এক জটিল সন্ধিক্ষণত আছুৰ অধিৱেশন
সম্ভৱতঃ দেশৰ সকলো ছাত্ৰ সংগঠনৰ ভিতৰত সদৌ অসম ছাত্ৰ সন্থা বা ‘আছু’ বহুচৰ্চিত আৰু গুৰুত্ব থকা ছাত্ৰ সংগঠনসমূহৰ অন্যতম৷ তুলনামূলকভাৱে অসম ভাৰতৰ বহু ৰাজ্যৰ তুলনাত সৰু হ’লেও ‘আছু’ৱে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এনে এক স্থিতি লাভ কৰাৰ অন্তৰালত আছু অসমৰ সামাজিক-ৰাজনৈতিক ইতিহাসৰ বহু গুৰুত্বপূৰ্ণ অধ্যায়ৰ সৃষ্টিত সংগঠনটোৰ বিশেষ ভূমিকা লৈছে৷ ভাষা আন্দোলন, শোধনাগাৰ আন্দোলন, বিশ্ব কঁপোৱা বিদেশী বহিষ্কাৰ আন্দোলনৰ পৰা ‘কা’ আন্দোলনলৈকে আছুৱে বিশেষতঃ ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা লোকসকলক জড়িত কৰি সময়ে সময়ে গণ আন্দোলনৰ পটভূমি তৈয়াৰ কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাক অস্বীকাৰ কৰিব নোৱাৰি৷ বহু জাতি-জনগোষ্ঠী, বিভিন্ন ধৰ্মাৱলম্বী তথা বহুভাষিক লোকে বসবাস কৰা ৰাজ্যখনৰ স্থানভেদে সমস্যাসমূহৰ প্ৰকৃতিত ভিন্নতা থকাটো স্বাভাৱিক৷ কিন্তু সংগঠনটোৱে এনে বহু দিশ থকাৰ সত্ত্বেও জন্মকালৰে পৰা বিশেষতঃ থলুৱা-খিলঞ্জীয়াৰ মূল সমস্যাসমূহৰ লগতে জাতীয় স্বাৰ্থজড়িত বিষয়সমূহৰ ক্ষেত্ৰতো সৰৱ হোৱাৰ লগতে সময়ে সময়ে আন্দোলনৰ পদক্ষেপ গ্ৰহণ কৰি বহু লোকৰ আস্থাভাজনো হৈছিল৷ ভাষা আন্দোলন, খাদ্য আন্দোলন, শোধনাগাৰ আন্দোলন আদিত ছাত্ৰ সন্থাই লোৱা ভূমিকাৰ বাবে ’৭৯ত অসমত আৰম্ভ হোৱা বিদেশী বহিষ্কাৰ আন্দোলনত ব্ৰহ্মপুত্ৰ উপত্যকাৰ এলেকাসমূহত জাতি-বৰ্ণ নিৰ্বিশেষে শিক্ষাৰ্থী, যুৱক-যুৱতীৰ পৰা আৱাল-বৃদ্ধ-বণিতা সকলো জপিয়াই পৰিছিল৷ তথ্যমতে এই গণ আন্দোলনত ৮৫৫জন শ্বহীদ হোৱাৰ লগতে হাজাৰ-বিজাৰ লোক আঘাতপ্ৰাপ্ত হৈ চিৰজীৱনৰ বাবে ঘূণীয়া হৈছিল, লক্ষ-লক্ষ টকাৰ সা-সম্পত্তি নষ্ট হৈছিল আৰু অসমত সেই সময়ত অধ্যয়নৰত প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে মহামূল্যৱান এটা শিক্ষাবৰ্ষ লোকচান কৰিছিল৷ উল্লেখ্য বিদেশী বহিষ্কাৰ আন্দোলনৰ সময়ছোৱাতে অসমত সংঘটিত নেলীৰ গণহত্যাকে ধৰি আন কেইবাটাও গণহত্যা, ভাষিক সংঘাত-সংঘৰ্ষকে ধৰি সৃষ্টি হোৱা পৰিৱেশ-পৰিস্থিতিৰ কম্পনাংকসমূহ আজিও মাৰ যোৱা নাই৷ বৰঞ্চ সেইবোৰৰ আঁত ধৰি নতুন নতুন কেতবোৰ সমস্যা, প্ৰত্যাহ্বানে ফ্ৰেংকেনষ্টাইনৰ ৰূপত অৱতীৰ্ণ হৈছে৷ ১৯৭৯ চনত আৰম্ভ হৈ ১৯৮৫ চনত বহু চৰ্চিত ‘অসম চুক্তি’ৰে শেষ হোৱা গণ আন্দোলনটো শেষ হোৱা ৩৮ বছৰ হৈ গ’ল৷ ৩৮ বছৰ পূৰ্বে আন্দোলনটোৰ নেতৃত্ব দিয়া, অংশগ্ৰহণকাৰীসকলৰ বহুজনৰ বৰ্তমান মৃত্যু হ’ল, বহুজনে সেই সময়ত