Logo
image

ন-অসমীয়াক নস্যাৎ মুখ্যমন্ত্ৰীৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ ডিচেম্বৰঃ পূৰ্ববংগৰ পৰা অসমলৈ আহি পৰৱৰ্তী সময়ত অসমৰ বায়ু-পানীত জীণ যোৱা লোকসকলক নতুন [ন] অসমীয়া বুলি অভিহিত কৰিছিল বহুকেইগৰাকী অবিতৰ্কিত বুদ্ধিজীৱীয়ে৷ প্ৰসিদ্ধ সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিয়ে ১৯৭০ চনত তেওঁৰ সম্পাদিত নীলাচলত ‘ন-অসমীয়া’ক লৈ বিশেষ সংখ্যাৰূপে প্ৰকাশ কৰিছিল৷ আন কেইবাজনো বিশিষ্ট বুদ্ধিজীৱীয়ে পূৰ্ব-বংগীয় মুছলমান যিসকলক ‘মিঞা’ বুলি কোৱা হয়, তেওঁলোকক ন-অসমীয়া অভিধা দি আহিছে৷ সেই ন-অসমীয়া বা নতুন অসমীয়াক নস্যাৎ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ দেওবাৰে গুৱাহাটীৰ বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰৰ পৰা ‘ন-অসমীয়া’ক নস্যাৎ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়– যিসকলৰ বিৰুদ্ধে আমি আন্দোলন কৰিছিলোঁ তেওঁলোকক নতুন অসমীয়া সজোৱাৰ প্ৰচেষ্টা চলাইছে কিছুমান বুদ্ধিজীৱীয়ে৷ কোনো জাতিক নতুন ব্যক্তিৰ প্ৰয়োজন নাথাকে৷ অসমৰ কোনো জাতিক নতুন অসমীয়াৰ প্ৰয়োজন নাথাকে৷ অসমীয়াৰ পৰিচয় কেৱল অসমীয়া৷ নতুন আৰু পুৰণি নহয়৷ একাংশ বুদ্ধিজীৱীয়ে কোৱাৰ দৰে নতুন অসমীয়া বুলি কোনো সংজ্ঞা নাই৷  উল্লেখ্য, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি পশ্চিম বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰত আয়োজন কৰা শ্বহীদ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম আন্দোলনত আত্মবলিদান দিয়া অমৰ শ্বহীদসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷  অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কৃতজ্ঞ অসমীয়া জাতিৰ হৈ শ্বহীদসকলৰ আদৰ্শ আগুৱাই লৈ যোৱাৰ বাবে আজিৰ এই দিনটোতে পুনৰ এবাৰ প্ৰতিজ্ঞাবদ্ধ হোৱাৰ কথা উল্লেখ কৰে৷ তেওঁ কয়– ১৯৭৯ চনৰ ১০ ডিচেম্বৰৰ পুৱতি নিশা অসমৰ জনগণে অবৈধ বুলি ঘোষণা কৰা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ বাবে ভূতপূৰ্ব ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদৰ পত্নী আবিদা বেগম বৰপেটালৈ ৰাওনা হোৱাত প্ৰতিবাদী সমদলত অংশ লৈ ভাৰতৰ সাৰ্বভৌমত্ব আৰু সংবিধানৰ পৱিত্ৰতা ৰক্ষা কৰিবলৈ উজান বৰবড়ি গাঁৱৰ  ছাত্ৰ খৰ্গেশ্বৰ তালুকদাৰে নিজৰ জীৱন আহুতি দিছিল৷ এই আন্দোলনৰ পৰৱৰ্তী পৰ্যায়ত অসমৰ ৮৬০ গৰাকী শ্বহীদে আত্মবলিদান দি জাতীয় আন্দোলনটোক অধিক শক্তিশালী ৰূপ দিয়াৰ উপৰি ৰাজ্যখনৰ লগতে দেশৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখনক মহীয়ান কৰি তুলিছিল৷ বিদেশী বিতাড়নৰ লক্ষ্যৰে অসম আন্দোলন আৰম্ভ হ’লেও এই আন্দোলনৰ উদ্দেশ্য অধিক বিশাল¸ আছিল বুলি তেওঁ কয়৷ অসম আন্দোলন অসমীয়াৰ স্বদেশ প্ৰেম আৰু ত্যাগৰ উৎকৃষ্ট  নিদৰ্শন ৷ অসমীয়াৰ অস্তিত্ব, স্বাভিমান, ভাষা-কৃষ্টি-সংস্কৃতি আৰু ঐতিহ্য এই সকলোবোৰকে অসম আন্দোলনে সামৰি লৈছিল৷ অসমবাসীৰ মাজত সাংস্কৃতিক আৰু সামাজিক চিন্তা-চেতনাক জাগ্ৰত কৰি এই আন্দোলনে