Logo
image

দৈৰ সৈতে ভুলতো এইবোৰ নাখাব

দৈ স্বাস্থ্যৰ বাবে উপকাৰী৷ দৈয়ে পাচন শক্তিৰ লগতে শৰীৰৰ ৰোগ-প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ দৈত কেলছিয়াম থকাৰ বাবে হাড় শক্তিশালী হয়৷ দৈ ভিটামিন বি-২, ভিটামিন বি-১২, মেগনেছিয়াম, পটাছিয়াম আৰু প্ৰ’টিনসমৃদ্ধ৷ যাৰ বাবে দৈক ছুপাৰ ফুডৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হয়৷ এই বাবে দৈ দৈনিক খাবলৈ পৰামৰ্শ দিয়া হয়৷ কিন্তু স্বাস্থ্যৰ বাবে উপকাৰী হ’লেও দৈৰ সৈতে কিছুমান খাদ্য খালে শৰীৰৰ ক্ষতি হয়৷ উল্লেখ কৰা হ’ল কোনবোৰ খাদ্য দৈৰ সৈতে খোৱা অনুচিত–

🔷 গুড়ঃ দৈৰ সৈতে বহুতৰে চেনিৰ সলনি গুড় খোৱা অভ্যাস৷ দৈৰ সৈতে গুড় খালে চৰ্দি-কাহ আৰু জ্বৰত আক্ৰান্ত হোৱাৰ আশংকা থাকে৷ তদুপৰি দৈয়ে ওজন বৃদ্ধিত সহায় কৰে৷ সেই বাবে পৰাপক্ষত দৈৰ সৈতে গুড় নোখোৱাটোৱেই ভাল৷ 

🔷 পিঁয়াজঃ গৰমৰ দিনত সোৱাদ বৃদ্ধিৰ বাবে বহুতেই দৈত পিঁয়াজ যোগ দিয়ে৷ কিন্তু ই স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক৷ দৈ আৰু পিঁয়াজ  একেলগে খালে এলাৰ্জি হোৱাৰ আশংকা থাকে৷ তদুপৰি গেছ বা এচিডিটিৰ লগতে কেতিয়াবা বমিও হ’ব পাৰে৷

🔷 গাখীৰঃ দৈৰ সৈতে একে সময়তে গাখীৰ খালে পেটৰ সমস্যাত ভুগিব পাৰে৷ বিশেষজ্ঞসকলৰ মতে দৈ আৰু গৰম গাখীৰ একেলগে খালে ডায়েৰিয়া, পেটৰ বিষ, বদহজমৰ দৰে সমস্যা হ’ব পাৰে৷ 

🔷 আমঃ  আম আৰু দৈ একেলগে মিহলাই খাব নালাগে৷ গ্ৰীষ্মকালত আমৰ লাচি খাবলৈ ভাল যদিও ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷ এনেদৰে খালে বদহজম, এচিডিটিৰ সমস্যাত ভুগিব পাৰে৷ তদুপৰি ই শৰীৰত বিষাক্ত পদাৰ্থৰ বৃদ্ধি কৰে৷ 

🔷 মাছঃ দৈ আৰু মাছ একেলগে খোৱা উচিত নহয়৷ এই দুয়োটাতে প্ৰ’টিন উপলব্ধ৷ দৈৰ সৈতে মাছ খালে স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰে৷ যাৰ বাবে বদহজমৰ দৰে সমস্যাত ভুগিব পাৰে৷ সেয়েহে দৈৰ সৈতে এনেবোৰ দ্ৰব্য খোৱাৰ পৰা বিৰত থাকিব লাগে৷ 

🔷 ৰহৰ দাইলঃ দৈৰ সৈতে ৰহৰ দাইল খালে এচিডিটিত ভুগিব পাৰে৷ সেয়েহে দৈ আৰু ৰহৰ দাইল একেলগে নাখাব৷