Logo
image

কংগ্ৰেছৰ ভৱিষ্যৎ

ভাৰতৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভৱিষ্যতক লৈ আটায়ে সন্দিহান হৈ পৰিছে৷ সাম্প্ৰতিক সময়ত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টীৰ একনায়কত্ববাদী চৰিত্ৰ পৰিস্ফুট হৈ থকাৰ সময়তো এটা ৰাষ্ট্ৰীয়তাবাদী দল হিচাপে কংগ্ৰেছ দলে যিটো স্থিতি গ্ৰহণ কৰিব লাগিছিল, সেইটো মুঠেই গ্ৰহণ কৰিব পৰা নাই৷ ছোনিয়া গান্ধী, ৰাহুল গান্ধীৰ আবেষ্টনীৰ পৰা ইমান ৰাজনৈতিক খুন্দা-খুন্দলি খাই থকা সত্ত্বেও দলটো মুক্ত হ’ব নোৱৰাটো আশ্চৰ্যজনক কথা৷ গণতন্ত্ৰত এটা শক্তিশালী বিৰোধী দলৰ আৱশ্যক আটায়ে অনুভৱ কৰিছে যদিও কংগ্ৰেছ দল এই বিকল্প হ’ব নোৱৰাটোৱে দলটোৰ তৃণমূল কৰ্মীসকলকো হতাশ কৰিছে৷ ৰাহুল গান্ধী যে এজন সম্পূৰ্ণ ব্যৰ্থ নেতা, সেই কথা বাৰে বাৰে প্ৰমাণ হৈ থকাৰ পাছতো দলটোৱে এজন বিকল্প নেতাৰ সন্ধান নকৰাটো মন কৰিবলগীয়া৷ এতিয়া দলটো পৰিয়ালকেন্দ্ৰিক বৃত্তটোৰ মাজতে কক্‌বকাই আছে আৰু ইয়াৰ পৰা মুক্ত হ’ব পৰা নাই৷ জ্যোতিৰাদিত্য সিন্ধিয়া, শচীন পাইলটৰ দৰে নেতৃত্বৰ দক্ষতা থকা ডেকাবোৰক গান্ধী পৰিয়ালে কোনো গুৰুত্ব দিব নিবিচৰাৰ বাবে হোৱা অসন্তুষ্টিৰ ফল দলটোৱে ভোগাৰ পাছতো কোনো শিক্ষা গ্ৰহণ কৰা দেখা নগ’ল৷ ৰাহুল গান্ধীৰ ৰাজনীতি মোদীক গালি পৰাতে সীমাবদ্ধ৷ ৰাহুল গান্ধীয়ে মুখ মেলিলেই তেওঁৰ জনপ্ৰিয়তা বাঢ়ক চাৰি কমেহে৷ তেওঁৰ কথা-বাৰ্তা, খোজ-কাটল, শাৰীৰিক-ভাষা ক’তো নেতা এজনৰ গাত থাকিব লগা ব্যক্তিত্বৰ চাপ ফুটি নুঠিল– আজিপৰ্যন্ত৷ অৰবিন্দ কেজৰিৱালে যদি ৰাষ্ট্ৰীয় স্তৰত নেতৃত্ব দিলেহেঁতেন, তেন্তে বিজেপিৰ প্ৰতি প্ৰত্যাহ্বান বাৰুকৈয়ে আহিলহেঁতেন৷ ভাৰত তথা অসমৰ জনসাধাৰণে বিজেপিৰ বিকল্পৰ সন্ধান কৰি আছে– পিছে বিকল্প নাই বাবে হতাশ হ’ব লগা হৈছে৷ ইয়াৰ বাবে দোষৰ মূল ভাগীদাৰ হৈছে কংগ্ৰেছ দল৷ বিজেপি দলে ভাল কাম কৰা নাই বুলি ক’ব খোজা নাই, কিন্তু দলটোৰ কিছুমান কামত গণতান্ত্ৰিক প্ৰমূল্যবোধ ফুটি নুঠে৷ এই সকলো কৰিব পাৰিছে শক্তিশালী বিৰোধী দলৰ অভাৱৰ বাবে৷ বামপন্থী দলসমূহ সম্পূৰ্ণ ব্যৰ্থ– তেওঁলোক এতিয়া কাগজৰ বাঘলৈ ৰূপান্তৰ হৈছে৷ ছোনিয়া, ৰাহুলৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছ এতিয়া ইতিহাসৰ পাতৰ মাজলৈহে গৈ আছে৷ এচাম তোষামোদকাৰীৰ অহৰহ বন্দনাই ছোনিয়া, ৰাহুলক অন্ধ কৰি ৰাখিছে যেন ভাব হয়৷ কংগ্ৰেছ দল ক্ষমতালৈ আহিবই বুলি ভাবি থকাটোৱেই দলটোৰ চৰম আত্ম-প্ৰৱঞ্চনা৷ অসমতো সেই একেই অৱস্থা কংগ্ৰেছ দলটোৰ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ তেওঁৰ নিজস্ব ব্যক্তিত্ব আৰু জনপ্ৰিয়তাৰ ক্ষমতাত নথকা অৱস্থাতো দলটোক নেতৃত্ব প্ৰদান কৰি গতিশীল কৰি ৰাখিছিল৷ পিছে অপ্ৰিয় হ’লেও অস্বীকাৰ কৰি লাভ নাই যে তেওঁৰ তৃতীয়টো কাৰ্যকালত পুত্ৰ গৌৰৱ গগৈক ততাতৈয়াকৈ ৰাজনীতিলৈ আনি তেওঁ ধৃতৰাষ্ট্ৰ হৈ পৰাত দলটোলৈ বিপৰ্যয় আহিবলৈ আৰম্ভ কৰে৷ সুদক্ষ ৰাজনীতবিদ তৰুণ গগৈয়ে পৰিয়ালকেন্দ্ৰিকতাৰ পৰা মুক্ত হ’ব নোৱৰাটোৱে অসমত কংগ্ৰেছ দলৰ বিপৰ্যয়ৰ মূল কাৰণ৷ হিমন্ত বিশ্ব শৰ্মাক কোনোবাই বেয়া পাব পাৰে, কিন্তু তেওঁক আওকাণ কৰি ৰাজনীতিত যে বৰ্তমান  সফল হ’ব নোৱাৰে, সেয়া সময়ে প্ৰমাণ কৰিছে৷ গৌৰৱ গগৈক ততাতৈয়াকৈ সাংসদ কৰাৰ স্বপ্ন নেদেখা হ’লে কংগ্ৰেছ দলটোত বিভাজন আনিবলৈ হিমন্ত বিশ্ব শৰ্মাই সুবিধাই নাপালেহেঁতেন৷ গৌৰৱ গগৈ সাংসদ হ’ল, পিছে কংগ্ৰেছ দলটোৰ পতন আৰম্ভ হ’ল৷ ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত পৰাজিত হোৱাৰ পাছত দলটো কোনো নিৰ্বাচনতে জিকিব পৰা নাই৷ আমাৰ বোধেৰে জনপ্ৰিয়তাৰ তুংগত থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সেইটো আছিল আটাইতকৈ ডাঙৰ ৰাজনৈতিক ভুল সিদ্ধান্ত৷ পৰিয়ালকেন্দ্ৰিকতা, স্বজনপ্ৰীতিয়ে যে ৰাজনৈতিক দল এটালৈ বিপৰ্যয় মাতি আনে তাৰ প্ৰমাণ কংগ্ৰেছ দলটো– কেন্দ্ৰতো, ৰাজ্যতো৷ প্ৰয়াত অঞ্জন দত্তই কংগ্ৰেছ দলৰ সভাপতি হিচাপে দলটোক কিছু গতি দিবলৈ সক্ষম হৈছিল, কিন্তু তেওঁৰ মৃত্যুৰ পাছতে সেই গতি স্থবিৰ হৈ পৰে৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ বৰ্তমানৰ সভাপতি ৰিপুণ বৰাই দলটোক নেতৃত্ব দিয়াত সম্পূৰ্ণ ব্যৰ্থ হৈছে৷ বড়োলেণ্ড আৰু তিৱা পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ বিফলতা স্পষ্ট হৈ পৰিল, পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ দৰেই৷ এতিয়া সংবাদ মাধ্যমত প্ৰকাশ হৈয়ে থাকে যে য’তেই কংগ্ৰেছৰ সভা অনুষ্ঠিত হয়, তাতেই নিজৰ মাজতে দুৰ্বাদল কাজিয়া লাগে৷ দলটোৰ বিপৰ্যয়ৰ কাৰণবোৰ বিশ্লেষণৰ সলনি দলৰ সভাপতি ৰিপুণ বৰাই এতিয়াও চূড়ান্ত দাম্ভিকতাৰে ১০০খনতকৈ অধিক আসন পোৱাৰ কথা কৈ থাকে৷ সভাপতি বৰাই কয় বোলে হাৰিলেও কংগ্ৰেছৰ ভোটৰ শতাংশ বাঢ়িছে৷ ফুটবল খেলত হৰা দলটোৱে আত্মসন্তুষ্টি লয়– ‘চাৰি একতহে হাৰিছোঁ, অৰ্থাৎ আমি এটা গ’লতো দিব পাৰিছোঁ– এনেধৰণৰ কথা৷ দলটোত ধৰ্মীয় সংখ্যালঘু বিধায়কসকলৰ দুই-এজনৰ বাদে আটায়েই পূৰ্ববংগীয় মূলৰ৷ খিলঞ্জীয়া মুছলমানৰ কোনো নেতা কংগ্ৰেছত নাই বুলিয়েই ক’ব পাৰি৷ পূৰ্ববংগীয় মূলৰ মানুহখিনিৰ প্ৰতি মূলসুঁতিৰ অসমীয়া মানুহখিনিৰ বিশেষ বিদ্বেষ নাথাকিলেও ছবছৰজোৰা অসম আন্দোলনে তেওঁলোকৰ প্ৰতি সন্দেহৰ সৃষ্টি কৰি থৈ গ’ল৷ ইয়াৰ উপৰি তেওঁলোকৰ কেইবাজনো নেতাই কিছুমান অবিবেচক মন্তব্য কৰি পৰিৱেশটো অধিক বিনষ্ট কৰিছে৷ এনে এটা পৰিৱেশৰ মাজতে কংগ্ৰেছ দলে এ আই ইউ ডি এফৰ লগত মিত্ৰতা কৰি মূলসুঁতিৰ অসমীয়া মানুহখিনিৰ আস্থা হেৰুৱাইছে৷ কংগ্ৰেছ দলতকৈ নতুন আঞ্চলিক দল দুটাই বিজেপিৰ বিৰুদ্ধে যথেষ্ট শক্তিশালীভাৱে যুঁজত অৱতীৰ্ণ হোৱা দেখা গৈছে৷

কংগ্ৰেছ দলটোৰ ব্যৰ্থতাত তৃণমূল পৰ্যায়ৰ কংগ্ৰেছৰ কৰ্মীসকল যথেষ্ট হতাশ হোৱা পৰিলক্ষিত হৈছে৷