উক্তি-বক্ৰোক্তি
◾ ইজৰাইলে দাবী কৰিছে, তেওঁলোকে ধাৰাষাৰ বোমা বিস্ফোৰণ
ঘটাই আৰু স্থলভাগেৰে আক্ৰমণ কৰি হামাছক একেবাৰে নিঃশেষ
কৰি দিব৷ সেই উদ্দেশ্যে গাজাত অসংখ্য সেনাৰো সমাৱেশ
ঘটাইছে ইজৰাইলে৷ আক্ৰমণ চলি আছে৷ কিন্তু হামাছক
একেবাৰে শেষ কৰি পেলাব বুলি কৰা ঘোষণাত মোৰ সন্দেহ
আছে৷ হয়তো ইজৰাইলে হামাছক শেষ কৰি পেলাব নোৱাৰিব৷
– জৰ্ডানৰ বৈদেশিক মন্ত্ৰী আইমান ছাফাডি
◾ অসমীয়া ভাষাৰ ডাঙৰ ক্ষতি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
এখনৰ পাছত আনখন অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ কৰি দিছে
হিমন্ত বিশ্ব চৰকাৰে৷
– কংগ্ৰেছ সাংসদ আব্দুল খালেক
◾ ললিত মোদীৰ সৈতে মোৰ যি সম্পৰ্ক স্থাপন হৈছিল, সেয়া
জীৱনৰ এটা অধ্যায়৷ তাকে লৈ মিম তৈয়াৰ হ’ল৷ দেখি মোৰো
ভাল লাগিল৷ কিন্তু সকলোৱে ভবাৰ দৰে সেই সম্পৰ্ক তেনে
নহয়৷ তেওঁৰ সৈতে মোৰ বিবাহৰ কোনো কথাই উঠা নাছিল৷ মই
যিকোনো ব্যক্তিকে মনে বিচাৰিলে বিয়া কৰিব পাৰোঁ৷
– প্ৰাক্তন মিছ ইউনিভাৰ্ছ সুস্মিতা সেন
◾ হিমন্ত বিশ্ব শৰ্মাই ইছলামধৰ্মী ভাৰতীয় লোকসকলক যিধৰণে
অপমান কৰিছে, ভাৰতীয় ইছলামধৰ্মী লোকসকলৰ প্ৰতি তেওঁৰ
যি বিদ্বেষ, সেয়া গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হৈ মুখ্যমন্ত্ৰীৰ আসনত
বহি থকা ব্যক্তিৰ বাবে অশোভনীয়৷
– প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা
◾ প্ৰথমে দলত স্থান নোপোৱাটো মহম্মদ ছামিৰ বাবে কেৰিয়াৰৰ
কঠিন সময় আছিল৷ তেওঁ তেতিয়াও মহম্মদ ছিৰাজক দিহা-
পৰামৰ্শ দি সহায় কৰি আছিল৷ দলত তেতিয়া তেওঁৰ ভূমিকা কি
আছিল সেয়া আমি বুজাই দিছিলোঁ৷ এতিয়া তেওঁৰ কি ভূমিকা
সেয়া সকলোৱে বুজি পাইছে৷ তেওঁৰ প্ৰদৰ্শন আৰু বিগত মেচত
লাভ কৰা ফলাফলেই সকলো কথা কৈছে৷
– টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মা
◾ বদৰুদ্দিন আজমলৰ নিজৰে সন্মান নাই৷ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তেওঁ
মানহানিৰ গোচৰ কেনেকৈ কৰিব? পইচা থাকিল বুলিয়েই
মানহানিৰ গোচৰ তৰি লাভ নাই৷
– মন্ত্ৰী পীয়ূষ হাজৰিকা
◾ যি দেশৰ মাটিত খেল হয় তেওঁলোকে কিছু সুবিধা পায়৷
দেখিছোঁ, আহমেদাবাদৰ ফাইনেলখনো পূৰণা পিটচতে হ’ব৷ মই
পিটচ কেনে হ’ব সেয়া দেখিয়েই বুজি নাপাওঁ৷ কিন্তু এতিয়া
পিটচখন কঠিন যেন লাগিছে৷ তেওঁলোকে কেৱল পানী ঢালিছে৷
আৰু ২৪ ঘণ্টা পাৰ নহ’লে পিটচৰ সন্দৰ্ভত একো ভৱিষ্যৎবাণী
কৰিব নোৱাৰোঁ৷
– অষ্টেলিয়াৰ অধিনায়ক পেট কামিন্স






