Logo
image

৫০০ টকাত ৰন্ধন গেছ, সুৰাৰ বিৰুদ্ধে জেহাদ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ নৱেম্বৰঃ অসমৰ ১ কোটি ৩০ লাখ জনতাই ৯৫০ টকাত ৰন্ধন গেছ ক্ৰয় কৰি থকাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছত্তীশগড়ত নিৰ্বাচনী সভাত প্ৰতিশ্ৰুতি দিছে ৫০০ টকাত ৰন্ধন গেছ দিম বুলি? ছত্তীশগড়ত মুখ্যমন্ত্ৰী শৰ্মাই ঘোষণা কৰিছে– বিজেপি শাসনলৈ আহিলে ছত্তীশগড়বাসীয়ে ৫০০ টকাত পাব ৰন্ধন গেছ৷ ছত্তীশগড়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৫০০ টকাত ৰন্ধন গেছে দিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অসমৰ চুকে কোনে৷ সকলোৱে প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই– যদি ছত্তীশগড়ত ৫০০ টকাত ৰন্ধন গেছ দিব পাৰে অসমৰ মানুহে ৯৫০ টকাত ৰন্ধন গেছ কিনিব লাগে কিয়? কিয় বৰ্ধিত দামৰ বাবে জনতাই ৰন্ধন গেছৰ চিলিণ্ডাৰ সজাই থৈছে ড্ৰয়িং ৰূম অথবা চ’ৰা ঘৰত? ছত্তীশগড়ত মুখ্যমন্ত্ৰী শৰ্মাই সুৰাৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি দিয়ে৷ চিকিৎসাৰ নামত চৰকাৰে প্ৰতিটো দুখীয়া পৰিয়ালক বছৰি ১০ লাখ টকা দিয়া হ’ব বুলি ঘোষণা কৰাৰ উপৰি ছত্তীশগড়ত সুৰা নিষিদ্ধ নকৰা বাবে বৰ্তমানৰ ছত্তীশগড়ৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰক কঠোৰ সমালোচনা কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই৷ তেওঁ কয় ছত্তীশগড়ত সুৰা নিষিদ্ধ কৰিব নোৱাৰাটো কংগ্ৰেছৰ ব্যৰ্থতা৷ ছত্তীশগড়ত সুৰা নিষিদ্ধ নকৰা বাবে যিজন মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰক সমালোচনা কৰিছে সেইজন মুখ্যমন্ত্ৰীয়ে শাসন কৰা ৰাজ্য অসমত কিয় নিতৌ খোল খাইছে ইখনৰ পাছত সিখন সুৰাৰ বিপনি তাক লৈ প্ৰশ্ন কৰিছে অসমৰ জনগণে৷ দীপাৱলীৰ দুদিনত গুৱাহাটীত বিক্ৰী হৈছে ৬ কোটি টকাৰো অধিক সুৰা৷ সেইখন গুৱাহাটীৰ পৰা গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছত্তীশগড়ত সুৰা নিষিদ্ধ নকৰা বাবে ছত্তীশগড় চৰকাৰক সমালোচনা কৰে৷ ছত্তীশগড়ত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ সুৰা নিষিদ্ধ কৰাত বিফল বুলি সৰৱ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ অসম চৰকাৰৰ তথ্য অনুসৰি ৰাজ্যত বৰ্তমানে আছে ৩০৬৪ খন সুৰাৰ বিপণী৷ ইয়াৰ ভিতৰত ১৬৮৪ খন বিলাতী সুৰাৰ বিপণী, ৮৯৬ খন বাৰ আৰু ৪৮৬ খন দেশীয় সুৰাৰ দোকান৷ তাৰ পাছতো সেইজন মুখ্যমন্ত্ৰীয়ে ছত্তীশগড়ত সুৰা নিষিদ্ধ কৰাৰ প্ৰসংগ উত্থাপন কৰা, ৫০০ টকাত ৰন্ধন গেছ প্ৰদানৰ প্ৰতিশ্ৰুতি কৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ সৰ্বস্তৰৰ লোকে ইয়াক হাস্যকৰ বুলি কটাক্ষ কৰিছে৷ ইয়াকে লৈ গৰম হৈ পৰিছে নেট দুনিয়াও৷