Logo
image

অমিতা খালেও পাব অনেক উপকাৰ

অমিতাত আছে বহু ঔষধি  উপাদান৷ নিয়ামীয়াকৈ পকা অমিতা খালে বিভিন্ন ৰোগৰ পৰা হাতসাৰি থাকিব পাৰি৷ 

🔷 হজমশক্তি বৃদ্ধিঃ অমিতাত থকা ঔষধি গুণে হজম শক্তি বৃদ্ধি কৰে৷ কৌষ্ঠ-কাঠিন্যৰ দৰে সমস্যাৰ সৃষ্টি হ’লে পকা অমিতা পুৱাতেই খালে এনে সমস্যা সহজেই দূৰ হয়৷  

🔷 হৃদযন্ত্ৰৰ বাবে উপকাৰীঃ অমিতাত প্ৰচুৰ পৰিমাণে বিটা-কেৰটিন, লাইকোপেন, ভিটামিন-এ, ভিটামিন-চি আৰু ভিটামিন-ই পোৱা যায়৷ যাৰ বাবে অমিতা খালে ডায়েবেটিক, হৃদযন্ত্ৰৰ অসুখত সুফল পাব৷ টাইপ -১ আৰু টাইপ-২ দুয়োধৰণৰ ডায়েবেটিজতে অমিতা উপকাৰী৷ ক’লেষ্টৰল নিয়ন্ত্ৰণ অমিতাত থকা উপাদানে ক’লেষ্টৰল নিয়ন্ত্ৰণ কৰে৷ 

🔷 ৰক্তচাপঃ অমিতা নিয়মীয়া কৈ খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে৷

🔷 দৃষ্টিশক্তিঃ অমিতাত থকা এণ্টিঅক্সিডেণ্ট- ভিটামিনে দৃষ্টিশক্তি সুৰক্ষিত কৰে৷ 

🔷 ওজন নিয়ন্ত্ৰণঃ পকা অমিতা খালে ওজন নিয়ন্ত্ৰণত থাকে৷  

🔷 সংক্ৰমণ ৰোধঃ বিভিন্নধৰণৰ সংক্ৰমণ ৰোধত অমিতা উপকাৰী৷ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি অমিতাই শৰীৰত হ’ব পৰা বিভিন্ন সংক্ৰমণক বাধা দিয়ে৷  কৰ্কট ৰোগ প্ৰতিৰোধক হিচাপেও অমিতাই কাম কৰে৷ 

🔷 ছুলিৰ বাবে উপকাৰীঃ পকা অমিতা খালে চুলিৰ বাবেও যথেষ্ট ভাল৷ চুলি সৰা দৰে সমস্যাৰ ক্ষেত্ৰত ই অতি উত্তম৷ তদুপৰি চুলিৰ সৌন্দৰ্য বৃদ্ধিত ই সহায় কৰে৷ 

🔷 দাঁতৰ বিষত উপশমঃ অমিতা খালে দাঁতৰ বিষত সুফল পাব পাৰি৷ 

🔷 ডেংগুৰ চিকিৎসাঃ অমিতা পাতৰ ৰস খালে ডেংগুত সুফল পাব পাৰি৷ 

🔷 কৃমিৰোগঃ অমিতা হ’ল এক মহৌষধ৷ কেঁচা অথবা পকা অমিতা খালে পেলু-কৃমি আদিত সুফল পাব৷ কেতিয়াবা কিছু ক্ষেত্ৰত অমিতা খোৱাৰ ক্ষেত্ৰত সতৰ্ক হ’ব লাগে৷ বিশেষকৈ গৰ্ভাৱস্থাত অমিতা খালে সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ এই ক্ষেত্ৰত চিকিৎসকৰ কাষ চাপিব লাগে৷