আন্দোলনৰ প্ৰডাক্টৰূপে সৃষ্টি হৈ চৰকাৰ গঠন কৰা অগপ দলৰ নেতৃত্ব লৈ মন্ত্ৰী-নেতা হৈ থাকিল আৰু কিছুৱে কংগ্ৰেছ, বিজেপি আদি দলসমূহত স্থান নিগাজী কৰি মুখ্যমন্ত্ৰিত্বৰ পৰা সকলো স্থানতে নিজক গজগজীয়া কৰি তুলিলে৷ লক্ষণীয়ভাৱে যিটো মূল দাবীক লৈ যিটো গণ আন্দোলন কৰা হৈছিল সেয়া নেতৃত্ব লোৱাসকলে মন্ত্ৰিত্বৰ গাদী লাভৰ পাছতো কেৱল আস্ফালনৰ বাদে একো কৰিব নোৱাৰিলে আৰু আছুৱেও বিগত ৩৮ বছৰে অসম চুক্তি কাৰ্যকৰী কৰাৰ বাবে বিভিন্ন আলোচনা, ধৰ্মঘটক লৈয়ে সময় অতিবাহিত কৰিলে৷ সম্প্ৰতি আছুত থকা গৰিষ্ঠসংখ্যক নেতা-সদস্য পুৰণি দিনৰ সেই কথাবোৰ সম্পৰ্কে কিমান জ্ঞাত সেয়া প্ৰশ্নৰ বিষয়৷ অসম চুক্তিৰ ছয় নং দফাৰ কাৰ্যকৰীকৰণক লৈ বিগত সময়ছোৱাত প্ৰাক্তন ন্যায়াধীশৰ নেতৃত্বত গঠন হোৱা কমিটীয়ে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শুনানিৰ ব্যৱস্থা গ্ৰহণ কৰি এক বৃহৎ আয়োজন কৰিলে যদিও চৰকাৰে কমিটীৰ প্ৰতিবেদনক সম্পূৰ্ণ নস্যাৎ কৰি ইয়াৰ মুদা মাৰিলে৷ বিদেশী বহিষ্কাৰ আন্দোলনৰ পাছত এন আৰ চি, ‘কা’ আন্দোলনৰ ভেকোভাওনা আদিৰ পাছত এতিয়া কোনো প্ৰশ্নৰো সদুত্তৰ নাই৷ ইফালে আছুৰ বিদেশী বহিষ্কাৰৰ আন্দোলনৰ পাছত অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীয়ে আছুৰ পদাংক অনুসৰণ কৰিয়েই নিজা নিজা ছাত্ৰ সংগঠন আৰু অন্যান্য সংগঠন সৃষ্টি কৰিলে যদিও প্ৰতিটো ৰাজনৈতিক দলৰ নিজা ভাৱাদৰ্শ, স্বাৰ্থ কাৰ্যকৰী কৰা দিশটোৱে অধিক অগ্ৰাধিকাৰ পোৱাৰ বাবে প্ৰায় সকলো জাতি-জনগোষ্ঠীৰ নিজা সমস্যা সমাধানৰ পৰিৱৰ্তে সংগঠনসমূহক ৰাজনৈতিক মুনাফা অৰ্জনৰহে কেন্দ্ৰ ৰূপে ব্যৱহাৰ কৰা পৰিলক্ষিত হ’ল৷ তাৎপৰ্যপূৰ্ণভাৱে সাম্প্ৰতিক শাসনাধিষ্ঠিত বিজেপি দলৰ চৰকাৰ অতি আগ্ৰাসী ৰূপত অৱতীৰ্ণ হৈ নিজে বিচৰা ধৰণে দলীয় আদৰ্শ অনুসৰি সকলো দিশ নিৰূপণ কৰাৰ বাবে বদ্ধপৰিকৰ হোৱাত আছুকে ধৰি অধিকাংশ জাতীয় সংগঠন বুলি দাবী কৰা সংগঠনসমূহৰ স্থিতি পূৰ্বৰ দৰে সৱল হৈ থকা নাই৷ তেনে এক জটিল সন্ধিক্ষণত আছুৱে মৰিগাঁও অধিৱেশনৰ সময়ছোৱাত বয়স্ক নেতাক ৰখা-নৰখাক লৈ বিতৰ্কৰ সূত্ৰপাত ঘটাব নে ৰাজ্যৰ খিলঞ্জীয়া-থলুৱাৰ সুৰক্ষাকে ধৰি জাতীয় অস্তিত্ব, পৰিচয় বিপন্ন হোৱাৰ বিষয়সমূহ নিৰ্মোহ আলোচনা কৰিব সেয়া লক্ষণীয় হ’ব৷ বহু প্ৰতিকূলতা, প্ৰত্যাহ্বানৰ সময়ত আছু বিভিন্ন বিষয়ত সমালোচিত হ’লেও আছুৰ অস্তিত্বক উলাই কৰিব নোৱাৰি৷ সংগঠনটোৰ সকলো নেতা-কৰ্মীয়ে এই দিশবোৰ বিবেচনা কৰি অগ্ৰসৰ নহ’লে সংগঠনটোৰ ভাবমূৰ্তি অধিক অৱনমিত হ’ব৷






