Logo
image

জিমত গৈয়ো ওজন কমা নাই?পাকঘৰত এই নিয়ম কৰক

হৃদৰোগ, উচ্ছ ৰক্তচাপ আদিৰ বাবে চিকিৎসকে প্ৰায়েই দেহৰ অতিৰিক্ত ওজনক দোষাৰোপ কৰে৷ কৰ্মব্যস্ত জীৱনশৈলীৰ বাবে যেতিয়া খাদ্য গ্ৰহণৰ কোনো নিৰ্দিষ্ট সময় নাথাকে বা সময় পালেই বাহিৰৰ খাদ্য গ্ৰহণ কৰা, নিতৌ সুৰাপানৰ অভ্যাস আদিৰ বাবে দেহৰ ওজন নিয়ন্ত্ৰণ কৰি ৰখাটো সম্ভৱপৰ হৈ নুঠে৷ এনে অৱস্থাত শৰীৰচৰ্চা কৰাৰ লগতে অনিয়ন্ত্ৰিত খাদ্যাভ্যাস এৰিব লগীয়া হয়৷ কিন্তু ইয়াৰ পাছতো যদি অতিৰিক্ত ওজন নকমে তেন্তে পাকঘৰৰ নিয়ম সলনি কৰক৷ উল্লেখ কৰা হ’ল তেনে কেইটামান নিয়ম–

⬛ ফ্ৰীজত প্ৰক্ৰিয়াজাত খাদ্য ভৰাই নাৰাখিব৷ তৰমুজ, তিঁয়হ, ষ্ট্ৰবেৰী জাতীয় ফলৰ উপৰি পাচলি সৰু সৰুকৈ কাটি টেমাত ভৰাই ৰাখক৷ ভোক লাগিলেই ফল খাওক৷ বন্ধৰ দিনত পাচলি বেছিকৈ কাটি ফ্ৰীজত ৰাখক৷ ৰন্ধন কাৰ্যত সেউজীয়া পাচলি  বেছিকৈ ব্যৱহাৰ কৰক৷

⬛ পাকঘৰত সাধাৰণ বাটিৰ সলনি এনেধৰণৰ কাপ বা চামুচ ৰখা কৰক যাৰ জৰিয়তে জোখ অনুসৰিহে বস্তু ল’ব পৰা যায়৷  ইয়াৰ জৰিয়তে খাদ্যৰ পৰিমাণ নিয়ন্ত্ৰণত থাকিব৷ পুষ্টি বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি খাদ্য গ্ৰহণ কৰক৷ তেল আৰু ভাতৰ পৰিমাণৰ ওপৰত দৃষ্টি ৰাখক৷

⬛ ওজন কমাবলৈ হ’লে ডায়েটত বেছিকৈ পাচলি ৰাখিব লাগিব৷ প্ৰতিবাৰ খোৱাৰ সময়ত বাটি ভৰাই চালাড খোৱা কৰক৷ চালাডে পেটভৰ্তি কৰি ৰখাৰ লগতে অতি বেছি কাৰ্বহাইড্ৰেট যেনে ভাত-ৰুটি খোৱাৰ প্ৰতি আগ্ৰহ কমাই আনে৷ বাৰে বাৰে চালাড প্ৰস্তুত কৰাটো যিহেতু সম্ভৱ নহয়, সেয়ে চালাড বেছিকৈ বনাই ফ্ৰীজত ৰাখক৷ খাদ্য খোৱাৰ পূৰ্বেই অলপ পৰিমাণৰ চালাড খোৱা কৰক৷ অৱশ্যে চালাড প্ৰস্তুতৰ সময়ত মেয়’নিজ, চালাড ড্ৰেছিং বা চচ্‌ ব্যৱহাৰ নকৰিব৷ ইয়াৰ সলনি সামান্য পৰিমাণৰ নেমু, জালুকৰ গুড়ি ব্যৱহাৰ কৰক৷ 

⬛ ফ্ৰীজত ছডা, কুকিজ, আইছক্ৰিমৰ দৰে বেছি কেল’ৰিযুক্ত খাদ্য নাৰাখিব৷

⬛ খাদ্যবস্তু লোৱাৰ সময়ত কাঁহিভৰ্তি কৰি লোৱাটো প্ৰায়ভাগৰে অভ্যাস৷ পাকঘৰৰ পৰা ডাঙৰ কাঁহি বা ডিছ আঁতৰাই তাৰ সলনি সৰু সৰু প্লেট ৰখা কৰক৷ এনে কৰিলে খাদ্যৰ পৰিমাণ কমি আহিব৷ ফলত ওজন কমোৱাটো সহজ হৈ পৰিব৷