মিচেল মাশ্বৰ্ৰ উপস্থিতিয়ে অষ্ট্ৰেলিয়াৰ বেটিং যথেষ্ট শক্তিশালী কৰিছে৷

ইপিনে, কলকাতাতে ভাৰতৰ বিৰুদ্ধে ৮৩ ৰানতে সকলো উইকেট হেৰুওৱা আৰু নেডাৰলেণ্ডছৰ বিৰদ্ধে অপ্ৰত্যাশিত পৰাজয়ৰ বাহিৰে এইবাৰৰ বিশ্বকাপত দক্ষিণ আফ্ৰিকাৰ প্ৰদৰ্শন যথেষ্ট সন্তোষজনক৷ দলটোৰ শীৰ্ষৰ ছজন বেটাৰৰ চাৰিজনে শতকীয় ইনিংছ খেলিছে৷ উইকেটকীপাৰ কুইণ্টন ডে ককে এতিয়ালৈকে সংগ্ৰহ কৰিছে ৫৯১ ৰান৷ বেটিং ক্ৰমৰ তিনি নম্বৰ স্থানত ৰেছি ভান ডাৰ ডুছেনে ৫৫.২৫ গড়েৰে ৰান সংগ্ৰহ কৰিছে৷ ৰেছি ভান ডাৰ ডুছেন, হেনৰিচ ক্লাছেন আৰু এইডেন মাৰ্কৰামো বিপক্ষৰ বলাৰৰ বাবে মূৰৰ কামোৰণি হৈ উঠিব পাৰে৷ লীগৰ খেলত দক্ষিণ আফ্ৰিকাই ছবাৰ তিনিশতকৈ অধিক ৰান সংগ্ৰহ কৰিছে৷ শ্ৰীলংকাৰ বিৰুদ্ধে দলটোৱে পাঁচ উইকেটত সংগ্ৰহ কৰিছিল অভিলেখ ৪২৮ ৰান৷ বলিঙত মাৰ্কো জেনছেন আশানুৰূপ প্ৰদৰ্শন দেখুওৱাত সক্ষম হৈছে৷ এতিয়ালৈকে তেওঁ দখল কৰিছে ১৭টা উইকেট৷ তেওঁৰ লগতে আছে লুঙি এনগিডি আৰু কেগিছো ৰাবাডা৷ স্পিন বিভাগত কেশৱ মহাৰাজ আৰু টাবৰাইজ ছামছিৰ অষ্ট্ৰেলিয়াৰ বেটাৰক সমস্যাত পেলোৱাৰ সামৰ্থ্য আছে৷