Logo
image

শিশুৰ হাতত স্মাৰ্টফোন তুলি দিয়াৰ পূৰ্বে এইখিনি কৰক

আধুনিক জীৱনে শিশুৰ পৰা আনন্দৰ বহুল সমল কাঢ়ি নিছে৷ প্ৰকৃতিৰ সৈতে একপ্ৰকাৰ সম্পৰ্ক বিচ্ছিন্ন হৈছে৷ এতিয়া শিশু ঘৰতে বন্দী হ’বলগীয়া হৈছে৷ যাৰ বাবে স্মাৰ্টফোনেই হৈ পৰিছে শিশুৰ খেলৰ সামগ্ৰী৷ ব্যস্ততাৰ বাবে বেছিসংখ্যক অভিভাৱকেই শিশুৰ হাতত ম’বাইল ফোন তুলি দিয়াৰ ফলত বিভিন্নধৰণৰ ঘটনাও সংঘটিত হৈছে৷ বিশেষকৈ অনলাইন ক্লাছৰ ব্যৱস্থা কৰাৰ ফলত মোবাইলৰ সৈতে শিশুৰ সম্পৰ্ক গঢ় লৈ উঠে৷ এই স্মাৰ্টফোন শিশুৰ হাতত পৰিলেও কেইটামান বিষয়ত অভিভাৱক সচেতন হ’ব লাগে৷ 

🔷 শিশুক প্ৰয়োজনত স্মাৰ্টফোন দিলেও অতি কম সময়ৰ বাবেহে ব্যৱহাৰ কৰিবলৈ দিব লাগে৷ নিৰ্দিষ্ট সময় ধাৰ্য কৰি দিব লাগে৷ 

🔷 শিশুক স্মাৰ্টফোন ব্যৱহাৰৰ পূৰ্বে কেইটামান কথা মুকলিকৈ ক’ব লাগে৷ বিশেষকৈ যেনে ফোনৰ তথ্য কেতিয়াও কাৰো লগতে শ্বেয়াৰ কৰিব নালাগে৷ প্ৰয়োজনত শিশুৰ হাতত তুলি দিয়া স্মাৰ্টফোনটোত পাছৱৰ্ডৰ ব্যৱস্থা কৰিব লাগে৷ 

🔷সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত সতৰ্ক হ’ব লাগে৷ বন্ধুৰ তালিকা অভিভাৱকে মাজে সময়ে পৰীক্ষা কৰিব লাগে৷ তদুপৰি সামাজিক মাধ্যমৰ জৰিয়তে প্ৰেৰণ কৰা বাৰ্তা, ফটো আদিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব লাগে৷ 

🔷স্কুল-ঘৰৰ ঠিকনা ফোন নম্বৰৰ লগতে অন্যান্য কোনো তথ্য যাতে অনলাইনযোগে শ্বেয়াৰ নকৰে সেই ক্ষেত্ৰত সজাগ হ’ব লাগে৷ 

🔷অনেক অভিভাৱকৰ বাবে মোবাইল ফোনক লৈ নানা সমস্যাৰ সৃষ্টি হৈছে৷ যিহেতু শৈক্ষিক ক্ষেত্ৰত স্মাৰ্টফোন ব্যৱহাৰ কৰাৰ সুবিধা লৈ বহু ছাত্ৰ-ছাত্ৰীয়ে মোবাইলত গেম খেলা, ভিডিঅ’ চোৱাৰ দৰে কামৰ প্ৰতি আসক্ত হৈ পৰিছে৷ এই আসক্তিৰ পৰা শিশুটিক আঁতৰাবলৈ অন্য খেলা-ধূলাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ চেষ্টা কৰিব লাগে৷ বিশেষকৈ মাজে-সময়ে মুকলি ঠাইত খেলিবলৈ দিয়া, প্ৰাকৃতিক পৰিৱেশৰ মাজলৈ শিশুটিক লৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে৷ এই দৰেই স্মাৰ্টফোনে যাতে শিশুটিৰ অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে অভিভাৱক প্ৰতিমুহূৰ্ততে সজাগ হ’ব লাগে৷