Logo
image

অতিৰিক্ত তেল সানিলে চুলিৰ ক্ষতিও হ’ব পাৰে

নিয়মীয়াকৈ চুলিত তেল সনাৰ বহুতৰে অভ্যাস৷ বেছিসংখ্যকেই ৰাতি শোৱাৰ সময়ত চুলিত তেল সানি থয়৷ বহুতৰে ধাৰণা এইদৰে গোটেই ৰাতি চুলিত তেল সানিলে চুলি ভালে থাকে৷ কিন্তু এই বিষয়ে কৰা অধ্যয়নত চুলিত তেল সনাৰ উপকাৰিতাৰ লগতে কিছু অপকাৰী  দিশো পোহৰলৈ আহিছে৷ 

চুলিত নিয়মীয়াকৈ তেল সানিলে মগজুৰ ৰক্ত সঞ্চালন বৃদ্ধি পায়৷ ইয়াৰ ফলত চুলি বৃদ্ধি পায়৷ কিন্তু প্ৰতিদিনেই চুলিত তেল সনাটো ক্ষতিকাৰকো হ’ব পাৰে৷ সেয়েহে বিশেষজ্ঞৰ মতে সপ্তাহত দুই বা তিনিদিনহে তেল সানিব লাগে৷ মূৰৰ ছাল তৈলাক্ত হ’লে সপ্তাহত এদিন বা দুদিন তেল দিলেই যথেষ্ট৷

🔷 অতিৰিক্ত তেল সানিলে কি হয়ঃ চিকিৎসকৰ মতে চুলিত বেছিকৈ তেল সানিব নালাগে৷ অতিৰিক্ত তেল সানিলে চেম্পুৰ ব্যৱহাৰ বৃদ্ধি পায়৷ ইয়াৰ ফলত মূৰৰ ছাল ৰুক্ষ হোৱাৰ আশংকা থাকে৷ ফলত সহজেই চুলি সৰিব পাৰে৷

🔷 চুলিৰ গুৰি দুৰ্বল হয়ঃ চুলিত তেল সানি চুলিকোচা বহুতেই বান্ধি ৰাখে৷ ইয়াৰ ফলত চুলিৰ গুৰি দুৰ্বল হৈ পৰে আৰু চুলি সৰাৰ আশংকা থাকে৷

🔷 গোটেই ৰাতি তেল সানি থোৱা উচিতনেঃ গোটেই ৰাতি চুলিত তেল সানি থোৱাৰ বহুতৰে অভ্যাস৷ ইয়াৰ বাবেও চুলিৰ অনেক ক্ষতি হ’ব পাৰে৷ মূৰৰ ছালৰ সমস্যা থাকিলে ইয়াৰ পৰা ক্ষতি হোৱাৰ আশংকাই বেছি৷ যাৰ ফলত অকালতে চুলি সৰি যাব পাৰে৷ 

🔷 চুলিত তেল সনাৰ সঠিক নিয়মঃ চুলিৰ ঘনত্ব আৰু দৈৰ্ঘ্য অনুযায়ীহে তেল সানিব লাগে৷ নাৰিকলৰ তেল চুলিৰ বাবে বেছি উপকাৰী৷ এই তেল সামান্য গৰম কৰি লৈ চুলিত লাহে লাহে মালিচ কৰাৰ দৰে সানিব লাগে৷ এইদৰে সনাৰ এঘণ্টাৰ পাছতে চুলি ধুব লাগে৷ সপ্তাহত দুই বা তিনিদিন এইদৰে তেল সানিলে চুলিৰ কোনো অপকাৰ হোৱাৰ আশংকা নাথাকে৷ নাৰিকল তেলৰ উপৰি জলফাই আৰু বাদাম তেল নিয়মিতভাৱে ব্যৱহাৰ কৰিলেও চুলি অকালতে সৰাৰ পৰা ৰক্ষা কৰিব পাৰি৷