Logo
image

গৰমৰ দিনতেই নহয়, শীততো খাওক এইবিধ পানীয়

লিভাৰ সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত ডাব নাৰিকলৰ পানীয়ে বিশেষভাৱে সহায় কৰে৷ অনেকেই এইবিধ পানীয়ক লিভাৰৰ টনিক বুলি আখ্যা দিয়ে৷ মাত্ৰ লিভাৰেই নহয়, শৰীৰ সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত ডাবৰ পানীয়ে বিশেষভাৱে সহায় কৰে৷ অকল গৰমৰ দিনত তৃষ্ণা নিবাৰণৰ কাৰণে ডাবৰ পানী খাব লাগে বুলি কোনো কথা নাই, শীতকালতো ডাবৰ পানী খোৱাটো স্বাস্থ্যৰ পক্ষে অতি উপকাৰী৷ বিশেষকৈ পেটৰ কাৰণে ডাবৰ পানী মহৌষধস্বৰূপ৷

ডাবৰ পানীত আছে এণ্টি অক্সিডেণ্ট, মিনাৰেল, ফাইবাৰৰ দৰে উপাদান৷ মানৱ শৰীৰৰ বাবে শীতকালিও ডাবৰ পানীৰ ভূমিকা সঁচাকৈয়ে অনবদ্য৷ পুষ্টিবিদসকলৰ মতে শীতকালতো সুস্থ হৈ থাকিবৰ কাৰণে ডাবৰ পানীত চুমুক দিয়াটো অতি প্ৰয়োজন৷ ডাবৰ পানীত অনেক পুষ্টিগুণ থাকে৷ আহকচোন ডাবৰ পানীয়ে মানৱ শৰীৰত কি কি উপকাৰ সাধে তাৰে সম্ভেদ লওঁ– 

🔷 প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰেঃ শীতকালত সাধাৰণতে ৰোগৰ যন্ত্ৰণা বেছি৷ ৰোগৰ বিৰুদ্ধে যুঁজ দিবলৈ  শৰীৰত শক্তিৰ অতি প্ৰয়োজন৷ ডাবৰ পানীয়ে প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ শীতকালতো খালি পেটত এগিলাচ ডাবৰ পানী খাব পাৰিলে শৰীৰৰ কাৰণে ভাল৷ এইবিধ পানীয়ত আছে ৰাইবোফ্লুবিন, নিয়াছিন, থিয়ামিনৰ দৰে উপাদান৷

🔷 ওজন নিয়ন্ত্ৰণ কৰেঃ শীতকালত ঠাণ্ডাৰ প্ৰকোপ বেছি হোৱাৰ কাৰণে বহুতেই শৰীৰ চৰ্চা কৰিবলৈ ইচ্ছা নকৰে৷ যাৰ বাবে ওজন বাঢ়ি যায়৷ শৰীৰৰ ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত ডাবৰ পানীয়ে বিশেষভাৱে সহায় কৰে৷ এইবিধ পানীয়ত থকা এনজাইমে হজম শক্তি বৃদ্ধি কৰে৷ 

🔷 হাড় মজবুত কৰেঃ শীতকালত হাড়ৰ নানান সমস্যাই দেখা দিয়ে৷ গাঁঠিয়ে গাঁঠিয়ে বিষ, পেশীৰ যন্ত্ৰণাই সমস্যাৰ সৃষ্টি কৰে শীতকালত৷ ডাবৰ পানীত থকা কেলছিয়ামে হাড় শক্তিশালী কৰে৷ এইবিধ পানীয়ত পোৱা যায় মেগনেছিয়াম৷ হাড় আৰু পেশীৰ খেয়াল ৰখাত এই উপাদানে বিশেষভাৱে সহায় কৰে৷ 

🔷 ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণ কৰেঃ ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ডাবৰ পানীয়ে বিশেষভাৱে কাৰ্যকৰী কৰে৷ ডাবৰ পানীত পটাছিয়াম, মেগনেছিয়াম, ভিটামিন ‘চি’ থাকে৷ যি ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণ কৰে৷ তদুপৰি ডাবৰ পানীয়ে হাৰ্টৰ সমস্যা দূৰ কৰে৷