Logo
image

উক্তি-বক্ৰোক্তি

ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা আছিল প্ৰকৃততে ভাৰতৰ চোৰ জোড়ো যাত্ৰা৷ কংগ্ৰেছ দুৰ্নীতিৰ দোকান৷ সেয়ে কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ধীৰাজ চাহুৰ ঘৰৰ পৰা তিনিশ কোটি নগদ টকা ওলাইছে৷ আজি আকৌ আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি দিৱস৷ সংযোগবশতঃ দুৰ্নীতিৰ দোকানৰ মালিকনীৰো আজি জন্মদিন৷ 

– বিজেপিৰ আইটি চেলৰ মুৰব্বী অমিত মালব্য


কংগ্ৰেছক ক্ষমতা লাগে একমাত্ৰ ৰাইজক শোষণ কৰিবলৈ৷ জনতাই শোষণ কৰিবলৈ কাকো ক্ষমতা নিদিয়ে৷ সেয়ে নৰেন্দ্ৰ মোদীক ৰাইজে বাৰে বাৰে ক্ষমতাত বহুৱাই আছে৷ ঝাৰখণ্ডৰ দৰে টকাৰ লাইব্ৰেৰী কেতিয়াবা ভূপেন বৰাৰ ঘৰতো দেখা পাব পাৰে৷ 

– বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা


মহুৱা মৈত্ৰক বৰ্খাস্ত কৰাক লৈ আনন্দিত হোৱাৰ কি কাৰণ আছে! আজি আচলতে দুখৰ দিন৷ তেওঁ মোক বৰ্খাস্ত কৰাৰ বাবে এবাৰ আহ্বান জনাইছিল৷ ময়ো তেওঁক বৰ্খাস্ত কৰাৰ বাবে আৱেদন জনাইছিলোঁ৷ ভাবিছিলোঁ মোৰ দৰে তেওঁ বৰ্খাস্ত নোহোৱাকৈ থাকি যাব৷ পিছে সেয়া নহ’ল৷ 

– বিজেপিৰ ঝাৰখণ্ডৰ সাংসদ নিশিকান্ত ডুৱে


এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা কৰা হ’লে কংগ্ৰেছে পাঁচ বা ছখন আসন পালেহেঁতেন৷ এতিয়া তেওঁলোকে এখন বা ডেৰখন আসনহে পাব৷ 

– এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমল


হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মহোদয়, আপোনালোকৰ ৪০ হাজাৰ কোটি টকীয়া ছেমিকণ্ডাক্টৰ প্ৰচেছিং  প্লাণ্ট সম্পূৰ্ণ হ’লে মোক এবাৰ অসমলৈ মাতিব৷ প্ৰকল্পটো চোৱাৰ মোৰ ইচ্ছা আছে৷ 

– লোকসভাৰ সাংসদ কাৰ্তি চিদাম্বৰম


টাটা গ্ৰুপে অসমত ছেমিকণ্ডাক্টৰ প্ৰচেছিং প্লাণ্ট স্থাপন কৰাৰ বাবে আৱেদন  জনাইছে৷ এই প্ৰকল্পই অসমৰ ছবি সলনি কৰি দিব৷ প্ৰকল্প সম্পূৰ্ণ হ’লে সেয়া চোৱাৰ বাবে কাৰ্তি চিদাম্বৰমে তেওঁক নিমন্ত্ৰণ জনাবলৈ অনুৰোধ কৰিছে৷ সেই অনুৰোধ মই ৰক্ষা কৰিম৷ প্ৰতিশ্ৰুতি দিলোঁ৷ 

– অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা


মুখ্যমন্ত্ৰী পদ লাভ কৰাটো সিমান ডাঙৰ কথা নহয়৷ তাতকৈ ডাঙৰ কথা হৈছে মধ্যপ্ৰদেশত বিজেপিয়ে পুনৰ জয়লাভ কৰা ডাব্‌ল ইঞ্জিন চৰকাৰ গঠন হোৱা৷ 

– মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীপ্ৰত্যাশী  শিৱৰাজ সিং চৌহান


অসমৰ বিৰোধী ঐক্য এক হৈ আছে, এক হৈ থাকিব৷ ১২ ডিচেম্বৰত ‘কা’ৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী সভাত সকলো বিৰোধী দলৰ সৈতে আমিও ভাগ ল’ম৷ 

– অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ


কংগ্ৰেছে যদি মুখ্যমন্ত্ৰী ঘোষণা কৰাত বিলম্ব কৰে তেন্তে বিজেপিৰ ধৰফৰণি উঠে৷ কেতিয়া কংগ্ৰেছে মুখ্যমন্ত্ৰী ঘোষণা কৰিব সেই লৈ প্ৰশ্নৰ উপৰি প্ৰশ্ন কৰে৷ এতিয়া তিনিখন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল ওলোৱা এসপ্তাহ হৈ গ’ল৷ বিজেপিয়ে ইমানদিনে এখন ৰাজ্যৰো মুখ্যমন্ত্ৰী নিৰ্বাচন কৰিবলৈ সক্ষম নহ’ল৷ ইমান সংগঠিত দলটোৰ এনে অৱস্থা কিয়? 

– ৰাজস্থানৰ বিদায়ী মুখ্যমন্ত্ৰী অশোক গেহলট