চাল -কোমোৰাটোৰো আছে অসাধাৰণ গুণ
থলুৱাভাৱে উৎপাদিত অতি পৰিচিত অথচ অৱহেলিত কোমোৰাটোৰো আছে অসাধাৰণ গুণ৷ শীতৰ পাচলি বুলিলে সাধাৰণতে ফুলকবি, বন্ধা কবি, বিট কিম্বা গাজৰৰ কথা মনলৈ আহে৷ কিন্তু ক’ৰবাত যেন অৱহেলিত হৈ থাকি যায় সহজলভ্য ছাল কোমোৰাটো৷ পুষ্টিবিদসকলৰ মতে জানিবলৈ দিয়া মতে এইবিধ পাচলিৰো আছে অসাধাৰণ গুণাগুণ–
ফাইবাৰে সমৃদ্ধ কোমোৰা
ছাল কোমোৰাত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে৷ হজমৰ কাৰণেও অত্যন্ত উপকাৰী ছালকোমোৰা৷
এণ্টিঅক্সিডেণ্টঃ ছাল কোমোৰা পলিফেনল আৰু ফ্লাভিনয়েডে সমৃদ্ধ৷ যাৰ বাবে কোষৰ ক্ষতিৰ বিৰুদ্ধে যুঁজ দিবলৈ কোমোৰাই শক্তি যোগায়৷ এণ্টিঅক্সিডেণ্টসমূহে আমাৰ শৰীৰত প্ৰতিৰক্ষামূলক ভূমিকা পালন কৰাৰ বাবে ফ্ৰী ৰেডিকেল যৌগসমূহৰ বিৰুদ্ধে যুঁজ দিয়ে যাৰ বাবে শৰীৰটোৱে মাৰাত্মক ক্ষতিৰ পৰা হাত সাৰিব পাৰে৷
হূদপিণ্ডৰ স্বাস্থ্য সুৰক্ষিত ৰাখে
ছাল কোমোৰাই কাৰ্ডিঅ’ভাস্কোলাৰ চিষ্টেম ভালে ৰাখে৷ অৰ্থাৎ হাৰ্ট সুস্থ কৰি ৰখাত বৃহৎ ভূমিকা পালন কৰে এইবিধ পাচলিয়ে৷ ছাল কোমোৰাত উচ্ছমাত্ৰাৰ পটাছিয়াম আৰু ভিটামিন-চি থাকে৷ পটাছিয়ামে তেজ আৰু ধমনী সুস্থ কৰি ৰাখে৷ ভিটামিন চিয়ে ষ্ট্ৰ’কৰ আশংকা কমায়৷
ইমিউনিটি বৃদ্ধি কৰে
ছাল কোমোৰাত থকা ভিটামিন চিয়ে শ্বেতৰক্তকণিতাৰ উৎপাদনত বিশেষভাৱে সহায় কৰে৷ ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বজাই ৰখাত সহায় কৰে৷
এণ্টি ইনফ্লেমেটৰীঃ ছাল কোমোৰাত এণ্টি ইনফ্লেমেটৰী পোৱা যায়৷ ইয়াত প্ৰচুৰ পৰিমাণে গালিক এচিড থাকে৷