Logo
image

উক্তি-বক্ৰোক্তি

অহা ১০ বছৰত দেশৰ অৰ্ধেক ৰাজ্যত মহিলা মুখ্যমন্ত্ৰী নিয়োগ কৰাটো কংগ্ৰেছৰ বাবে এটা সুন্দৰ লক্ষ্য হ’ব৷ মই বহুদিনৰে পৰা এনে এটা কথা ভাবি আছিলো আৰু বহুতৰ সৈতে আলোচনাও কৰিছিলোঁ৷ দেশৰ ৫০ শতাংশ মুখ্যমন্ত্ৰী মহিলা হোৱাটো সকলোৱেই বিচাৰে৷ পিছে আৰ এছ এছে মহিলাক ক্ষমতাৰ কেন্দ্ৰত নাৰাখে৷ সেয়া তেওঁলোকৰ ইতিহাসতে নাই৷ 

– কংগ্ৰেছ নেতা ৰাহুল গান্ধী


পাঁচ ৰাজ্যত আমাৰ চৰকাৰ আহিব৷ লোকসভাতো আমাৰ চৰকাৰ আহিব৷ ৰাইজে গম পাইছে যে কংগ্ৰেছ শাসনলৈ আহিলেহে তেওঁলোকৰ জীৱনত শান্তি আৰু উন্নতি আহিব৷ 

– কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ


অহা ১৫ ডিচেম্বৰৰ ভিতৰত অযোধ্যাত মৰ্যাদা পুৰোষোত্তম শ্ৰীৰাম আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশীৰ্বাদত অযোধ্যা এখন বিশ্বৰ ভিতৰতে গুৰুত্বপূৰ্ণ নগৰত পৰিণত হোৱাৰ দিশে আগবাঢ়িছে৷ 

– উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ


আপুনি যি কাম কৰিব, তাৰ পৰিণাম ভোগ কৰিব৷ দুৰ্নীতিৰ বিৰুদ্ধে শূন্যসহনশীল অসম আৰক্ষী৷ 

– আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিং


বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ এজন পুনৰ ধৰা পৰিল৷ কেইদিনমানৰ পূৰ্বে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ অৰ্থাৎ ইডিৰ বিষয়া এজন ১৫ লাখ টকা ঘোচ লৈ ৰাজস্থানত ধৰা পৰিছিল৷ এইবাৰ আন এজন বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ, যাক ইডিৰ বিষয়া বুলি কোৱা হয়, ধৰা পৰিল ২০ লাখ ঘোচ লৈ তামিলনাডুত৷ 

– কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ


কাইলৈ ভোটগণনাৰ প্ৰথম ৰাউণ্ডৰ পৰাই অসমৰ জিলাই জিলাই বিজয় উৎসৱ আৰম্ভ হ’ব৷ মই নিশ্চিত, ছেমি ফাইনেলত বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ ফলাফল ৫-০ হ’ব৷ 

– ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ভূপেন বৰা


আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ পিটচখন বেয়া হোৱাটোৱেই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্বকাপৰ ফাইনেলত ভাৰত পৰাজিত হোৱাৰ অন্যতম মূল কাৰণ৷ টীম ইণ্ডিয়াই ভবাৰ দৰেই গুজৰাটৰ পিটচখনত বল স্পিন নহ’ল৷ 

–  টীম ইণ্ডিয়াৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়

ভূপেন বৰা ৰাজনৈতিক নেতা নহয়৷ ভূপেন বৰা হৈছে হিমন্তবিশ্ব শৰ্মাৰ পেইড ছাৰ্ভেণ্ট৷ হিমন্ত বিশ্ব শৰ্মাই যি কয়, তাকে কৰে ভূপেন বৰাই৷ 

– এইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমল


যোৱাবাৰ আপোনালোকে ছানী দেউলক ভোট দি জিকাইছিল৷ পিছে তেওঁ এবাৰো গুৰদাসপুৰলৈ নাহিল৷ অভিনেতা আৰু ডাঙৰ মানুহবোৰৰ কামেই এনেকুৱা৷ এইবাৰ আপোনালোকে সাধাৰণ নিৰ্বাচনত আপক ভোট দিয়ক৷ আমাৰ সাংসদে সদায় আপোনালোকৰ খবৰ লৈ থাকিব৷ 

– আপৰ মূৰব্বী অৰবিন্দ কেজৰিৱাল


‘কা’ আমি নামানো৷ বলপূৰ্বকভাৱে ‘কা’ বলৱৎ কৰিব খুজিলে অহিংস গণতান্ত্ৰিক আন্দোলন চলিব৷ সমান্তৰালভাৱে আইনী যুঁজো চলি থাকিব৷

– সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য