Logo
image

খেজুৰ খালেও আৰ্থাইটিছত সুফল পাব

ঠাণ্ডা অহাৰ লগে লগে সাধাৰণতে গাৰ বিষত মানুহ আক্ৰান্ত হয়৷ একেদৰে গাঁঠিৰ বিষত আক্ৰান্ত হৈ যন্ত্ৰণাত ভুগিবলগীয়া হয়৷ সাধাৰণতে ঠাণ্ডাৰ দিনত এইদৰে বিষজনিত ৰোগ বৃদ্ধি পায়৷ শৰীৰৰ প্ৰতি বিশেষভাৱে ঠাণ্ডাৰ দিনকেইটাত যতন ল’ব লাগে৷ খাদ্যাভাষ, দৈনিক শৰীৰচৰ্চা আদিয়ে বিভিন্ন বিষৰ পৰা আপোনাক সকাহ দিব পাৰে৷

শীতকালত হাড়ৰ ক্ষয়ৰ আশংকা থাকে৷ বিশেষকৈ বয়সীয়াল ব্যক্তিৰ ক্ষেত্ৰত শীতকালচোৱা অতিকৈ বিপজ্জনক৷ সকলো সময়তে শৰীৰৰ যতন নল’লে বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে৷ 

আথ্ৰাইটিছৰ যন্ত্ৰণাৰ পৰা উপশম পাবলৈ নিয়মীয়াকৈ খেজুৰ খাদ্যৰ তালিকাত ৰাখিব লাগে৷ যিকোনো ধৰণৰ বিষত আক্ৰান্ত হ’লে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ দৰৱ সেৱন কৰিব নালাগে৷ তাৰ পৰিৱৰ্তে ফলমূল বিশেষকৈ খেজুৰ একেৰাহে খোৱাৰ অভ্যাস কৰিব লাগে৷ খেজুৰত আছে প্ৰচূৰ পৰিমাণে মেগনেচিয়াম আৰু এণ্টিইনফ্লেমেটৰী উপাদান৷ খেজুৰত থকা এই উপাদানে যিকোনো ধৰণৰ বিষ উপশম কৰাত সহায় কৰে৷

শীতকালত খেজুৰে শৰীৰ উষ্ণ কৰি ৰাখে৷ শৰীৰ উষ্ণ হৈ থাকিলে বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি৷ খেজুৰত থাকে প্ৰচুৰ পৰিমাণে ৰোগ প্ৰতিৰোধ কৰিব পৰা উপাদান৷ বিষত আক্ৰান্ত হৈ থাকিলে খেজুৰৰ লগতে খেজুৰৰ চাহ পুৱা-গধূলি নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰিলেও যথেষ্টখিনি উপকাৰ পোৱা যায়৷