ষ্ট্ৰ’ক হ’লে লগে লগে এইকেইটা কাম কৰক
ষ্ট্ৰ’ক বা পক্ষাঘাতগ্ৰস্ত ৰোগীক যদি সময়মতে চিকিৎসালয়লৈ নিয়া নহয়, তেন্তে ইয়াৰ পৰিণতি মৃত্যু পৰ্যন্ত হ’ব পাৰে৷ ঘৰত এনেকুৱা ৰোগী থাকিলে কেইটামান পদ্ধতি ব্যৱহাৰ কৰি ৰোগীক উপকাৰ কৰিব পৰা যায়৷ এই পদ্ধতি চীনৰ আকুপাংছাৰ চিকিৎসা পদ্ধতি অনুসৰি কৰা হয়৷ চীনৰ বিশেষজ্ঞসকলৰ মতে এনে পদ্ধতিৰে ইতিমধ্যে ষ্ট্ৰ’কত আক্ৰান্ত হোৱা বহু ৰোগীৰ প্ৰাণৰক্ষা কৰাটো সম্ভৱ হৈছে৷ এই পদ্ধতি ব্যৱহাৰ কৰিলেৰোগীয়ে চিকিৎসাৰ বাবে যথেষ্ট সময় পায়৷ উল্লেখ কৰা হ’ল ষ্ট˜’কত আক্ৰান্ত হ’লে তাৎক্ষণিকভাৱে কৰিবলগীয়া কেইটামান কাম–
কোনো লোক পক্ষাঘাত বা ষ্ট্ৰ’কত আক্ৰান্ত হোৱা দেখিলে লগে লগে ইঞ্জেকশ্বন দিয়া বেজী অথবা সাধাৰণ বেজী এডাল লৈ তাৰ আগটো জুইত পুৰি লওক৷ এনেকুৱা কৰিলে বেজী বীজাণু মুক্ত হয়৷ এইবাৰ বেজীটোৰে আক্ৰান্ত লোকজনৰ হাতৰ দহ আঙুলিৰ মূৰৰ কোমল অংশত সামান্যভাৱে ফুটাই দিয়ক৷
ইয়াৰ ফলত যাতে তেজ নিৰ্গত হয় তালৈ লক্ষ্য কৰক৷ এই পদ্ধতিৰ বাবে কোনো ডাক্তৰী জ্ঞানৰ প্ৰয়োজন নহয়৷ কিছু সময় পাছত লক্ষ্য কৰক যে আক্ৰান্ত লোকজন লাহে লাহে স্বাভাৱিক হৈ উঠিছে নে নাই৷ যদি দেখে যে হাতৰ আঙুলি ফুটাই দিয়াৰ পাছতো আক্ৰান্ত লোকজনৰ মুখ বেকা হ’বলৈ আৰম্ভ কৰিছে, তেন্তে লগে লগে তেওঁৰ দুয়োখন কাণত ভালদৰে মালিচ কৰক৷ মালিচ এনেদৰে কৰক যাতে কাণ ৰঙা হৈ পৰে৷ কাণ ৰঙা হ’লে বুজিব যে তাত তেজ গোট খোৱা আৰম্ভ কৰিছে৷ এইবাৰ কাৰণ লতিত বেজীৰে ফুটাই দিয়ক, যাতে তাৰ পৰা দুই-এটোপাল তেজ নিৰ্গত হয়৷ এই পদ্ধতিৰে ৰোগীজন কিছু সকাহ পোৱাৰ লগতে চিকিৎসাৰ বাবে সময় পায়৷ এই পদ্ধতিখিনি ব্যৱহাৰ কৰি উঠাৰ পাছত ৰোগীক চিকিৎসকৰ ওচৰলৈ নিয়ক৷ মনত ৰাখিব এই ঘৰুৱা পদ্ধতিটো কেৱল দুৰ্ঘটনাৰ পৰা হাত সৰাৰ উপায়হে৷