Logo
image

হেট্‌ট্ৰিক হ’বনে

পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত তিনিখন ৰাজ্যত বিজয়ী হৈ বিজেপিয়ে হেটট্ৰিক কৰিলে৷ এতিয়া বিজেপিয়ে দাবী কৰিছে যে ২০২৪ চনৰ দেশৰ সাধাৰণ নিৰ্বাচনতো বিজেপিয়ে হেটট্ৰিক কৰিব আৰু নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈ হেটট্ৰিক কৰিব৷ বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালৰ মে’ মাহত অন্ত পৰিব৷ তাৰ আগতে নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ভাৰতে এজন নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰিব৷ সকলোৰে মনত উদয় হোৱা প্ৰশ্নটো হ’ল– নৰেন্দ্ৰ মোদী সেই নতুন প্ৰধানমন্ত্ৰীজন হ’বনে? 

ভৱিষ্যতটো আগতীয়াকৈ জানিবলৈ মানুহৰ দুৰ্বাৰ হেঁপাহ৷ বিশেষকৈ যেতিয়া ভৱিষ্যতে কি হ’ব সি অনিশ্চিত হয়, খাটাং নহয়৷ ভৱিষ্যৎ যিমানেই অনিশ্চিত হ’ব তাক লৈ কৰা জল্পনা-কল্পনাৰ মজাও সিমানেই বেছি হ’ব৷ কাইলৈ বেলি ওলাবনে? ইয়াক লৈ কোনেও জল্পনা-কল্পনা নকৰে বা তাক লৈ কৰা জল্পনা-কল্পনাই কাকো আকৰ্ষণ নকৰে৷ কাৰণ কাইলৈ বেলি ওলোৱাটো খাটাং৷ অন্ততঃ অহা কেইবা হাজাৰ কোটি বছৰলৈ৷ কিন্তু ফুটবল খেলখনত কোন জয়ী হ’ব তাক লৈ মানুহে অন্তহীন জল্পনা-কল্পনা কৰিব পাৰে৷ মাত্ৰ ৯০ মিনিটৰ পাছতেই খেলৰ পৰিণাম গম পোৱা যাব, কিন্তু তেতিয়ালৈ ৰ’বলৈ কাৰো সময় নাই৷ সকলোৱে খেলখনৰ ফলাফল সন্দৰ্ভত নিজৰ জ্ঞান জাহিৰ কৰিবলৈ উন্মুখ৷ হয়তো এয়া মানুহৰ সহজাত প্ৰবৃত্তি৷ অনিশ্চিয় ভৱিষ্যতটোৰ বাবেই জ্যোতিষী¸সকলৰ ৰমৰমীয়া ব্যৱসায় গঢ়ি উঠিছে৷ মানুহে কেৱল ভৱিষ্যতটোক জানিয়েই ক্ষান্ত নাথাকে, সেইটোক নিজৰ মতে গঢ়ি-পিটিও ল’বলৈ চেষ্টা কৰে৷ 

নৰেন্দ্ৰ মোদী আকৌ এবাৰ প্ৰধানমন্ত্ৰী হ’বনে? অলেখ ভৱিষ্যদ্বাণী হ’ব৷ নৰেন্দ্ৰ মোদীৰ ভক্ত, সমৰ্থক, বিৰোধী আৰু নিৰপেক্ষ অৱস্থানত থকাসকলে নানা ভৱিষ্যদ্বাণী কৰিব৷ ১৪০ কোটি মানুহৰ হিমালয়ৰ পৰা ভাৰত মহাসাগৰলৈ বিয়পি থকা  বিশাল দেশ এখনৰ ৫৪৫টা সমষ্টিৰ নিৰ্বাচনৰ সামগ্ৰিক ফলাফলে নিৰ্ণয় কৰিব পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হ’ব৷ নিঃসন্দেহে ইমান সুবৃহৎ নিৰ্বাচন এটাৰ সঠিক ভৱিষ্যদ্বাণী প্ৰায় অসম্ভৱ৷ 

একেদৰে নিৰ্বাচন এটাৰ ফলাফল ওলোৱাৰ পাছত সেই ফলাফলৰ বিশ্লেষণো এটা আনুমানিক কাৰবাৰ৷ কিছুমান প্ৰৱণতা, কিছু গতি-গোত্ৰ ঠাৱৰ কৰিব পাৰি, কিন্তু নিখুঁতকৈ কাৰণ এটা বা কাৰণবোৰ কোনেও উলিয়াব নোৱাৰে৷ জয় বা পৰাজয়ৰ কাৰণ এটা বা কেইটামান নহৈ অলেখ হ’ব পাৰে, যিবোৰ তালিকাবদ্ধ কৰা অসম্ভৱ হ’ব বা কৰিলেও তাৰ পৰা একো গম পোৱা নাযাব৷ কিন্তু মানুহে ভৱিষ্যদ্বাণী আৰু বিশ্লেষণ কৰিবলৈ নেৰে৷ আনকি ভৱিষ্যদ্বাণী কিয় শুদ্ধ নহ’ল তাৰো অশুদ্ধ ভৱিষ্যদ্বাণী কৰা বিশেষজ্ঞসকলে গভীৰ বিশ্লেষণ কৰে৷ মানুহেও এই ভৱিষ্যদ্বাণীৰ খেলখন বেছ আমোদেৰে উপভোগ কৰে৷ জীৱনত ক্ৰিকেট বেট চুই নোপোৱাজনেও বিৰাট কোহলিক কেনেকৈ খেলিব লাগে উপদেশ দিব পাৰে আৰু সেই উপদেশক লৈ সৰস, মনোৰঞ্জক আলোচনাও হ’ব পাৰে৷ 

