Logo
image

সনাতন অৰ্থনীতি, উৎসৱ অৰ্থনীতি

বিজেপি দলৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত ভেটি সৱল হোৱাৰ পৰা সনাতন ধৰ্মৰ ঐতিহ্য আৰু হাজাৰ বছৰীয়া এই পৰমাত্মাই ভাৰতক কি দৰে উজ্জীৱিত কৰি ৰাখিছে আৰু বিশ্ববাসীৰ বাবে শ্ৰদ্ধা, সমীহৰ পাত্ৰ কৰি ৰাখিছে সেই সম্পৰ্কে বিশেষতঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী প্ৰমুখ্যে বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু অন্য নেতাসকলে নিজৰ বক্তব্যত উপস্থাপন কৰি আহিছে৷ এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এখোপ আগুৱাই গৈ বিভিন্ন ৰাজ্যৰ নিৰ্বাচনী সভাসমূহত সনাতন পৰম্পৰা, ইয়াৰ ধাৰা অটুট ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰি নিজৰ বাক চাতুৰ্যৰে ৰাইজক প্ৰভাৱান্বিত কৰাৰ বাবে চেষ্টা চলাইছে৷ উল্লেখ্য, বিজেপি দলৰ একপ্ৰকাৰৰ নিয়ন্ত্ৰক ৰাষ্ট˜ীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ)ৰ মুৰব্বী মোহন ভগৱতে বহুবাৰ নিজৰ বক্তব্যত হিন্দুত্বৰ ব্যাখ্যা দিওঁতে দেশৰ সনাতন সংস্কৃতিৰ বিষয়ে উল্লেখ কৰিছে৷ দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত বিজেপিৰ উত্থান হোৱাৰ পিছৰ পৰাহে অৰ্থাৎ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিনৰ পৰাহে সনাতনী ধাৰাৰ দিশটোৱে অধিক প্ৰাধান্য লাভ কৰিবলৈ লয়৷ প্ৰয়াত প্ৰধানমন্ত্ৰী, বিজেপিৰ জনপ্ৰিয় নেতা অটল বিহাৰী বাজপেয়ীৰ প্ৰধানমন্ত্ৰিত্বৰ কালছোৱাত দেশত হিন্দুত্ববাদৰ ধাৰণা গঢ় দিয়াৰ চেষ্টা কৰা হৈছিল যদিও আজিৰ দৰে সনাতন সংস্কৃতিক ব্যাপ্ত কৰা প্ৰচেষ্টা পৰিলক্ষিত হোৱা নাছিল৷ কাজেই ধৰ্মীয় মেৰুকৰণৰ দ্বাৰা বিজেপি দল অধিক লাভান্বিত হোৱাৰ পাছত সনাতন প্ৰসংগটো দৃঢ়ভাৱে প্ৰোথিত হোৱাৰ বাবে সনাতন সংস্কৃতিৰ প্ৰসাৰতা পূৰ্বৰ তুলনাত দেশত বহু পৰিমাণে বৃদ্ধি পাইছে৷ লক্ষণীয়ভাৱে সনাতন সংস্কৃতিৰ সৈতে অৰ্থনীতি জড়িত হৈ পৰাৰ সুবাদত বৰ্তমান ভাৰতত সনাতন অৰ্থনীতি দেশৰ কোটি কোটি জনসাধাৰণৰ জীৱন-নিৰ্বাহত প্ৰভাৱ বিস্তাৰ কৰিছে৷ দুৰ্গা পূজা, দেৱালী, লক্ষী পূজা, নৱৰাত্ৰি, হোলী, জন্মাষ্টমী, শিৱৰাত্ৰিকে ধৰি বিভিন্ন ধৰ্মীয় উৎসৱ-পাৰ্বণ উদ্‌যাপন দেশত অভাৱনীয় হাৰত বৃদ্ধি পাইছে৷ ইয়াৰ সমান্তৰালকৈ বিভিন্ন জাতিগত ধৰ্মীয় বৈশিষ্ট্যৰে ভৰপূৰ ভাৰতৰ বিভিন্ন জাতি-জনগোষ্ঠীসমূহে বৰ্তমান সময়ত স্বকীয় বৈশিষ্ট্য থকা উৎসৱসমূহত অগ্ৰাধিকাৰ দিয়াৰ বাবে উৎসৱ উদ্‌যাপনৰ সংখ্যা দিনে দিনে বৃদ্ধি পাইছে৷ অসমৰ দৰে এখন তুলনামূলকভাৱে সৰু