উক্তি-বক্ৰোক্তি
◾ এনে এক হতাশাজনক পৰাজয়ৰ পাছত ভাৰতীয় ক্ৰিকেট দলটোৰ ড্ৰেছিং ৰূমলৈ আহি খেলুৱৈসকলক উৎসাহিত কৰাটো প্ৰধানমন্ত্ৰীৰ এক ব্যতিক্ৰমী পদক্ষেপ৷ পূৰ্বে কেতিয়াও মই কোনো প্ৰধানমন্ত্ৰীক তেওঁৰ ব্যস্ত কাৰ্যসূচীৰ মাজত ক্ৰিকেট খেল উপভোগ কৰা আৰু জাতীয় দলটোৰ পৰাজয়ৰ পাছত খেলুৱৈসকলক সান্তনা দিয়া দেখা নাই৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই পদক্ষেপ প্ৰশংসনীয়৷
– প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহৱাগ
◾ পাকিস্তান জিকিলে ফটকা ফুটোৱা গাড্ডাৰ এতিয়াও আমাৰ দেশত আছে৷ হিন্দুৱে ভাৰত নিৰ্মাণ কৰিছে৷ যেতিয়ালৈকে চন্দ্ৰ-সূৰ্য থাকিব, তেতিয়ালৈকে হিন্দু থাকিব৷
–মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
◾ তেজছ যুদ্ধ বিমানত উঠি আকাশত উৰাটো এটা অসাধাৰণ অভিজ্ঞতা৷ মোৰ বাবে তাতকৈয়ো গুৰুত্বপূৰ্ণ বিষয় হৈছে, এইখন যুদ্ধ বিমান ঘৰুৱাভাৱে দেশতে নিৰ্মাণ কৰা৷ ভাৰতৰ সমৰ প্ৰযুক্তিৰ উত্থান আমি বিগত কেইবছৰমানত প্ৰত্যক্ষ কৰিবলৈ সুযোগ পাইছো৷ আমিও যে এনে প্ৰযুক্তিত সক্ষম সেয়া এতিয়া বিশ্বই প্ৰত্যক্ষ কৰিব৷
– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
◾ যাৰ ভাগ্যত পৰাজয় নিশ্চিত, তাক কোনেও জিকাব নোৱাৰে৷ কাজিৰঙাত মানুহ ক’ম, জন্তু বেছি থাকে৷ কাজিৰঙাৰ পৰা ভূপেন বৰাই নিৰ্বাচন খেলিলে জীৱ-জন্তুৰহে ভোট পাব৷
– এ ইউ ডি এফৰ সাংসদ বদৰুদ্দিন আজমল
◾ তেওঁলোকে আমাৰ চাৰিজন এম এল এক জে’ললৈ পঠিয়াইছে৷ মই সেই চাৰিজন বিধায়কক চোৰ বুলি নাভাবো৷ ভাবিছে এনেকৈ তৃণমূলৰ সংখ্যা কমাব পাৰিব৷ এতিয়াৰ পৰা মই এটা ঘোষণা কৰিলোঁ– তেওঁলোকে যদি আমাৰ চাৰিজনক গ্ৰেপ্তাৰ কৰে তেন্তে মই তেওঁলোকৰ আঠজনক গ্ৰেপ্তাৰ কৰিম৷
–পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী
◾ ব্ৰিটিছে মানুহক কানি খুৱাই এলেহুৱা কৰিছিল৷ বিজেপি চৰকাৰে বিনামূলীয়া চাউল দি সৰ্বসাধাৰণ ৰাইজক পংগু কৰিছে৷
–তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা
◾ আমাৰ প্ৰধানমন্ত্ৰীজন আচৰিতধৰণৰ নেতা৷ তেওঁ নিৰ্বাচন হ’লে ৰাজ্যই ৰাজ্যই ঘুৰি ফুৰিবলৈ সময় উলিয়াব পাৰে৷ আনকি ক্ৰিকেট খেল হ’লে খেল চাবলৈ যাবলৈও তেওঁৰ সময় থাকে৷ কিন্তু মণিপুৰত গোষ্ঠী সংঘৰ্ষত শ শ মানুহৰ মৃত্যু হ’ল, মাহ মাহ জুৰি সংঘৰ্ষ চলিল, তালৈ যাবলৈ কিন্তু প্ৰধানমন্ত্ৰীৰ সময় নোলাল৷
– কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী






