Logo
image

অৰণ্য মানৱ যাদৱ পায়েঙক 'শ্বহীদ কৰম সিং জনমভূমি বঁটা' প্ৰদান

ডিজিটেল সংবাদ, নগাঁওঃ "আমাৰ পৃথিৱী এখনেই , গতিকে পৃথিৱীক সকলোৱে ভাল পাব লাগে। ধৰিত্ৰী আইৰ এতিয়া পানীলগা জ্বৰ হৈছে। ধৰিত্ৰী আইৰ যেতিয়া সম্পূৰ্ণ জ্বৰ হ'ব তেতিয়া মানুহে পৃথিৱীৰ পৰা বিদায় ল'ব লাগিব। সেয়ে সময় থাকোতেই মানুহে ধৰিত্ৰীক সেউজ কৰি ৰাখিব লাগিব।" এই মন্তব্য অৰণ্য মানৱ হিচাপে খ্যাত পদ্মশ্ৰী যাদৱ পায়েঙৰ৷

দেওবাৰে নগাঁৱৰ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পৃথিৱীৰ সেউজীয়া মানুহ, 'ফৰেষ্ট মেন অফ ইণ্ডিয়া',অৰণ্য মানৱ পদ্মশ্রী যাদৱ পায়েঙক ২০২৩ বৰ্ষৰ 'শ্বহীদ কৰম সিং জনমভূমি বঁটা' প্রদান কৰা হয় ৷ বঁটা গ্ৰহণ কৰি পায়েঙে এই কথাৰ লগতে কয় যে অসম বনজ সম্পদৰে চহকী ৰাজ্য। অসমৰ মানুহক চাবৰ বাবে বিদেশৰ পৰা পৰ্যটক অসমলৈ নাহে। অসমৰ গছ-গছনি, চৰাই-চিৰিকটি, জীৱ-জন্তু, জলাশয় আদি চাবৰ বাবেহে বিদেশৰ পৰা পৰ্যটক অসমলৈ আহে। আনহাতে যোৱাটো জনমত ভাল কাম কৰাৰ বাবে অসমত জন্ম গ্ৰহণ কৰাৰ সৌভাগ্য হোৱা বুলি উল্লেখ কৰি পায়েঙে লগতে কয় যে ইমান ধুনীয়া অসমখনক পৃথিৱীৰ ক'তো দেখিবলৈ পোৱা নাযায়।

অৰণ্য মানৱ গৰাকীয়ে কৈশোৰ অৱস্থাত তেওঁৰ ৰক্তত প্ৰোথিত হোৱা অৰণ্য প্ৰেমৰ আৰম্ভণিৰ দিনবোৰৰ কথা বৰ্ণনা কৰে ৷ অৰণ্য পাতি গাঁৱলৈ হাতী, গঁড়, বাঘ আদি মাতি অনা বাবে তেওঁক কেনেকৈ মানুহে বেয়া পাইছিল সেয়া বৰ্ণনা কৰে ৷ মানুহক কেতিয়াও কেঁচা ফুল উপহাৰ নিদিবলৈ আহ্বান জনাই লগতে সকলোকে বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলক নিজৰ জন্মদিনত কেক কটাৰ সলনি একোটাকৈ গছপুলি ৰোপণ কৰিবলৈকো আহ্বান জনায় ৷

শ্বহীদ কৰম সিং ন্যাস, অসম, দুলীয়াজানৰ সৌজন্যত আগবঢ়োৱা এই বঁটাত আছে নগদ পঞ্চাশ হাজাৰ টকা, এটি স্মাৰক, শৰাই, গামোচা, প্ৰশস্তি পত্ৰ, অংগবস্ত্ৰ আৰু গ্ৰন্থৰ টোপোলা৷ বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰে 'আমাৰ অসম' কাকতৰ মুখ্য সম্পাদক, বিশিষ্ট গল্পকাৰ মনোজ কুমাৰ গোস্বামীয়ে ৷ বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট সাংবাদিক ,কথাশিল্পী মনোজ কুমাৰ গোস্বামীয়ে যাদৱ পায়েঙৰ দৰে ব্যক্তিক 'শ্বহীদ কৰম সিং বঁটা' প্ৰদান কৰা কাৰ্যক প্ৰশংসা কৰি কয় যে এগৰাকী যোগ্য ব্যক্তিক এই বঁটা প্ৰদান কৰা হৈছে। আনহাতে অসমৰ শিখ সমাজৰ লগত থকা ঘনিষ্ঠতাৰ বিষয়ে উল্লেখ কৰি গোস্বামীয়ে কয় যে  অসমীয়া শিখ সমাজে অসমত যিমান গুৰুত্ব পাব লাগিছিল সিমানখিনি পোৱা নাই। হয়তো তেওঁলোকৰ ভোটাৰ কম ৷ এয়া পৰিতাপৰ কথা ৷ সম্প্ৰতি অসমত গছপুলি ৰোৱাৰ ইভেণ্ট হৈছে ৷ কিন্তু কথাটো সকলোৱে কিমান গুৰুত্ব সহকাৰে লৈছে সেয়া চিন্তনীয় হৈ পৰিছে৷ 

