Logo
image

উপঢৌকনৰ ৰাজনীতিৰ অন্ত কেতিয়া

২০১৬ চনত বিজেপিয়ে অসমত ক্ষমতালৈ আহিবলৈ মুঠ ৪৭৬টা প্ৰতিশ্ৰুতি দিছিল৷ এটা দলে প্ৰতিশ্ৰুতি দিয়া সহজ, কিন্তু সেই প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ লাগিব শাসকীয় দল বা চৰকাৰৰ অসীম আত্মশক্তি আৰু জনগণৰ প্ৰতি অসীম দায়বদ্ধ মনোভাব৷ এখন স্বাধীন দেশত ৪৭৬টা সমস্যা চিনাক্ত কৰাটোৱেই দেশৰ ৰাইজৰ বাবে চৰম বিড.ম্বনা, তাতোকৈ বিড.ম্বনা পালন কৰিম বুলি নকৰাৰ যি প্ৰৱণতা সেইটো৷ আনহাতে, দল এটাই নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতিৰ কিমান পূৰণ কৰিলে, সেই কথাক বিজ্ঞানসন্মতভাৱে পৰীক্ষা কৰাটো দূৰৰ কথা, ৰাইজে শাসকীয় দলৰ জাকজমকীয়া প্ৰচাৰত পূবৰ্ৰ সকলো কথা পাহৰি পুনৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আগবাঢ়িছে৷ কিন্তু এইবাৰ ২০১৬ত শাসকীয় বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতিৰ কিমান অংশ পূৰণ হ’ল, তাক জনগণৰ সন্মুখত উন্মোচিত কৰিলে কাৰাৰুদ্ধ নেতা অখিল গগৈয়ে৷ বিগত ১৫ মাহ জে’লত বন্দী হৈ থকা গগৈয়ে কিতাপ সম্পাদনা কৰি দেখুৱাই দিছে যে বিজেপিয়ে দিয়া ৪৭৬টা প্ৰতিশ্ৰুতিৰ মাত্ৰ ৫টাহে সম্পূৰ্ণ কৰিছে৷ এই সম্পূৰ্ণ হোৱা প্ৰতিশ্ৰুতিকেইটা যদি লক্ষ্য কৰা যায়, তেতিয়াহ’লে দেখা যায় কেন্দ্ৰীয় ৰে’ল মন্ত্ৰণালয়ৰ সহযোগিতাত বগীবিল দলংখন নিৰ্মাণ সম্পূৰ্ণ কৰা৷ কংগ্ৰেছৰ দিনৰ পৰা প্ৰায় কুৰি বছৰ নিৰ্মাণ চলি থকা দলংখন সম্পূৰ্ণ কৰাৰ কৃতিত্ব বিজেপিয়ে ল’লে৷ দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্তৰত বিনামূলীয়া শিক্ষা প্ৰদান৷ শংকৰদেৱ সংঘৰ দ্বাৰা পৰিচালিত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ বাবে ১০ কোটি টকাৰ এককালীন সাহায্য প্ৰদান কৰা৷ কেন্দ্ৰীয় চৰকাৰৰ আৰ্হিত অসমত সামগ্ৰী আৰু সেৱা ব্যৱস্থা [জি এছ টি] গঢ়ি তোলা৷ এই কামটো কিন্তু চৰকাৰখনে ক্ষিপ্ৰতাৰে কৰিলে আৰু ভাৰতৰ সকলো ৰাজ্যতকৈ আগত এই কৰ ব্যৱস্থাত সোমাই প্ৰথম হোৱাৰ গৌৰৱ ল’লে৷ কিন্তু যি নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী থাকোঁতে জি এছ টিৰ বিৰোধিতা কৰিছিল, সেইজন লোকে চমক সৃষ্টি কৰি নিশা ১২ বজাত এক দেশ এক কৰ ব্যৱস্থা কৰি দেশলৈ জি এছ টি আনিলে আৰু অসম চৰকাৰে লৰালৰিকৈ জি এছ টি প্ৰৱৰ্তন কৰিছিল