Logo
image

‘মূৰ্খৰ চৰ্দাৰ’ কোন? মধ্যপ্ৰদেশ ছত্তীশগড়ৰ প্ৰচাৰত বাক্‌যুদ্ধ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৬ নৱেম্বৰঃ মধ্য প্ৰদেশ আৰু ছত্তীশগড়ত ক্ষমতা দখলৰ লক্ষ্যত বিজেপি ইমানেই আগ্ৰাসী হৈ পৰিছে যে, দলৰ শীৰ্ষস্থানীয় নেতাই বিৰোধী দলৰ নেতাক অশোভনীয় শব্দৰে উপৰ্যুপৰি আক্ৰমণ কৰিছে৷ অহা শুকুৰবাৰে মধ্য প্ৰদেশ বিধানসভাৰ ২৩০খন আসনত এটা পৰ্যায়ত ভোট গ্ৰহণ হ’ব আৰু একেদিনাই ছত্তীশগড়ত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হ’ব৷ তাৰ পূৰ্বে আজি বুধবাৰে দুয়োখন ৰাজ্যতে অতি তিক্ততাপূৰ্ণ নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিছে৷ মধ্য প্ৰদেশত নিৰ্বাচনী সভাত নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ পদমৰ্যাদা পাহৰি যি অশালীন শব্দৰে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীক আক্ৰমণ কৰিছে, সেয়া শুনি প্ৰশ্ন উঠিছে– নিৰ্বাচন আয়োগ মোদী আৰু বিজেপিৰ প্ৰতি ইমান ভীতসন্ত্ৰস্ত কিয়? মঙলবাৰে মধ্য প্ৰদেশত ইখনৰ পাছত সিখনকৈ মোদীয়ে চাৰিখন নিৰ্বাচনী সভাত ভাগ লৈছিল৷ তাৰ এখন সভাত প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক মূৰ্খৰ চৰ্দাৰ বুলি আক্ৰমণ কৰে৷ ৰাহুল গান্ধীয়ে সোমবাৰে মধ্য প্ৰদেশৰ নিৰ্বাচনী সভাত কৈছিল যে, সম্প্ৰতি  দেশৰ জনতাৰ হাতত চীনত তৈয়াৰী ম’বাইল ফোন বেছিকৈ দেখা যায়৷ কংগ্ৰেছৰ ইচ্ছা, মধ্য প্ৰদেশত দলে ক্ষমতা লাভ কৰিলে এটা ম’বাইল কাৰখানা স্থাপন কৰিব, য’ত স্থানীয় যুৱক-যুৱতীয়ে সংস্থাপন পাব৷ তেতিয়া দেশৰ নাগৰিকে চীনা ম’বাইল দলিয়াই দি মধ্য প্ৰদেশত নিৰ্মিত ম’বাইল ব্যৱহাৰ কৰিব৷ শত্ৰু চীনৰ বিৰুদ্ধে যে মোদী চৰকাৰে বাণিজ্যিক দিশত কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ ল’ব পৰা নাই, ৰাহুলৰ বক্তব্যত তাৰ প্ৰছন্ন ইংগিত আছিল৷ সেয়ে প্ৰধানমন্ত্ৰী মোদী খঙত জ্বলিপকি উঠি ৰাহুল গান্ধীক মূৰ্খৰ চৰ্দাৰ বুলি অভিহিত কৰে৷ অৱশ্যে মোদীয়ে ৰাহুল গান্ধীৰ নাম লোৱা নাছিল৷ মোদীয়ে কৈছিল– কংগ্ৰেছৰ এজন মহাজ্ঞানী নেতা আছে, যি দেশৰ কোনো কৃতিত্বই নেদেখে৷ আৰে মূৰ্খৰ চৰ্দাৰ, তুমি ক’ত বাস কৰা? কংগ্ৰেছৰ এই নেতাজনৰ মুৰৰ বিকৃতি ঘটিছে, যি দেশবাসীৰ সাফল্যক স্বীকৃতি নিদিলে৷ তেওঁ ওপৰেৰে উৰি ফুৰে বাবে তলত থকা দৰিদ্ৰক দেখা নাপায়৷ 