আনহাতে অৰণ্য মানৱ যাদৱ পায়েঙৰ ভাষণৰ উদ্বৃতিৰে সাংবাদিক গোস্বামীয়ে কয় যে পায়েঙে সহজ ভাষাত গুৰুত্বপূৰ্ণ কথা কৈছে। এতিয়া পৃথিৱীখন ভাগ ভাগকৈ দেশ দেশ অথবা সমাজ সমাজ বুলি চোৱাৰ সময় নহয়। গোটেই পৃথিৱীখনেই এটা ঘৰ বা পৰিয়াল দৰে হৈছে। আনহাতে হাতী কিম্বা বাঘে মানুহৰ মাজত চলোৱা সন্ত্ৰাস সন্দৰ্ভত বিশিষ্ট সাংবাদিক গৰাকীয়ে কয় যে প্ৰকৃততে বাঘ, হাতী আদি বন্যজন্তুৰ খাদ্য আৰু বাসস্থান কাঢ়ি আনি মানুহেহে সন্ত্ৰাস সৃষ্টি কৰি আহিছে। সংবাদ মাধ্যমে এই কথা ভুলকৈ পৰিবেশন কৰি অহা বুলিও বিশিষ্ট সাংবাদিক গৰাকীয়ে মন্তব্য কৰে। 

আনহাতে বিশিষ্ট কবি-লেখক ড° নন্দ সিং বৰকলাই ৰচনা কৰা আৰু আজিৰ অনুষ্ঠানত উন্মোচন কৰা 'হাদিৰাচকী' নামৰ উপন্যাসখন অসমীয়া সাহিত্যৰ সম্পদ স্বৰূপ হ'ব বুলি গোস্বামীয়ে মত ব্যক্ত কৰে। উল্লেখ্য যে অসমৰ পৰা বিদেশী নাগৰিক বহিষ্কাৰ আন্দোলন (১৯৭৯-৮৫)ত অসমীয়া শিখ গাঁও নগাঁও জিলাৰ বৰকলাৰ সুযোগ্য সন্তান কৰম সিং ১৯৮৩ চনৰ ১ মার্চ তাৰিখে নগাঁৱৰ কামপুৰৰ ওচৰত শ্বহীদ হৈছিল। শ্বহীদ জনৰ পৰিয়ালে তেখেতৰ স্মৃতি জিলিকাই অসমীয়া শিখসকলৰ সমাজ জীৱনক অধিক চহকী কৰিবলৈ ২০১৯ চনত 'শ্বহীদ কৰম সিং ন্যাস, অসম, দুলিয়াজানৰ সৌজন্যত পৰিয়ালৰ একান্ত অর্থ ব্যৱস্থাত এটি ন্যাস গঠন কৰে। এই ন্যাসৰ দ্বাৰা প্ৰতি বছৰে অসমৰ সমাজ জীৱনক চহকী, স্বাভিমানী কৰি তোলা একোজন ধীমান, কৃতধী ব্যক্তিক 'শ্বহীদ কৰম সিং জনমভূমি বঁটা' প্রদান কৰি আহিছে ৷ একেটা  অনুষ্ঠানতে বিশিষ্ট মননশীল লেখক ড° নন্দ সিং বৰকলাৰ নৱতম উপন্যাস 'হাদিৰাচকী' উন্মোচন কৰা হয়৷ 