ৰাজ্যত ধৰ্মীয় উৎসৱৰ লগতে অন্যান্য উৎসৱৰ সীমা সংখ্যা নাই৷ বিজেপিয়ে একেৰাহে দুটা কাৰ্যকালৰ বাবে শাসনৰ দায়িত্ব লাভ কৰাৰ পাছত অসমত প্ৰায়বোৰ উৎসৱতে সনাতনী ধাৰাৰ প্ৰভাৱ স্পষ্ট হৈ পৰিছে৷ ধনতেৰছকে ধৰি উত্তৰ ভাৰতত প্ৰচলিত বহুকেইটা ধৰ্মীয় উৎসৱ সম্প্ৰতি অসমতো অতি জনপ্ৰিয় হৈ পৰাৰ ফলত নতুন এক সনাতন সংস্কৃতিৰ পয়োভৰ ঘটিছে৷ অৱধাৰিতভাৱে ইয়াৰ পৰা এখন নতুন বজাৰ সৃষ্টি হোৱাৰ লগতে ব্যৱসায়িক লেনদেনো বৃদ্ধি পাইছে৷ দেশত এইবাৰ ধনতেৰছৰ উদ্‌যাপনৰ নামত মাত্ৰ এটা দিনতে ভাৰতীয় নাগৰিকে ২৫,৫০০ কোটি টকাৰ মূল্যৰ ৪১ টন সোণ ক্ৰয় কৰিলে৷ যোৱা নৱৰাত্ৰিৰ পৰা দেৱালীলৈকে দেশত ব্যৱসায় হ’ল ৩.৭৫ লাখ কোটি টকাৰ৷ দুৰ্গা পূজা, গণেশ চতুৰ্থী আদিৰ সময়তো দেশত হাজাৰ হাজাৰ কোটি টকাৰ ব্যৱসায় হৈছে৷ সনাতন সংস্কৃতিৰ আধাৰত গঢ় লৈ উঠা অৰ্থনৈতিক কাৰবাৰসমূহক এক আশাৰ বতৰা বুলি উল্লেখ কৰি কনফেডাৰেশ্যন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছ (কেট)ৰ মুৰব্বী প্ৰধান খান্দেলৱালে বৰ্ধিত ৰূপত গঢ় লৈ উঠা এই অৰ্থনীতিক নতুন সনাতন অৰ্থনীতি বুলি অভিহিত কৰিছে৷ কেটৰ মুৰব্বীজনৰ মতে বিশ্বৰ এশখন ৰাষ্ট্ৰৰ জিডিপিৰ সমান পৰিমাণ ভাৰতীয়সকলে সনাতন অৰ্থনীতিৰ ব্যৱসায়ত ইন্ধন যোগাইছে৷ অৰ্থাৎ দেশত এতিয়া এই নতুন ৰূপৰ অৰ্থনীতিয়ে এনেদৰে গা কৰি উঠিছে যে কোটি কোটি লোক ইয়াৰ অংশীদাৰ হৈ পৰিছে৷ তাৎপৰ্যপূৰ্ণ বিষয় এই যে সনাতনী সংস্কৃতিৰ ব্যাপকতাৰ বাবে হিন্দু ধৰ্মাৱলম্বী লোকৰ উৎসৱৰ উদ্‌যাপন বৃদ্ধি পোৱাৰ সমান্তৰালকৈ ইছলাম, খ্ৰীষ্ট ধৰ্মাৱলম্বী লোকৰ উৎসৱসমূহতো জাক-জমকতা, ব্যাপকতা বৃদ্ধি পাইছে৷ অসমৰ উৎসৱৰ ৰাজ্য৷ বছৰৰ প্ৰতিটো মাহতে অসমত বিভিন্ন উৎসৱ-পাৰ্বণ, দিৱস উদ্‌যাপন কৰা হয়৷ সনাতনী সংস্কৃতিৰ আধাৰত সনাতন অৰ্থনীতিও কিছু পৰিমাণে অসমত গঢ় লৈ উঠা পৰিলক্ষিত হৈছে৷ কিন্তু দেশৰ অন্য ৰাজ্যৰ লোকে বৰ্ধিত এই নতুন অৰ্থনীতিৰ সুযোগ গ্ৰহণ কৰি যি পৰিমাণে ব্যৱসায়-বাণিজ্য বৃদ্ধি কৰিছে সেই অনুপাতে অসমৰ থলুৱা-খিলঞ্জীয়াসকলে এই সুযোগ গ্ৰহণ কৰাত ব্যৰ্থ হৈছে৷ ৰাজনৈতিক, সামাজিক, পৰিৱেশ-পৰিস্থিতিৰ লগত সংগতি ৰাখি অৰ্থনীতিয়েও সময়ে সময়ে ৰেহ-ৰূপ সলনি কৰে৷ উৎসৱ প্ৰিয় ৰাইজে উৎসৱক আদৰি লোৱাৰ বাবে নতুন উৎসৱ-অৰ্থনীতিয়েও গতি লাভ কৰিছে৷ হিতাধিকাৰীৰ পয়োভৰ বৃদ্ধি, নতুন ৰূপত কৰ-কাটল বৃদ্ধি, মদ অৰ্থনীতিৰ ব্যাপকতাৰ পৰিৱৰ্তে সময়ে অন্য এই পৰিৱেশৰ আধাৰত যদি ৰাজ্যৰ অৰ্থনৈতিক ভেটি সৱল কৰিব পৰা যায় তেন্তে ৰাজ্যবাসীৰ লগতে চৰকাৰো উপকৃত হ’ব৷