বিশ্বকাপ ক্ৰিকেটৰ পৰা কিমান লাভ হ’ল বি চি চি আইৰ
এছিয়া মহাদেশৰ ভাৰত, পাকিস্তান, শ্ৰীলংকা, বাংলাদেশৰ দৰে দেশত ক্ৰিকেট সবাতোকৈ জনপ্ৰিয় খেল হোৱা বাবে এইকেইখন দেশত ক্ৰিকেটৰ বজাৰখনো যথেষ্ট বৃহৎ৷ এইকেইখন দেশৰ ক্ৰিকেটত ধন বিনিয়োগো ক্ৰিকেট খেলা আন দেশৰ তুলনাত বেছি৷ ক্ৰমাৎ প্ৰসাৰিত হোৱা ক্ৰিকেটৰ এই বজাৰখনৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্ছ সংস্থা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলে অধিক দেশত ক্ৰিকেটক জনপ্ৰিয় কৰি তোলাৰ প্ৰচেষ্টা চলাই আছে৷ শেহতীয়াভাৱে দেখা গৈছে ক্ৰিকেটে এখন দেশৰ অৰ্থনীতিত যথেষ্ট অৱদান আগবঢ়াব পাৰে৷ ভাৰতত সদ্যসমাপ্ত ৫০ অভাৰৰ বিশ্বকাপ ক্ৰিকেটেই তাৰ প্ৰমাণ৷ বিশ্বকাপ ক্ৰিকেটে ভাৰতৰ অৰ্থনীতিক যথেষ্ট লাভৱান কৰিছে৷ দেশৰ আগশাৰীৰ বিত্তীয় প্ৰতিষ্ঠান বেংক অৱ বৰোদাই অলপতে প্ৰকাশ কৰা এক পৰিসংখ্যা অনুযায়ী বিশ্বকাপ আয়োজন কৰাৰ ফলত ভাৰতীয় অৰ্থনীতিৰ লাভ হৈছে প্ৰায় ২.জ্জ মিলিয়ন ডলাৰ৷ ভাৰতীয় মুদ্ৰা অনুসৰি ইয়াৰ পৰিমাণ হ’ব ২২ হাজাৰ কোটি টকা৷ টুৰ্নামেণ্টখনৰ পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিল আৰু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডেও বৃহৎ মুনাফা কৰিছে৷ এখন আগশাৰীৰ টুৰ্নামেণ্ট আয়োজন কৰি মূলতঃ তিনিটা পদ্ধতিৰে মুনাফা আদায় কৰিব পৰা যায়৷ প্ৰথমটো হৈছে টেলিভিছন স্বত্বৰ পৰা৷ এখন টুৰ্নামেণ্ট আয়োজন কৰি সৰ্বাধিক উপাৰ্জন কৰিব পৰা যায় টেলিভিছন স্বত্বৰ দ্বাৰা৷ ২০১৫ চনৰ বিশ্বকাপৰ পৰা ২০২৩ চনৰ বিশ্বকাপলৈ টেলিভিছন সম্প্ৰচাৰ একচেতীয়া স্বত্ব আছিল ষ্টাৰ স্প’ৰ্টছৰ৷ ষ্টাৰ স্প’ৰ্টছে এই স্বত্ব ক্ৰয় কৰিছিল ২.০২ বিলিয়ন ডলাৰ, অৰ্থাৎ ১৬,৮৩৫ কোটি টকাত৷ জানিব পৰা মতে, ২০২৩ চনৰ বিশ্বকাপত টেলিভিছন স্বত্বৰ পৰা প্ৰায় ৪,৫০০ কোটি টকাৰ লাভ হৈছিল৷
বিশ্বকাপৰ মুঠ ৪৮খন খেলৰ টিকট বিক্ৰীৰ পৰাও শকত অংকৰ উপাৰ্জন হৈছে৷ এইবাৰৰ বিশ্বকাপৰ আৰম্ভণিতে ষ্টেডিয়ামত (ভাৰতৰ খেলক বাদ দি) বহু আসন খালী দেখা গৈছিল যদিও পিছলৈ ষ্টেডিয়ামত দৰ্শকৰ সংখ্যা বৃদ্ধি পাইছিল৷ নক-আউটৰ খেল আৰম্ভ হোৱাৰ সময়ততো টিকট ক’লা বজাৰতো বিক্ৰী হৈছিল৷ বিশ্বকাপ ক্ৰিকেটত টিকট বিক্ৰীৰ পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ পৰা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে পাইছে প্ৰায় ২ হাজাৰ কোটি টকা৷ বিশ্বকাপৰ স্পনছ’ৰশ্বিপৰ যোগেদিও বৃহৎ অংকৰ ধন আদায় কৰিব পৰা হৈছিল৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ স্পনছ’ৰ হিচাপে আছিল ছটা গ্ল’বেল পাৰ্টনাৰ, সাতটা অফিচিয়েল পাৰ্টনাৰ আৰু চাৰিটা কেটেগৰী পাৰ্টনাৰ৷ তেওঁলোকৰ পৰা উপাৰ্জন হৈছে প্ৰায় তিনি হাজাৰ কোটি টকা৷
প্ৰশ্ন হ’ব, বিশ্বকাপ ক্ৰিকেট আয়োজনৰ বাবদ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ পৰা কিমান ধন লাভ কৰিছে ভাৰতীয় ক্ৰিকেট কাউঞ্চিলে? জানিব পৰা মতে, ২০২৩ চনৰ এদিনীয়া বিশ্বকাপ আয়োজন কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলে প্ৰায় ১০-১১ হাজাৰ কোটি টকা উপাৰ্জন কৰিছে৷ বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্ছ সংস্থাটোৰ ফালৰ পৰা পূৰ্বেই ঘোষণা কৰা হৈছিল যে ২০২৭ চনপৰ্যন্ত তিনি বছৰৰ বাবে সংস্থাটোৰ মুঠ উপাৰ্জনৰ ৩৮.৫ শতাংশ পাব ভাৰতে৷ সেই অনুসৰি বিশ্বকাপ ক্ৰিকেট আয়োজন কৰাৰ বাবদ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ পৰা প্ৰায় চ্ছ্ৰ হাজাৰ কোটি টকা লাভ কৰিব বুলি আশা কৰা হৈছে৷ কিন্তু এই উপাৰ্জনৰ বিপৰীতে বিশ্বকাপ আয়োজনৰ বাবে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে বৃহৎ অংকৰ ধনো খৰচ কৰিবলগীয়া হৈছে৷ দহখন ষ্টেডিয়াম সাজু কৰি উলিওৱাৰ বাবে ব’ৰ্ডে খৰচ কৰিবলগীয়া হৈছে ৫০ কোটি টকা৷ তাৰ লগতে আছে আন আনুষংগিক ব্যয়৷ এই খৰচবোৰ বাদ দিও ২০২৩ বৰ্ষৰ বিশ্বকাপ ক্ৰিকেট আয়োজন কৰি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে যে শকত অংকৰ ধন লাভ কৰিছে তাত সন্দেহ নাই৷






