দাঁত বিষ? এই উপায়েৰে সহজে সকাহ পাওক
দাঁতৰ বিষ কিমান যন্ত্ৰণাদায়ক সেয়া ভুক্তভোগীয়েহে জানে৷ অসহ্যকৰ দাঁতৰ বিষে আগজাননী দি নাহে৷ কেতিয়াবা কেতিয়াবা এই বিষে সহ্যৰ সীমা অতিক্ৰম কৰে৷ দাঁতৰ বিষৰ যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাবলৈ দন্ত চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী৷ পিছে চিকিৎসকৰ ওচৰলৈ যোৱাৰ পূৰ্বে বিষ নিৰাময় কৰিবলৈ ঘৰুৱা উপায়ো নথকা নহয়৷ উল্লেখ কৰা হ’ল দাঁতৰ বিষয়ৰ পৰা সকাহ পোৱাৰ কেইটামান ঘৰুৱা উপায়–
নিমখ পানীঃ দাঁত বিষালে প্ৰাথমিক চিকিৎসা হিচাপে নিমখ পানীৰে দাঁত পৰিষ্কাৰ কৰক৷ নিমখ মিহলি কৰা পানীক প্ৰাকৃতিক জীৱাণুনাশক বুলি কোৱা হয়৷ ই দাঁতত লাগি থকা খাদ্যকণা উলিয়াই অনাত সহায় কৰে৷ নিমখপানীৰে দাঁত পৰিষ্কাৰ কৰিলে প্ৰদাহ কমে আৰু মুখৰ যিকোনো ক্ষতস্থান নোহোৱা কৰাত সহায় হয়৷
হাইড্ৰ’জেন পেৰ’ক্সাইডঃ পানীৰ সৈতে হাইড্ৰ’জেন পেৰ’ক্সাইড মিহলাই কুলি কৰিলে দাঁতৰ বিষ নিৰাময় হয়৷ হাইড্ৰ’জেন পেৰ’ক্সাইডে বেক্টেৰিয়া নিধন কৰাৰ লগতে দাঁত ক্ষয়ৰ সমস্যা হ্ৰাস কৰে আৰু মাৰিৰ ৰক্তপাত নিৰাময় কৰে৷ অৱশ্যে হাইড্ৰ’জেন পেৰ’ক্সাইড ব্যৱহাৰৰ পূৰ্বে ইয়াক পাতল কৰি ল’বলৈ নাপাহৰিব৷
পিপাৰমেণ্ট টি-বেগঃ তুলসী পাতে সংবেদনশীল মাৰিৰ বিষ কমোৱাত সহায় কৰে৷ ইয়াৰ বাবে এটা ব্যৱহৃত পিপাৰমেণ্ট টি-বেগ লৈ ঠাণ্ডা হ’বলৈ দিয়ক৷ দাঁতৰ যি ঠাইত বিষ অনুভৱ হয়, সেই ঠাইত টি-বেগটো লগাই ৰাখক৷
নহৰুঃ নহৰু যুগ যুগ ধৰি বিভিন্ন ঘৰুৱা সমস্যাৰ প্ৰতিকাৰ ৰূপে ব্যৱহাৰ হৈ আহিছে৷ নহৰুৱে ক্ষতিকাৰক বেক্টেৰিয়া নিধন কৰে৷ ফলত বিষ নিৰাময় হয়৷ সেয়ে দাঁতৰ বিষৰ পৰা সকাহ পাবলৈ নহৰু ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰ বাবে এফটা নহৰু লৈ পেষ্ট তৈয়াৰ কৰিব লওক৷ এইবাৰ দাঁতৰ বিষ অনুভৱ হোৱা স্থানত এই পেষ্ট লগাওক৷
লংঃ দাঁতৰ বিষৰ চিকিৎসাত প্ৰাচীন কালৰে পৰা লঙৰ ব্যৱহাৰ হৈ আহিছে৷ লং তেলে বিষ নিৰাময় কৰাৰ লগতে প্ৰদাহ কমায়৷ এই তেলত থকা ইউজেনল নামৰ উপাদানবিধে প্ৰাকৃতিক এণ্টিচেপ্টিক হিচাপে কাম কৰে৷