এইবোৰ কাৰণতে পেটৰ চৰ্বি বৃদ্ধি পায়
পেটত সাধাৰণতে খুব সোনকালে মেদ জমা হোৱাৰ কাৰণে শৰীৰত বিভিন্ন ৰোগে বাহ লয়৷ পেটৰ অতিৰিক্ত চৰ্বিয়ে মানুহক দেখিবলৈ আপচু কৰে৷ হাৰ্টৰ সমস্যা, ডায়েবেটিছ, ৰক্তচাপৰ দৰে বিভিন্ন ধৰণৰ ৰোগ দেখা দিয়ে পেটত অতিৰিক্ত চৰ্বি থাকিলে৷ সেয়ে নিৰোগী কৰি ৰাখিবৰ কাৰণে পেটৰ পৰা অতিৰিক্ত চৰ্বি শীঘ্ৰে আঁতৰ কৰাই মংগল৷ জানো আহকচোন পেটৰ অতিৰিক্ত চৰ্বি কিয় হয় আৰু তাক কমোৱাৰ সহজ উপায়–
🔷 অনেকেই বজাৰত উপলব্ধ বিভিন্ন ধৰণৰ পানীয় সেৱন কৰে৷ য’ত অত্যাধিক পৰিমাণে কেল’ৰি আৰু চেনি থাকে৷ ই শৰীৰৰ মেদ বৃদ্ধি কৰে৷
🔷 অনিদ্ৰাৰ কাৰণেও বৃদ্ধি হ’ব পাৰে পেটৰ মেদ৷ সুস্থ শৰীৰৰ কাৰণে অন্ততঃ ৬-৭ ঘণ্টা শোৱাটো নিতান্তই প্ৰয়োজন৷
🔷 পেটৰ চৰ্বি কমাবলৈ গৈ বহুতেই খোৱা কমাই দিয়ে৷ চিকিৎসকৰ মতে বেছিসময় নোখোৱাকৈ থাকিলেও পেটত চৰ্বি জমা হয়৷
🔷 অতিৰিক্ত চৰ্বি জাতীয় খাদ্য খোৱাৰ বাবেও পেটত চৰ্বি হয়৷
🔷 বিশেষজ্ঞসকলৰ মতে বহুসময় ধৰি বহি থাকিলেও পেটত চৰ্বি জমা হয়৷ একেৰাহে এক-ডেৰঘণ্টা সময় বহাৰ পাছত কিছুসময়ৰ কাৰণে চলাফুৰা কৰাটো অভ্যাস কৰক৷
🔷 গৱেষকসকলৰ মতে নেতিবাচক চিন্তা-ভাৱনা থকা আৰু অতিৰিক্তভাৱে খোৱা-বোৱা কৰি থকাটো শৰীৰৰ বাবে খুবেই অনিষ্টকৰ৷
পেটত চৰ্বি জমা হ’লে কি কৰিব
গৱেষণাৰ দ্বাৰা জনা গৈছে যে তেঁতেলিত বিভিন্ন ধৰণৰ ভিটামিন আৰু খনিজ পদাৰ্থ পোৱা যায়৷ যি ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে৷ তেঁতেলিয়ে কলেষ্টেৰ’লৰ মাত্ৰা কমাই হূদৰোগৰ আশংকা দূৰ কৰে৷ পেটৰ অতিৰিক্ত চৰ্বি কমাবলৈ তেঁতেলি খাব পাৰে৷ তেঁতেলি আৰু পদিনাৰ চৰ্বত তৈয়াৰ কৰি নিয়মিত খালে চৰ্বি কমে৷