Logo
image

নিজকে প্ৰশংসা কৰি ট্ৰ’লৰ সন্মুখীন অভিনেত্ৰী কংগনা

মেৰিল ষ্টিপৰ সৈতে তুলনা কৰিলে বলীউড কুইনে

আমাৰ অসম, ১১ ফেব্ৰুৱাৰীঃ প্ৰতিদিনেই একাধিক বিস্ফোৰক মন্তব্য কৰি ছ’চিয়েল মিডিয়াত চৰ্চাত থাকে অভিনেত্ৰী কংগনা৷ মঙলবাৰে নিজকে ‘নাৰ্চিচাচ’ৰ দৰে প্ৰশাংসা কৰি ব্যাপক ট্ৰ’লৰ সন্মুখীন হয় বলীউডৰ ‘কুইন’ খ্যাত কংগনা ৰাণাৱট৷ অভিনেত্ৰীগৰাকীয়ে দেওবাৰে নিজৰ টুইটাৰত আগন্তুক দুখন ছবি ‘ধাকড়’ আৰু ‘থালাইভি’ৰ নতুন লুক শ্বেয়াৰ কৰি তেওঁ লিখিলে যে ‘দুনিয়াৰ সকলো অভিনেত্ৰীতকৈ তেওঁৰ খিতাপ বেছি৷’ তেওঁ আনকি নিজকে বিশ্বখ্যাত অভিনেত্ৰী মেৰিল ষ্টিপ, গাল গ্যাডোটেৰ সৈতেও তুলনা কৰিলে৷ তেওঁ চেলেঞ্চ কৰি লিখিলে যে এই দুনিয়াত তেওঁৰ সমান চৰিত্ৰ ৰূপায়ন কৰা শিল্পী নাই আৰু তেওঁৰ সমান গুণমান, শিল্পীমনৰ পৰিচয়ৰ শিল্পী নাই৷ মেৰিল ষ্টিপৰ দৰে কিংবদন্তি অভিনেত্ৰীৰ সৈতে কংগনাই নিজকে তুলনা কৰা দেখি একাংশৰ হজম নহ’ল৷ ব্যাপকভাৱে ছ’চিয়েল মিডিয়াত ট্ৰ’লৰ সন্মুখীন হ’ল কংগণা৷ বলীউডৰ ‘কণ্টোভাৰ্ছি কুইন’ আখ্যা দি কংগনাক মংগলগ্ৰহৰ অভিনেত্ৰী বুলি ট্ৰ’ল কৰিলে৷ কোনোৱে ক’লে– যি নিজকে প্ৰশংসা কৰে, সি নিজেই নিজৰ ঢোল বজায়৷