জিলমিল শাকে ওজন কমায়, চুলিৰ উজ্জ্বলতাও বঢ়ায়
শীত অহাৰ লগে লগে বজাৰত উভৈনদী হৈ পৰিছে বিভিন্ন শাক-পাচলি৷ ইয়াৰ মাজত পোৱা এবিধ অন্যতম সোৱাদযুক্ত শাক হৈছে জিলমিল৷ জিলমিল শাকত থকা বিভিন্ন উপকাৰী গুণৰ বাবে ইয়াক ছুপাৰ ফুড বুলিও কোৱা হয়৷ এইবিধ শাকে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে দেহত শক্তি বঢ়ায়৷ জিলমিল শাকত প্ৰচুৰ পৰিমাণে ফাইবাৰ, ভিটামিন, কেলছিয়াম, মেগনেছিয়াম থাকে৷ যিসকলে ডায়েটিং কৰে তেওঁলোকৰ বাবে জিলমিল শাক অতি উপকাৰী৷ পুষ্টি বিশেষজ্ঞ অৱনী কৌলে জিলমিল শাক কি কাৰণত খাব লাগে সেই বিষয়ে পৰামৰ্শ আগবঢ়াইছে–
🔷 বদহজমৰ সমস্যা থাকিলে জিলমিল শাক খাব পাৰে৷ এইবিধ শাকত প্ৰচুৰ পৰিমাণে পানী থাকে৷ ই খাদ্য হজম হোৱাত সহায় কৰাৰ লগতে কোষ্ঠকাঠিন্যৰ সমস্যা আঁতৰায়৷
🔷 জিলমিল শাকত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে৷ কিন্তু ইয়াত কেল’ৰিৰ মাত্ৰা কম৷ এইবিধ শাক খালে বাৰে বাৰে ভোক লগাৰ সমস্যা নাইকিয়া হয়৷ ওজন কমোৱাৰ ক্ষেত্ৰতো জিলমিল শাকে সহায় কৰে৷
🔷 তেজ পৰিষ্কাৰ কৰাতো জিলমিল শাক কাৰ্যকৰী৷
🔷 জিলমিল শাকত থকা এমিন’এছিড আৰু মাইক্ৰ’নিউট্ৰিয়েণ্ট নামৰ উপাদানে ডায়েবেটিছৰ লগতে বিভিন্ন শাৰীৰিক সমস্যা নিৰাময় কৰে৷
🔷 চুলিৰ যতন লোৱাৰ ক্ষেত্ৰতো জিলমিল শাক উপকাৰী৷ ইয়াত থকা প্ৰ’টিন, ভিটামিন আৰু খনিজ উপাদানসমূহে চুলি সৰা বন্ধ কৰে৷ জিলমিল শাক খালে চুলিৰ গুৰি মজবুত হোৱাৰ লগতে উজ্জ্বলতা বাঢ়ে৷