কাকলি শইকীয়াৰ বৰগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটোৰ প্ৰথমতে শ্বহীদ কৰম সিংৰ প্ৰতিচ্ছবিত অৰণ্য মানৱ যাদৱ পায়েং, শ্বহীদগৰাকীৰ জ্যেষ্ঠ ভাতৃ জিৎ সিং প্ৰমুখ্যে কৰি বিশিষ্ট লোকসকলে শ্ৰদ্ধা নিবেদন কৰে ৷ আদৰণি ভাষণত নগাঁৱৰ যুৱ সাংবাদিক জ্যোতিপ্ৰসাদ বৰাই শ্বহীদ কৰম সিঙৰ আত্মবলিদান আৰু হাদিৰাচকী ৰণৰ পটভূমিৰ আভাস দাঙি ধৰে ৷ বিশিষ্ট অতিথিৰ ভাষণত  সাপ্তাহিক কাকত 'কলংপাৰ'ৰ সম্পাদক গুৰমাইল সিঙে অসম আন্দোলনত অসমৰ শিখ সমাজৰ অৱদানৰ ওপৰত আলোকপাত কৰে ৷ তেওঁ শ্বহীদ কৰম সিং জনমভূমি বঁটা প্ৰদানৰ উদ্যোগ লোৱা বাবে শ্বহীদগৰাকীৰ পৰিয়ালৰ শলাগ লোৱাৰ লগতে ড° নন্দ সিং বৰকলাৰ অক্লান্ত  কৰ্মস্পৃহাৰ প্ৰশংসা কৰে ৷ নিজৰ ভাষণত তেওঁ আৰু কয় যে মানুহে সহানুভূতি আদায়ৰ বাবে চেষ্টা চলোৱাৰ পৰিবৰ্তে সদায় নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিবলৈ তৎপৰ হোৱা উচিত৷ আনহাতে ড° নন্দ সিং বৰকলাই তেওঁৰ নৱতম গ্ৰন্থ 'হাদিৰাচকী'ৰ ৰচনাৰ আঁৰৰ কথা ব্যক্ত কৰে। তেওঁ লগতে অৰণ্য মানৱ যাদৱ পায়েঙৰ বিলাসিতাহীন অথচ অসাধাৰণ বৰ্ণাঢ্য জীৱন শৈলীৰো বৰ্ণনা কৰে৷ 

ড° নন্দ সিং বৰকলাই কয় যে অৰণ্য হৈছে অহিংসা আৰু সীমাহীনতাৰ প্ৰতীক ৷ নিজৰ অভিজ্ঞতা এটা ব্যক্ত কৰি তেওঁ কয় যে এবাৰ মাজুলীত এখন অত্যাধুনিক গাড়ীৰ পম খেদি যাওঁতে দেখিছিল  চেক’শ্লেভিয়াৰ দুজন পৰ্যটকক এখন বিলৰ এবুকু পানীত চৰাইৰ ফটো আৰু মাত সংগ্ৰহ কৰা অৱস্থাত৷ অৰণ্যৰ প্ৰেমত পৰা মানুহবোৰ এনেকুৱাই ৷ ইয়াৰ লগতে তেওঁ  অসমলৈ শিখসকলৰ আগমনৰ কথা , ইন্দিৰা গান্ধীৰ হত্যাৰ পৰা পঞ্জাৱৰ গণ হত্যালৈকে, সঞ্জয় ঘোষৰ পৰা আৰম্ভ কৰি কমলা শইকীয়াৰ হত্যালৈকে, অসম আন্দোলনৰ ৰক্তাক্ত দিনৰ কথা নিজৰ সুদীৰ্ঘ ভাষণত বৰ্ণনা কৰে ৷ সভাতে শিল্পী লক্ষীপ্ৰভা শইকীয়াই নিজে অংকন কৰা ড° নন্দ সিং বৰকলাৰ এখন ছবি সাহিত্যিকগৰাকীক আনুষ্ঠানিকভাৱে অৰ্পণ কৰে৷  জনপ্ৰিয় কন্ঠশিল্পী কৃষ্ণমণি নাথে কবি নলিনীবালা দেৱীৰ 'জনমভূমি' কবিতাটো গুণগুনাই সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷ অনুষ্ঠানৰ আৰম্ভণিতে এটি বৰগীত পৰিৱেশন কৰে শিল্পী  কাকলি শইকীয়াই৷

সভাত অন্যান্য সকলৰ লগতে গল্পকাৰ শিৱানন্দ কাকতি, বিশিষ্ট কবি ডাঃ প্ৰয়াগ শইকীয়া, প্ৰদীপ শইকীয়া, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সদানন্দ পায়েং, শ্বহীদ কৰম সিং ন্যাসৰ কৰ্মকৰ্তাসকলকে ধৰি ভালেসংখ্যক লোক উপস্থিত থাকে ৷ অনুষ্ঠানটিৰ আঁত ধৰে সাংস্কৃতিক সংগঠক গৌৰী প্ৰসাদ শৰ্মাই।