Logo
image

মনোজ কুমাৰ গোস্বামী আৰু মনীষা হাজৰিকাক লিঅ’ এক্সপ’ সন্মান প্ৰদান

আমাৰ অসম, ১৩ ফেব্ৰুৱাৰীঃ লিঅ’ এক্সপ’ৰ লগত সংগতি ৰাখি লিঅ’ এডভাৰটাইজিঙে প্ৰদান কৰি অহা লিঅ’ এক্সপ’ শিল্পী সন্মান আৰু সাংবাদিক সন্মান শুকুৰবাৰে গুৱাহাটীৰ পাণবজাৰস্থিত মে’ফ্লাৱাৰ হোটেলত প্ৰদান কৰা হয়৷ এইবাৰ লিঅ’ এক্সপ’ শিল্পী সন্মান প্ৰদান কৰা হয় বিশিষ্ট সংগীত শিল্পী মনীষা হাজৰিকাক৷ আনহাতে এইবাৰৰ লিঅ’ এক্সপ’ সাংবাদিক সন্মান প্ৰদান কৰা হয় ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক, বিশিষ্ট গল্পকাৰ মনোজ কুমাৰ গোস্বামীক৷ এই বঁটাত আছে অংগবস্ত্ৰ, এটা স্মাৰক, এথোপা ফুল আৰু পঞ্চাশ হাজাৰ টকাৰ এখন চেক্‌৷ বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰৱজ্যোতি বৰাই কয়– ‘মই বঁটা-বাহনৰ সম্পূৰ্ণ সমৰ্থক৷ সমাজত ভাল কাম কৰা মানুহক চিনাক্ত কৰি উলিয়াই স্বীকৃতি দিয়াটো অতি উৎসাহজনক কাম৷ আজি দুগৰাকী সাহিত্য, সাংবাদিকতা, সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিক সন্মানিত কৰাটো অত্যন্ত ইতিবাচক কথা৷ নতুন সময়ত, সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনত আমি আগতে নোপোৱা, নেদেখা কিছুমান ঘটনা ঘটিছে৷ সমাজত ইমান প্ৰত্যক্ষভাৱে মানুহে মানুহৰ বিৰুদ্ধে কেনেকৈ ঘৃণা কৰিব পাৰে, মিছা কথা ক’ব পাৰে, শাসনত থকা মানুহে বঞ্চনা কৰিব পাৰে, এনেকুৱা কিছুমান ঘটনা ঘটাব পাৰে, যাক দেখি শুনি আমি আচৰিত হওঁ৷ বেংক একাউণ্টত টকা ভৰাই দিয়া হৈছে৷ সেইটো এক প্ৰকাৰৰ ভিক্ষাদান৷ ক্ষমতাশীল লোকে আমাক ভিক্ষাৰীৰ জাতিত পৰিণত কৰিছে৷ অৰ্থনৈতিকভাৱে দেশখন যথেষ্ট পিছুৱাই গৈছে৷ দুখীয়া মানুহৰ কল্যাণৰ বাবে যিবোৰ কাম হ’ব লাগে হোৱা নাই৷ কোনো স্বচ্ছতা নাই৷ কোনে একাউণ্টত ধন পালে তাৰো কাৰো ওচৰত প্ৰকৃত তথ্য নাই৷ এনেকুৱা সময়ত সাংবাদিক, লেখক, সচেতন নাগৰিকৰ দায়িত্ব অত্যন্ত বেছি৷ দায়িত্বশীল সাংবাদিকতা আমি সচেতন নাগৰিক হিচাপে দাবী কৰোঁ৷ তেওঁলোকৰ সমাজৰ প্ৰতি এটা দায়িত্ববোধ থকা উচিত৷ আজি দুগৰাকী বিশিষ্ট ব্যক্তিক এই সন্মান দিয়াৰ বাবে নিজে ধন্য হোৱা যেন লাগিছে৷ শিল্পী মনীষা হাজৰিকাই বহুতো ঘাত-প্ৰতিঘাতৰ মাজতো সংগীত আৰু সংস্কৃতিৰ প্ৰতি জীৱন উৎসৰ্গা কৰিছে৷ আনহাতে সাহিত্য, সাংবাদিকতাৰ ক্ষেত্ৰখনত মোৰ পৰম বন্ধু মনোজ কুমাৰ গোস্বামী বহুদূৰ আগবাঢ়ি যাব বুলি আশা কৰিলোঁ৷’ আনহাতে বঁটা গ্ৰহণ কৰি বিশিষ্ট সংগীত শিল্পী মনীষা হাজৰিকাই কয়– ‘লিঅ’ এডভাৰটাইজিঙক মই কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷ মই ড॰ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, সুদক্ষিণা শৰ্মা, দিলীপ শৰ্মা, প্ৰতিমা পাণ্ডে বৰুৱা আদি স্বনামধন্য শিল্পীসকলৰ পৰা অসমৰ থলুৱা গীত-মাতৰ সৈতে পৰিচিত হোৱাৰ সুযোগ লাভ কৰিছিলোঁ৷ তেওঁলোকৰ চকুৰে মই অসমখন দেখিছিলোঁ৷ নজৰুল, ৰবীন্দ্ৰ সংগীতৰ পৰা ওলাই আহি অসমৰ থলুৱা সংগীতৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ৷ সেয়ে ‘অসম’ শব্দটো মই আটাইতকৈ ভাল পাওঁ৷ আজি আপোনজনৰ উপস্থিতিয়ে মোক উৎসাহিত কৰিছে৷’ বঁটা গ্ৰহণ কৰি আমাৰ অসমৰ মুখ্য সম্পাদক, বিশিষ্ট গল্পকাৰ মনোজ কুমাৰ গোস্বামীয়ে কয়– ‘সুদীৰ্ঘ ৩৩-৩৪ বছৰীয়া সাংবাদিকতা জীৱনত মই কি দিলোঁ সেইটো বিচাৰ কৰাৰ সময় আহি পৰিছে৷ সম্প্ৰতি ৰাষ্ট্ৰীয়, আঞ্চলিক পৰ্যায়ৰ সাংবাদিকতা জটিল সময়ৰ মাজেৰে গৈ আছে৷ এই ক্ষেত্ৰত ছ’চিয়েল মিডিয়াই এটা প্ৰত্যাহ্বান আনিছে৷ সাংবাদিকতাৰ মানৰ প্ৰতি এতিয়া প্ৰশ্ন আহিছে৷ সাংবাদিকতাৰ ক্ষেত্ৰখনত মই বহু গুণী-জ্ঞানী ব্যক্তিক লগ পালোঁ, বহু আন্দোলন, বহু ঘটনাৰ নিকটৱৰ্তী সাক্ষী হৈ থাকিলোঁ৷ মই বিজ্ঞানৰ ছাত্ৰ হৈ সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আহি বহুতো পালোঁ৷ আজি এই ধৰণৰ স্বীকৃতি লাভ কৰি যথেষ্ট ভাল লাগিছে৷ মই নতুন প্ৰজন্মৰ সাংবাদিকৰ সৈতে কাম কৰোঁ৷ তেওঁলোকৰ যথেষ্ট প্ৰতিভা আছে৷ তেওঁলোক ভাল কামেৰে আগবাঢ়ি যাব বুলি আশাবাদী৷’ লিঅ’ এডভাৰটাইজিঙৰ হৈ মৃদুল কুমাৰ দত্তই আঁত ধৰা অনুষ্ঠানত ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্ৰী তথা লিঅ’ এক্সপ’ সন্মান বাছনি সমিতিৰ অধ্যক্ষা মলয়া গোস্বামীয়ে কয়– ‘লিঅ’ এডভাৰটাইজিঙৰ ব্যৱসায় প্ৰতি বছৰে দেখি আহিছোঁ৷ তেওঁলোকে কিবা এটা কৰাৰ মনস্থ কৰিছিল৷ এই কমিটীৰ দায়িত্ব লৈ মই গৌৰৱাম্বিত৷ লিঅ’ এডভাৰটাইজিঙে ২০০৫ চনৰ পৰা লিঅ’ এক্সপ’ শিল্পী সন্মান আৰু ২০০৭ চনৰ পৰা লিঅ’ এক্সপ’ সাংবাদিকতা সন্মান স্বনামধন্য শিল্পী-সাংবাদিকক প্ৰদান কৰি আহিছে৷ এইবাৰ ২০সংখ্যক আন্তঃৰাষ্ট্ৰীয় লিঅ’ এক্সপ’ই দুগৰাকী সমাজৰ সাংস্কৃতিক আৰু সাংবাদিকতাৰ ক্ষেত্ৰৰ স্বনামধন্য ব্যক্তিক সন্মান প্ৰদান কৰিলে৷ লিঅ’ এডভাৰটাইজিঙে কেৱল ব্যৱসায়তে সীমাবদ্ধ থকা নাই, সমাজৰ যোগ্যজনক উৎসাহিত কৰি আহিছে৷ দুয়োগৰাকী বঁটাপ্ৰাপক আৰু লিঅ’ এডভাৰটাইজিঙক আন্তৰিক অভিনন্দন জনালোঁ৷’ অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক তথা লিঅ’ এক্সপ’ সন্মান বাছনি সমিতিৰ সদস্য প্ৰণয় বৰদলৈয়ে কয়– ‘লিঅ’ এক্সপ’ গুৱাহাটীৰ একমাত্ৰ বাণিজ্যিক মেলা, যি সাহিত্য, সাংবাদিকতা, সংস্কৃতিৰ সাধকসকলক সন্মান জনাই আহিছে৷ আজি সন্মানপ্ৰাপক দুয়োগৰাকীকে আন্তৰিক অভিনন্দন জনালোঁ৷’ উল্লেখ্য, শাৰীৰিকভাৱে অসুস্থ বিশিষ্ট নাট্যকাৰ হেমন্ত দত্তক লিঅ’ এডভাৰটাইজিঙৰ তৰফৰ পৰা ২০ হাজাৰ টকাৰ এককালীন সাহায্য আগবঢ়োৱা হ’ব বুলি এই অনুষ্ঠানত ঘোষণা কৰা হয়৷ এই অনুষ্ঠানতে লিঅ’ এক্সপ’ সন্মান বাছনি সমিতিক ভংগ কৰি নতুন সমিতি গঠন কৰাৰ ঘোষণা কৰা হয়৷ এই অনুষ্ঠানত বসন্ত বৰঠাকুৰ, শিখা দত্ত, অনিন্দিতা পাল, মিনু বণিয়া, গোপাল জালান আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ উল্লেখ্য ৫ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত আৰম্ভ হোৱা ২০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় লিঅ’ এক্সপ’ ২২ ফেব্ৰুৱাৰীলৈ পুৱা ১১ বজাৰ পৰা নিশা ৯ বজালৈ দৰ্শকৰ বাবে মুকলি থাকিব৷