Logo
image

শীতত ঊলৰ পোছাক পিন্ধি বিচনাত পৰাটো ক্ষতিকাৰক

শীতকালত ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ বহুতে ঊলৰ পোছাক পৰিধান কৰি শোৱে৷ কিন্তু ঊলৰ পোছাক বা ছুৱেটাৰ, মোজা আদি পৰিধান কৰি শুলে স্বাস্থ্যৰ বাবে আহিব পাৰে ভয়ংকৰ বিপদ৷ 

ঊলৰ পোছাক পৰিধান কৰিলে শৰীৰৰ তাপমাত্ৰা দ্ৰুতগতিত বৃদ্ধি পাব পাৰে৷ বিশেষকৈ হৃদযন্ত্ৰৰ সমস্যা থাকিলে বিপদক পৰাৰ আশংকা থাকে৷ 

 ৰাতি শোৱাৰ সময়ত ছুৱেটাৰ পৰিধান কৰিলে ছাল শুষ্ক হয়৷  এনেক্ষেত্ৰত তেজ সৰবৰাহত বাধাৰ সৃষ্টি হ’ব পাৰে৷

 সাধাৰণতে ছুৱেটাৰ আদি যি ধৰণৰ উপাদানেৰে তৈয়াৰ কৰা হয় তাৰ জৰিয়তে তাপমাত্ৰা ৰোধ কৰিব পৰা যায়৷ সাধাৰণ সূতাৰ পোছাকতকৈ  ঊলৰ পোছাকে তাপমাত্ৰা ধৰি ৰাখে৷ ফলত শৰীৰৰ উষ্ণতা বৃদ্ধি পায়৷ অতিৰিক্ত এই উষ্ণতা ডায়েবেটিছ ৰোগীৰ বাবে বিপজ্জনক হৈ উঠিব পাৰে৷ 

 শোৱতে ঊলৰ মোজা পিন্ধাটো ভাল অভ্যাস নহয়৷ ঊলে তাপমাত্ৰা ধৰি ৰাখিলেও ঘাম শোষণ কৰিব নোৱাৰে৷ ঊলৰ মোজা পৰিধান কৰি শুলে ঘাম জমা হোৱাৰ সমস্যা সৃষ্টি হ’ব পাৰে৷ ইয়াৰ ফলত নানানধৰণৰ চৰ্মৰোগত ভোগাৰ আশংকা থাকে৷ 

 শিশুক সাধাৰণতে ঠাণ্ডা দিনত গৰম পোছাক পিন্ধাই শুব  দিয়া হয়৷ এনে কৰিলে উপকাৰতকৈ অপকাৰহে হয় বেছি৷ গৰম পোছাক পৰিধান কৰি শোৱাৰ ফলত যি উষ্ণতাৰ সৃষ্টি হয় তাৰ বাবে শিশুৰ দেহৰ পৰা ঘাম বাহিৰ হয়৷ সেই ঘাম ৰৈ যোৱাৰ ফলত বুকুত ঠাণ্ডা জমা হ’ব পাৰে৷ এনেক্ষেত্ৰত শীতৰ দিনকেইটাত ঊলৰ  পোছাক পৰিধান কৰি শোৱাৰ অভ্যাস ত্যাগ কৰক৷