Logo
image

এই ৫টা কাৰণতো পেটৰ চৰ্বি বাঢ়িব পাৰে

পেটত মেদ জমা হ’লে বিভিন্নধৰণৰ শাৰীৰিক সমস্যাৰ সৃষ্টি হয়৷ বিশেষকৈ অতিৰিক্ত চৰ্বিয়ে হূদযন্ত্ৰৰ অসুখ, ডায়বেটিছ, ৰক্তচাপজনিত সমস্যাৰ সৃষ্টি কৰে৷ সেইবাবে পেটত চৰ্বিৰ পৰিমাণ বাঢ়িলে বিশেষভাৱে সতৰ্ক হোৱা উচিত৷ বিশেষ কেইটামান কাৰণত পেটত চৰ্বিৰ পৰিমাণ বাঢ়িব পাৰে–

🔷 তৃষ্ণা নিবাৰণৰ বাবে কেতিয়াবা মাত্ৰাধিক পৰিমাণত বিভিন্ন পানীয় সেৱন কৰা হয়৷ যাৰ ফলত এনে পানীয়ত থকা কেলৰি আৰু চেনিয়ে শৰীৰত মেদ বৃদ্ধিত সহায় কৰে৷

🔷 অনিদ্ৰাৰ কাৰণেও পেটত চৰ্বিৰ পৰিমাণ বাঢ়িব পাৰে৷ 

🔷 চৰ্বি কমাবৰ বাবে কেতিয়াবা খোৱাৰ পৰিমাণ একেবাৰে কমাই দিয়া হয়৷ ইয়াৰ ফলত কেতিয়াবা পেটত চৰ্বিৰ পৰিমাণ বাঢ়িবহে পাৰে৷ 

🔷 অতিৰিক্ত চৰ্বিজাতীয় খাদ্যৰ বাবে সহজে পেটত চৰ্বিৰ পৰিমাণ বাঢ়ে৷ সেইবাবে বেছি চৰ্বিযুক্ত খাদ্য এৰাই চলিব লাগে৷

🔷 একেৰাহে বহি কাম কৰি থকাৰ ফলতো পেটত চৰ্বি জমা হয়৷ এইকেইটা কাৰণতে বিশেষকৈ পেটত চৰ্বি বৃদ্ধি পাব পাৰে৷ এনেকৈ পেটত চৰ্বিৰ পৰিমাণ বাঢ়িলে ঘৰুৱা কেইটামান উপায়েৰে ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি–

 তেতেলীত বিভিন্নধৰণৰ ভিটামিন আৰু খনিজ থাকে৷ যি ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে৷ সেয়েহে তেতেলী নিয়মীয়াকৈ খালেও অতিৰিক্ত চৰ্বিৰ পৰিমাণ হ্ৰাস পায়৷ 

 তেতেলীৰ সৈতে পদিনাৰ চৰৱত খালেও অতিৰিক্ত চৰ্বি হ্ৰাস কৰাত সহায় কৰে৷ পকা তেতেলী ভালকৈ ধুই অলপ পানীত তিয়াই ৰাখিব লাগে৷ দহ মিনিটমান পাছত তেতেলী চেপি লৈ পদিনাৰ পাতৰ সৈতে মিলাই লৈ খালে মেদবহুলতাৰ পৰা হাত সাৰিব পাৰি৷