প্ৰধানমন্ত্ৰী মোদীৰ এই অশোভনীয় মন্তব্যক লৈ নিৰ্বাচন আয়োগে কাটি কূটাই নকৰিলে৷ ধাৰণা কৰা হৈছিল, নাম উচ্চাৰণ নকৰিলেও মোদীয়ে ৰাহুল গান্ধীৰ প্ৰতি ব্যৱহাৰ কৰা এই শব্দৰ বাবে নিৰ্বাচনী আয়োগে প্ৰধানমন্ত্ৰীৰ পৰা স্পষ্টীকৰণ বিচাৰিব৷ পিছে ভীতসন্ত্ৰস্ত নিৰ্বাচন আয়োগে তেনে কোনো পদক্ষেপ নল’লে৷ অথচ তাতকৈ সাধাৰণ মন্তব্য আৰু সাধাৰণ অভিযোগ উত্থাপন কৰা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী আৰু আম আদমী পাৰ্টী তথা অৰবিন্দ কেজৰিৱালক নিৰ্বাচন আয়োগে জবাবদিহি কৰিছে৷ প্ৰিয়ংকা গান্ধীয়ে মধ্য প্ৰদেশৰ এখন নিৰ্বাচনী সভাত ‘ভেল’ অৰ্থাৎ ‘ভাৰত হেভী ইলেক্ট্ৰিকেল লিমিটেড’  প্ৰধানমন্ত্ৰীয়ে তেওঁৰ বন্ধুৰ হাতত তুলি দিয়া বুলি অভিযোগ কৰিছিল৷ নিৰ্বাচন আয়োগে কাল বিলম্ব নকৰি সেই মন্তব্য প্ৰধানমন্ত্ৰীৰ প্ৰতি অসন্মানজনক বুলি কৈ প্ৰিয়ংকা গান্ধীক জবাবদিহি কৰিছে৷ তেওঁক সেই মন্তব্যৰ বাবে বৃহস্পতিবাৰৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিছে৷ একেদৰে আপ আৰু অৰবিন্দ কেজৰিৱালকো মোদীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰা বুলি নিৰ্বাচন আয়োগে কৈফিয়ৎ বিচাৰিছে৷ নিৰ্বাচন আয়োগে এনে জাননী প্ৰেৰণ কৰি বিৰোধী নেতা-নেত্ৰীক নিৰ্বাচনী প্ৰচাৰত ৰক্ষণাত্মক হ’বলৈ বাধ্য কৰিছে৷ আনহাতে, প্ৰধানমন্ত্ৰী বা বিজেপিৰ নেতাক মুখত যি আহে তাকে ক’বলৈ অলিখিত অনুমতি প্ৰদান কৰিছে৷ উল্লেখ্য, ছত্তীশগড়ৰ নিৰ্বাচনী সভাত বুধবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো বহু আপত্তিজনক মন্তব্য কৰে৷ সেয়ে তেওঁ কয়,  মোল্লা বনাবলৈ চৰকাৰে মাদ্ৰাছাক টকা নিদিয়ে৷ তেওঁ নিজ ৰাজ্যত ৭০০ খন মাদ্ৰাছা ভাঙি পেলাইছে৷ ভাৰতত বাবৰ আৰু ঔৰংগজেবৰ নীতি নচলিব৷ ভাৰতত থাকিবলৈ হ’লে ৰামৰ আদৰ্শ মতে চলিব লাগিব৷ হিমন্ত বিশ্ব শৰ্মাৰ এই অতি সাম্প্ৰদায়িক মন্তব্যৰ ক্ষেত্ৰতো নিৰ্বাচন আয়োগ এতিয়ালৈ নীৰৱ৷ সেয়ে এনে পক্ষপাতিত্বমূলক কাম-কাজ দেখি প্ৰশ্ন উঠিছে– প্ৰকৃততে মূৰ্খৰ চৰ্দাৰ কোন?