Logo
image

অসমত নিবনুৱা ১৭ লাখলৈ বৃদ্ধি

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২০ নৱেম্বৰঃ বিজেপি মিত্ৰজোঁটৰ চৰকাৰে এক লাখ চৰকাৰী চাকৰিত নিযুক্তিয়ে চমক সৃষ্টি কৰিলেও অসমত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা  উদ্বেগজনক হাৰত বৃদ্ধি পাইছে৷ আপুনি শুনিলে আচৰিত যেন লাগিলেও ৰাজ্যৰ নিবনুৱাৰ সংখ্যাই ১৭ লাখৰ ঘৰ স্পৰ্শ কৰাৰ দিশে আগবাঢ়িছে৷ ৰাজ্যিক নিয়োগ বিনিময় পৰ্টেলৰ তথ্য অনুসৰি বৰ্তমানত অসমত পঞ্জীয়নভুক্ত  নিবনুৱাৰ সংখ্যা হৈছে ১৬ লাখ ৮১ হাজাৰ ৭৭৭ জন৷ ইয়াৰ ভিতৰত পুৰুষ নিবনুৱাৰ সংখ্যা হৈছে ১০ লাখ ৩০ হাজাৰ ৬৯৮ জন৷ পঞ্জীয়নভুক্ত মহিলা নিবনুৱাৰ সংখ্যা হৈছে ৬ লাখ ৭৭ হাজাৰ ৭৬৯ গৰাকী৷ অৱশ্যে  নিয়োগ পৰ্টেলত তৃতীয় লিংগৰ ৩০৯ জন নিবনুৱাই নাম পঞ্জীয়ন কৰিছে৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে বিগত বৰ্ষত ৰাজ্য চৰকাৰৰ ৩৪ হাজাৰ নিযুক্তিৰ বিজ্ঞাপনৰ সময়ত অসমত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা আছিল প্ৰায় ৯ লাখ৷ কিন্তু বৰ্তমান পঞ্জীয়নভুক্ত নিবনুৱাৰ হাৰ ইয়াৰ প্ৰায় দুগুণলৈ বৃদ্ধি পালে৷ চৰকাৰী চাকৰিৰ আবেদনৰ ক্ষেত্ৰত অনলাইন পঞ্জীয়ন বাধ্যতামূলক কৰাৰ পৰিপ্ৰেক্ষিততেই নিয়োগ পৰ্টেলত পঞ্জীয়নৰ বাবে লাখ লাখ নিবনুৱাই আগবাঢ়ি অহা দেখা গৈছে৷ চৰকাৰী নিয়োগ পৰ্টেলত প্ৰায় ১৭ লাখ নিবনুৱাই নাম পঞ্জীয়ন কৰা কাৰ্যই উন্মোচন কৰিছে ৰাজ্যত চাকৰি সন্ধানকাৰীৰ ভয়াৱহ ছবিখন৷ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এক লাখ নিবনুৱাক চৰকাৰী দিয়া বুলি ঢাক-ঢোল বজাই আহিলেও আজিও যেন ৰাজ্যত ১৬-১৭ লাখ নিবনুৱাই এটা চাকৰিৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷ আনহাতে, চৰকাৰে ৰ লাখ  চাকৰিত নিযুক্তি দিয়া বুলি প্ৰচাৰ চলালেও বাস্তৱত ইয়াৰ সংখ্যা ৬০-৭০ হাজাৰতে সীমাবদ্ধ হৈ পৰিছে৷ কিয়নো বৃহৎ সংখ্যাক প্ৰাৰ্থীয়ে একে সময়তে ২-৩ টা চাকৰিত বাছনি লাভ কৰাও দেখা গৈছিল৷ ফলত এটা পদত যোগদান কৰাত বাকী পদকেইটা পুনৰ খালী হৈ থাকে৷ আনহাতে, বহুতে আকৌ এটা পদত যোগদানৰ পাছত পুনৰ পদত্যাগ কৰি নতুন চাকৰিত যোগদান কৰাও পৰিলক্ষিত হৈছে৷ চৰকাৰে নিবনুৱাক সংস্থাপনৰ বাবে বাস্তৱ পদক্ষেপ গ্ৰহণ নকৰিলে অচিৰেই যে একাংশ নিবনুৱাই জীয়াই থকাৰ তাড়নাত সহজ ধন ঘটাৰ বাবে অসৎ পথ বাছি ল’ব তাৰ পূৰ্ণ আশংকাই দেখা দিছে৷