Logo
image

গণতান্ত্ৰিক মূল্যবোধ

বিগত আঢ়ৈ মাহ ধৰি কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা নতুন তিনিখন কৃষি আইনৰ বিৰোধিতা কৰি দিল্লীত কৃষকে আন্দোলন কৰি আছে৷ কৃষকবিৰোধী তিনিওখন আইন বাতিল কৰাৰ দাবীত আন্দোলন কৰা কৃষকসকলৰ আন্দোলনটোক দুৰ্বল কৰাৰ বিভিন্ন চেষ্টা কৰিও সফল নোহোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে আন্দোলনজীৱীসকলক প্ৰকৃততে ‘পৰজীৱী’ বুলি আখ্যা দিছে৷ প্ৰধানমন্ত্ৰীয়ে কৈছে যে এতিয়া এটা নতুন প্ৰৱণতা আহিছে– আন্দোলনজীৱী৷ এই আন্দোলনজীৱীসকলেই দেশৰ অগ্ৰগতিৰ পথত প্ৰধান বাধা হৈ থিয় দিছে৷ এই আন্দোলনজীৱীসকল হৈছে দেশৰ পৰজীৱী৷ এই পৰজীৱীসকলক দলিয়াই দিব লাগিব৷ প্ৰশ্ন হ’ল– গণতান্ত্ৰিক দেশ এখনত ৰাইজৰ ভোট লাভ কৰি নিৰ্বাচিত চৰকাৰে যদি ৰাইজৰ হিতৰ পৰিপন্থী ব্যৱস্থা গ্ৰহণ কৰে, তেন্তে ৰাইজে তাৰ প্ৰতিবাদ কৰিব নালাগে নেকি? শাসকৰ ভুল শুধৰাই দিয়াটো  ৰাইজৰ দায়িত্ব৷ চৰকাৰে ৰাইজৰ আৱেদন নুশুনিলে অহিংস পন্থাৰে আন্দোলন কৰি জনসাধাৰণে তেওঁলোকৰ দাবী শুনিবলৈ চৰকাৰক বাধ্য কৰায়৷ কিন্তু চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰি আন্দোলন কৰিলে এতিয়া দেশত আন্দোলনকাৰীক বিভিন্ন গোচৰত অভিযুক্ত কৰি কাৰাগাৰৰ বন্ধ কুঠৰীত সুমুৱাই ৰখাৰহে চেষ্টা কৰে৷ ‘কা’ বিৰোধিতা কৰি আন্দোলন কৰাৰ বাবে অখিল গগৈ আজি এবছৰতকৈও অধিক দিন কাৰাগাৰত আবদ্ধ হৈ আছে৷ এয়াই নেকি জনপ্ৰতিনিধিৰ গণতান্ত্ৰিক মূল্যবোধ? আন্দোলনকাৰীক পৰজীৱী আখ্যা দিয়াৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে গণতান্ত্ৰিক মূল্যবোধ আৰু দ্বিপাক্ষিক সহযোগিতাৰ বিষয়ে ফোনযোগে আলোচনা কৰে৷ উল্লেখ্য, ভাৰত চৰকাৰে প্ৰণয়ন কৰা নতুন কৃষি আইন তিনিখন বাতিলৰ দাবীত কৃষকে কৰা আন্দোলনে আন্তৰ্জাতিক পৰ্যায়তো সৰৱ চৰ্চা হৈছে৷ আনকি বাইডেন প্ৰশাসনৰ বিদেশ মন্ত্ৰণালয়েও বিষয়টো সন্দৰ্ভত সৰৱ হোৱা দেখা গৈছে৷ বাইডেনে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সহযোগিতাৰ কথা কোৱাৰ লগতে গণতন্ত্ৰক ৰক্ষা কৰাৰ বিষয়ে আলোচনা হৈছে৷ আলোচনাকালত ক’ভিড মহামাৰীৰ মোকাবিলা কৰাত সহযোগিতা আগবঢ়োৱা, পৰিৱেশ সুৰক্ষাৰ অংশীদাৰিত্ব গঢ়ি তোলা, আন্তৰ্জাতিক সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ কৰা আৰু বিশ্ব অৰ্থনীতিক সবল কৰিবলৈ সহযোগিতা আগবঢ়োৱা আদি বিষয়ত দুয়ো দেশৰ ৰাষ্ট্ৰপ্ৰধানে আলোচনা কৰে৷ লগতে বাইডেনে কৈছে যে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্কৰ মূল শক্তি হ’ল গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি মান্যতা৷ অৰ্থাৎ প্ৰকাৰান্তৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ভাৰতৰ প্ৰধানমন্ত্ৰীক গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি মান্যতা দিয়াৰ বিষয়টো সোঁৱৰাই দিয়ে৷ অৱশ্যে, মোদীৰ টুইটত জো বাইডেনৰ সৈতে হোৱা আলোচনাৰ বিষয়ে উল্লেখ কৰিলেও গণতান্ত্ৰিক মান্যতা সন্দৰ্ভত বিশেষ একো উল্লেখ কৰা নাই৷ গণতান্ত্ৰিক শাসন ব্যৱস্থাত জনপ্ৰতিনিধিৰ ভুল, দোষ দেখুৱাই দি সঠিক সিদ্ধান্ত লোৱাত সহায় কৰাত ৰাইজে ভূমিকা গ্ৰহণ কৰে৷ ৰাইজৰ বৃহত্তৰ স্বাৰ্থৰ পৰিপন্থী কাম যদি চৰকাৰ তথা প্ৰশাসনে কৰে, তেন্তে তাৰ বিৰোধিতা গণতান্ত্ৰিক ব্যৱস্থাৰে কৰিলে যদি পৰজীৱী হয়, দেশৰ প্ৰগতিৰ ক্ষেত্ৰত হেঙাৰ হয়, তেন্তে দেশত গণতান্ত্ৰিক মূল্যবোধৰ মান্যতা থাকিলনে?