Logo
image

কলেষ্টেৰল নিয়ন্ত্ৰণৰ বাবে এই কেইবিধ পানীয় খাওক

কলেষ্টেৰলৰ সৈতে বয়সৰ কোনো সম্পৰ্ক নাই৷ কেতিয়াবা কম বয়সতো কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পাব পাৰে৷ বিভিন্ন কাৰণত কলেষ্টেৰল বাঢ়িব পাৰে৷ ইয়াৰ সৈতে আছে খাদ্যৰ সম্পৰ্ক৷ কিছুমান খাদ্য খালে ইয়াৰ পৰিমাণ বৃদ্ধি পায়৷ তদুপৰি দৈনন্দিনৰ ৰুটিনৰ ওপৰতো কলেষ্টেৰেল নিয়ন্ত্ৰণত থকাতো নিৰ্ভৰ কৰে৷ কলেষ্টেৰল বাঢ়িলে হৃদৰোগৰ আশংকা বাঢ়ে৷ সেইবাবে কলেষ্টেৰল নিয়ন্ত্ৰণৰ বাবে কেইটামান বিষয়ত গুৰুত্ব দিব লাগে৷  তিনিপ্ৰকাৰৰ পানীয় সেৱন কৰিলেও কলেষ্টেৰল নিয়ন্ত্ৰণত থাকে৷ 

 ওট্‌ছ-বেৰিৰ পানীয়ঃ ব্লুবেৰি, ষ্ট’বেৰি, ক্ৰেনবেৰিত আছে প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেণ্ট আৰু ফাইবাৰ৷ কম ফেটযুক্ত গাখীৰৰ সৈতে ওট্‌ছ আৰু বিভিন্ন প্ৰকাৰৰ বেৰিৰ মিশ্ৰণ কৰি প্ৰস্তুত কৰা পানীয় নিয়মীয়াকৈ খালে কলেষ্টেৰলৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি৷ ওট্‌ছ খালেও কলেষ্টেৰল নিয়ন্ত্ৰণত থাকে৷ 

 গ্ৰীন টিঃ ওজন নিয়ন্ত্ৰণত ৰখাৰ ওপৰি নিয়মীয়াকৈ গ্ৰীনটি সেৱন কৰিলে কলেষ্টেৰল নিয়ন্ত্ৰণত থাকে৷ গ্ৰীনটিত থকা এণ্টিঅক্সিডেণ্টৰ উপাদানে কলেষ্টেৰেল বৃদ্ধিত  বাধা দিয়ে৷

 কমলা-নেমুৰ ৰসঃ কমলা আৰু নেমুৰ ৰস একেলগে খালেও কলেষ্টেৰেলৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে৷ কমলা নেমুৰ ৰসে কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাৰ উপৰি হূদৰোগ হোৱাত বাধা দিয়ে৷