খোৱা-শোৱাৰ ওপৰত নিৰ্ভৰ কৰে হৃদৰোগ- ষ্ট্ৰ’কৰ আশংকা
সম্প্ৰতি খাদ্যাভাস আৰু মানুহৰ জীৱন-যাপনৰ পদ্ধতি পৰিৱৰ্তনৰ লগে লগে বহুধৰণৰ ৰোগৰ আশংকাও বৃদ্ধি পাইছে৷ খোৱা-শোৱাৰ ওপৰত নিৰ্ভৰ কৰে হূদৰোগ- ষ্ট্ৰ’কৰ আশংকা৷ বিশেষকৈ হাৰ্টএটেক আৰু ষ্ট্ৰ’কৰ সমস্যা দিনকদিনে বাঢ়িছে৷ বহু নাৰী-পুৰুষ কম বয়সতে হাৰ্টএটেকৰ কাৰণে আকস্মিকভাৱে মৃত্যুৰ চিকাৰ হয়৷ সেয়ে এই ক্ষেত্ৰত নিজে সজাগ আৰু সচেতন হোৱাটো অতি প্ৰয়োজন৷ নিজকে যত্ন ল’বলৈ শিকক আৰু শৃংখলাবদ্ধ জীৱন-যাপন কৰিবলৈ চেষ্টা কৰক৷
🔷পেটৰ মেদ বাঢ়িবলৈ নিদিব৷ সাধাৰণতে আমাৰ দেশত পুৰুষৰ ক্ষেত্ৰত সঠিক পেটৰ মাপ হ’ল ৯০ ছেণ্টিমিটাৰ আৰু নাৰীৰ ৮০ ছেণ্টিমিটাৰ৷ ইয়াতকৈ অধিক হ’লে সমস্যা বাঢ়ে৷ উচ্ছতা অনুসৰি ওজন সঠিক ৰাখক৷ ঘৰতে ব্যায়াম-যোগ কৰি পেটৰ মেদ কমাবলৈ চেষ্টা কৰক৷
🔷যিমানেই ব্যস্ত নহওক প্ৰতিদিনে ২৫-৩০ মিনিট সময় খোজকঢ়া, ব্যায়াম, সাঁতোৰা, জগিং, চাইকেল চলোৱা বা খেলা-ধূলা কৰা অভ্যাস গঢ়ি তোলক৷ ইয়াৰ বাহিৰেও যথাসম্ভৱ কায়িক শ্ৰম কৰক, নিকটৱৰ্তী দূৰত্বলৈ যাওঁতে খোজ কাঢ়ক, লিফ্ট ব্যৱহাৰ নকৰি চিড়িৰে খোজকাঢ়ি যাওক, সন্তানৰ সৈতে খেলা-ধূলা কৰক, ঘৰুৱা কাম-কাজত সহায় কৰক৷ তদুপৰি অফিচৰ পৰা ঘৰলৈ আহিয়েই টিভি বা কম্পিউটাৰ লৈ বহাটো পৰিহাৰ কৰক৷
🔷ৰাতি ৬ ঘণ্টাতকৈ কম শোৱা অভ্যাস কৰিলে হূদৰোগ আৰু ষ্ট্ৰ’কৰ সমস্যা বৃদ্ধি পায়৷ সাধাৰণতে ৭-৮ ঘণ্টা শুব লাগে৷ এক গৱেষণাৰ দ্বাৰা গৱেষকসকলে সতৰ্ক কৰি দিছে যে ৬ ঘণ্টাতকৈ কম শোৱা অভ্যাস কৰিলে তেওঁলোকৰ কাৰ্ডিঅ’ভাস্কুলাৰ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে৷
🔷কমকৈ শোৱা অভ্যাসৰ বাবে অৰ্থেৰো¸ক্লেৰোছিছৰ সমস্যা বাঢ়ে আৰু ধমনী সৰু আৰু কঠিন কৰি দিয়ে৷ আমেৰিকান কলেজ অৱ কাৰ্ডিঅ’লজি জাৰ্নালত এই তথ্য প্ৰকাশ পাইছে৷
🔷স্পেইনৰ ৪ হাজাৰ বেংক কৰ্মীৰ ওপৰত এক সমীক্ষা চলোৱা হৈছিল৷ সমীক্ষাটোত অংশগ্ৰহণকাৰীসকলৰ বয়স আছিল গড় হিচাপত ৪৬ বছৰ৷ গৱেষণাৰ দ্বাৰা কোৱা হৈছে যে ঔষধ ব্যৱহাৰতকৈ শোৱাৰ অভ্যাস সঠিক ৰাখিলে হূদৰোগৰ আশংকা কমে৷