আমাৰ জাতিটোক নতুন প্ৰাণ দিছিল৷ অসমৰ বিদেশী বিতাড়ণ আৰু অস্তিত্ব ৰক্ষাৰ আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ অমৰ স্মৃৃতিত অসমৰ ৰাইজে প্ৰতি বছৰে ১০ ডিচেম্বৰৰ দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে৷ অসম আন্দোলনৰ পটভূমিৰ বিষয়ে বক্তব্য দাঙি ধৰি তেওঁ কয় যে ১৯৭৯ চনৰ মাৰ্চ মাহত সেই সময়ৰ মঙলদৈ সমষ্টিৰ সাংসদ হীৰালাল পাটোৱাৰীৰ পৰলোকপ্ৰাপ্তি হয়৷ সেই আসনখন খালী হোৱাত নিৰ্বাচনী আয়োগে মঙলদৈ সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ কৰে আৰু ১৯৭৯ চনৰ এপ্ৰিল মাহৰ ভোটৰ তালিকাৰ খচৰা প্ৰকাশ কৰি পুনৰীক্ষণৰ নিৰ্দেশ দিয়ে৷ সেই প্ৰক্ৰিয়াত ন্যায়াধীকৰণসমূহে প্ৰায় ৪৭ হাজাৰ সন্দেহজনক নামৰ তালিকা এখন পৰ্যালোচনা কৰিছিল৷  যাৰ ভিতৰত ২৬ হাজাৰ অৰ্থাৎ ৭২ শতাংশ নাম সন্দেহজনক বুলি নিশ্চিত কৰিছিল৷ এই ঘটনাই ৰাজ্যত এক তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে আৰু অসমত এটা আন্দোলনৰ উকমুকনি সৃষ্টি হয়৷ সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰি ১৯৭৯ চনৰ জুন মাহত বিদেশী কৰায়ত্ব কৰা, ভোটাধিকাৰ কৰ্ত্তন কৰা আৰু বিদেশী বিতাড়নৰ দাবী তোলে৷ সেই সময়তে ১৯৭৯ চনৰ ২০ আগষ্টত কেন্দ্ৰত চৰণ সিং চৰকাৰৰ পতন ঘটে আৰু সেই বছৰৰে ২২ আগষ্টত লোকসভা ভংগ কৰা হয়৷ দেশৰ নতুন সাধাৰণ নিৰ্বাচন ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত মঙলদৈৰ উপ-নিৰ্বাচন বাতিল হয়৷ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই ১৯৮০ চনৰ সাধাৰণ নিৰ্বাচনৰ ভোটাৰ তালিকা  পুনৰীক্ষণ নকৰাকৈ অসমৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিৰোধিতা কৰে৷ ১৯৭৯ চনৰ ২৬ নৱেম্বৰত ১৭ জনীয়া  ছাত্ৰ নেতাৰ এটা প্ৰতিনিধি দলে অসমত নিৰ্বাচন স্থগিত ৰাখিবলৈ ৰাষ্ট্ৰপতি নিলম সঞ্জীৱা ৰেড্ডীক স্মাৰকপত্ৰ  দাখিল কৰে আৰু তাৰ দুদিন পিছত গৃহমন্ত্ৰী, বিৰোধী নেতা আৰু অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে এই বিষয়ত আলোচনা কৰিবলৈ এখন বৈঠক অনুষ্ঠিত কৰিছিল যদিও এই বৈঠকত সমাধান সূত্ৰ ওলোৱা নাছিল৷ সেই বছৰৰে ২ ডিচেম্বৰত মুখ্য নিৰ্বাচনী আয়ুক্তই ভোট গ্ৰহণ স্থগিত নকৰাৰ সিদ্ধান্ত লয় আৰু মনোনয়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰে৷ সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদে মনোনয়ন দাখিলৰ বিৰোধিতাৰে সকলো ভোটগ্ৰহণ কেন্দ্ৰৰ সন্মুখত ১৯৭৯ চনৰ ডিচেম্বৰৰ প্ৰথম সপ্তাহত গণ পিকেটিং আৰম্ভ কৰে৷ ১৯৭৯ চনৰ ১০ ডিচেম্বৰত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনটোত ৰাজ্যজুৰি বন্ধ ঘোষণা কৰা হৈছিল৷ ৰাজ্যৰ প্ৰধান চহৰ গুৱাহাটীকে ধৰি বিভিন্ন প্ৰান্তত চৰকাৰে সান্ধ্য আইন ঘোষণা কৰে৷ গুৱাহাটীৰ লাখটকীয়াৰ পৰা বৰপেটাৰ নিৰ্বাচনী প্ৰাৰ্থী বেগম আবিদা আহমেদৰ মনোনয়ন দাখিলৰ পথত  আৰক্ষী মহাপৰিদৰ্শক কেপিএছ গীলে এটা বাহিনীসহ প্ৰতিবাদীসকলক প্ৰতিহত কৰাৰ চেষ্টা কৰে৷ তেওঁলোকে  প্ৰতিবাদকাৰীসকলক আক্ৰমণ কৰে৷ সেই ঘটনাতে ২২ বছৰীয়া খৰ্গেশ্বