Logo
image

ফাইনেলৰ পূৰ্বে ভাৰতীয় বায়ু সেনাৰ বিশেষ প্ৰদৰ্শন

আহমেদাবাদ, ১৮  নৱেম্বৰঃ দেওবাৰে সামৰণি পৰিব বিশ্বকাপ ক্ৰিকেট৷ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত খিতাপৰ যুঁজত অৱতীৰ্ণ হ’ব পাঁচবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়া আৰু ভাৰত৷ এক লাখ ৩২ হাজাৰ দৰ্শকৰ ক্ষমতা থকা নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ফাইনেল খেলখন আৰম্ভ হোৱাৰ পূৰ্বে আয়োজন কৰা হ’ব এক বিশেষ অনুষ্ঠানৰ৷ শুকুৰবাৰে সেই অনুষ্ঠানৰ  আখৰা  অনুষ্ঠিত হয়৷ ভাৰতীয় বিমান বাহিনীৰ বিশেষ দল ‘সূৰ্যকিৰণ’-এ দেওবাৰে  প্ৰদৰ্শন কৰিব বিশেষ কৌশল৷ শুকুৰবাৰে চলিছিল তাৰেই আখৰা আৰু তাৰ ভিডিঅ’ পোষ্ট কৰিছে বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্ছ সংস্থা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলে৷ গুজৰাট ক্ৰিকেট সন্থাই জনোৱা মতে, দেওবাৰৰ ফাইনেলৰ পূৰ্বে ‘সূৰ্যকিৰণ’ৰ দহ মিনিটৰ এক বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে৷ আকাশত কেতবোৰ বিশেষ আকৃতি তৈয়াৰ কৰাত পাৰদৰ্শী বিমান বাহিনীৰ এই ‘সূৰ্যকিৰণ’ বাহিনী৷ দেওবাৰে নৰেন্দ্ৰ মোদী ষ্টেডিয়মৰ ওপৰত এই বাহিনীয়ে কি চমক দেখুৱায়  তাক লৈ এতিয়া চলিছে জল্পনা-কল্পনা৷