মানুহে একো নজনাকৈ বা অকণমান জানিয়েই খাটাং সিদ্ধান্ত দিবলৈ ভাল পায়৷ বেছিভাগ মানুহেই চিন্তা কৰি মগজুটোক কষ্ট দিবলৈ বেয়া পায়৷ সেয়েহে মানুহে চিন্তা-চৰ্চা কৰি, পঢ়া-শুনা কৰি, বিশ্লেষণ কৰি, তথ্য-পাতি ঘটি এই সিদ্ধান্তত উপনীত হ’ব নিবিচাৰে যে তেওঁ আচলতে একো নাজানে৷ মানুহে মানি ল’ব নিবিচাৰে যে কথাবোৰ আচলতে ইমান সহজ নহয়– জটিল৷ সেয়েহে মানুহে সহজ কাহিনী কিছুমান বিশ্বাস কৰে৷ এই কাহিনীবোৰেই মানুহৰ সিদ্ধান্ত নিৰ্ণয় কৰে৷

পাঁচখন ৰাজ্যৰ জয়লাভ কৰা তিনিখন ৰাজ্যৰ ৰাজস্থানত বিজেপিয়ে পাইছে ৪১.৭ শতাংশ ভোট, আৰু কংগ্ৰেছে পাইছে ৩৯.৫ শতাংশ ভোট৷ পাৰ্থক্য ২.২ শতাংশ৷ নিৰ্বাচনত ২ শতাংশ ভোটৰ পাৰ্থক্যৰ বাবে এটা দলে বহু বেছি আসন লাভ কৰিব পাৰে৷ ছত্তিশগড়ত বিজেপিয়ে পাইছে ৪৬.৩ শতাংশ ভোট, আৰু কংগ্ৰেছে পাইছে ৪২.২ শতাংশ ভোট৷ বিজেপিয়ে ৪.১ শতাংশ বেছি ভোট পাইছে; মধ্য প্ৰদেশত বিজেপিৰ ভোট ৪৮.৫ শতাংশ আৰু কংগ্ৰেছৰ ৪০.৪ শতাংশ, পাৰ্থক্য ৮.১ শতাংশ৷ তিনিওখন ৰাজ্যতে বিজেপিয়ে জয় লাভ কৰিছে, কিন্তু প্ৰতি ১০০জন ভোটাৰৰ মাত্ৰ কেইজনমান ভোটাৰৰ সমৰ্থনহে বিজেপিয়ে কংগ্ৰেছতকৈ বেছিকৈ লাভ কৰিছে৷ হিন্দীবলয়ৰ, হিন্দু সংখ্যাগৰিষ্ঠ ৰাজ্যকেইখনত কেৱল বিজেপিৰ সমৰ্থকেই নাই তেওঁলোকৰ বিৰোধী, তেওঁলোকক ভোট নিদিয়া মানুহো প্ৰায় সমান আছে৷ আনে নাজানিলেও বিজেপিৰ ৰণকৌশল তৈয়াৰ কৰাসকলে জানে যে কথাবোৰ বাহিৰত প্ৰচাৰ কৰাৰ দৰে ইমান সহজ নহয়৷ মাত্ৰ কেইজনমান ভোটাৰ আঁতৰি গ’লেই নিৰ্বাচনৰ ফলাফল সম্পূৰ্ণ সুকীয়া হৈ পৰিব৷ সেয়েহে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰীৰ আসনত বহুৱাবলৈ হ’লে তেওঁলোকে বহু জটিলতাৰ মাজেৰে পাৰ হ’ব লাগিব৷ জয়ী হোৱা ৰাজ্যকেইখনত কাক মুখ্যমন্ত্ৰী পাতিব তাক নিৰ্ণয় কৰোঁতে বহু কথা চালি-জাৰি চাব লগা হৈছে৷ ২০২৪ৰ লোকসভা নিৰ্বাচনলৈ ভোটখিনি ধৰি ৰাখিব পৰা মুখ্যমন্ত্ৰীৰ সন্ধান চলিছে৷ সন্দেহ-শংকা আছে বাবেই মুখ্যমন্ত্ৰী নিৰ্বাচন কৰোঁতে সময় লাগিছে৷ নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰীৰ আসনত বহুৱাবলৈ হ’লে এই বৃহৎ দেশখনত ২৭৩খন লোকসভাৰ আসনত জয়ী হ’ব লাগিব আৰু বিজেপিয়ে জানে যে তেওঁলোকৰ বিপক্ষে থকা ভোটাৰৰ সংখ্যা তেওঁলোকৰ সপক্ষে থকা ভোটাৰতকৈ বেছি হ’বলৈ বৰ বেছি দূৰলৈও যাব নালাগে, বেছি সময়ো নালাগে৷