যদিও এতিয়া কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ অংশবোৰ ঘূৰাই দিয়াত যি গাফিলতি কৰিছে, তাৰ বাবে এতিয়া আনৰ কথা বাদ দিলে এইক্ষেত্ৰত প্ৰথম হোৱা অসমেই কৰৰ ধন নাপাই তেল আৰু মদত অতিৰিক্ত কৰ বহুৱাই, ধাৰ লৈ ৰাজ্য চলাব লগা হৈছে৷ বিজেপিয়ে দিয়া গৰিষ্ঠসংখ্যক প্ৰতিশ্ৰুতিৰ ক্ষেত্ৰত বিফল হোৱাৰ অভিযোগ ৰাজহুৱাকৈ তোলাৰ পাছতো কোনো সদুত্তৰ দিব পৰা নাই৷ এতিয়া যিহেতু নিৰ্বাচন সমাগত, সেয়ে কেৱল  প্ৰলোভন আৰু উপঢৌকনৰ ৰাজনীতিত লিপ্ত হোৱা দেখা গৈছে৷ শাসনৰ চাৰিটা বছৰত কেৱল হিন্দু-মুছলমানৰ ৰাজনীতিত ব্যস্ত থকা বিজেপিয়ে শেষৰ ছমাহত যিদৰে অন্নপূৰ্ণা, স্বয়ম আঁচনিৰ ঘোষণা কৰিছে, চাৰি বছৰ বন্ধ হৈ থকা শিক্ষাৰ্থীৰ স্কুটী আঁচনি দিছে, ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতীৰ পৰা বৃদ্ধলৈকে ধনৰ ভাণ্ডাৰ এনেদৰে খুলি দিছে যে ‘নাগৰিকত্ব সংশোধনী আইন’ৰ বিৰুদ্ধে হোৱা জনজাগৰণ এতিয়া যেন সকলোৱেই পাহৰি গৈছে৷ আনহাতে, ব্ৰহ্মপুত্ৰ খনন, এক্সপ্ৰেছ হাইৱে’ৰ দৰে অভিলাষী আঁচনিৰ কথা ঘোষণা কৰা অসম বিজেপিৰ কথা যে ভুৱা, সেই কথা কেন্দ্ৰীয় মন্ত্ৰীয়েই ইতিমধ্যে স্পষ্ট কৰিছে৷ এখন চৰকাৰৰ পৰা জনগণে বিচাৰে– খাদ্য-বস্ত্ৰ-বাসস্থানৰ নিশ্চিত নিৰাপত্তা আৰু স্বাস্থ্য-শিক্ষা-খোৱাপানী, বিদ্যুৎ, যোগাযোগৰ দৰে জনগণৰ মৌলিক সমস্যাবোৰ সমাধান কৰা৷ কিন্তু বিজেপি চৰকাৰে স্বাস্থ্যৰ ক্ষেত্ৰত দিয়া কোনো প্ৰতিশ্ৰুতি পূৰণ নকৰিলে৷ কেৱল চিকিৎসা মহাবিদ্যালয় খুলিলে, কিন্তু তাত থাকিবলগীয়া মৌলিক গাঁথনিৰ চূড়ান্ত অভাৱ৷ ডাক্তৰ-নাৰ্ছৰ পৰা ঔষধলৈকে অভাৱ হোৱাত জনগণে চিকিৎসাৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে৷ শিক্ষাৰ ক্ষেত্ৰতো গুণোৎসৱৰ নামত শিক্ষানুষ্ঠান বন্ধৰ কৌশল ল’লে, ৰাইজে প্ৰতিষ্ঠা কৰা বিদ্যালয়ৰ পদ প্ৰাদেশিকীকৰণৰ নামত বিদ্যালয় বন্ধ কৰাৰ ব্যৱস্থা কৰিছে৷ এফালে ৮৩০ টকা দি ৰাইজক প্ৰলোভন দিছে, আনফালে ৬০ টকীয়া মিঠাতেল ১৬০ টকা কৰিছে, লোহা-চিমেণ্ট আদিৰ কথা নকওঁ, কিন্তু দাইল-আলুপিঁয়াজ এতিয়া গাঁৱৰ মানুহে নাখায় বুলিয়েই বিজেপিয়ে নিশ্চয় ধাৰণা কৰিছে৷ কিন্তু প্ৰলোভনে বেছিদিন জনগণক অন্ধ কৰি ৰখা সম্ভৱ নহয়৷ ৰাজনৈতিক দলবোৰে সঁচা অৰ্থত ৰাইজৰ কাম কৰক আৰু প্ৰলোভন বাদ দি প্ৰতিশ্ৰুতি পূৰণত গুৰুত্ব দিয়ক৷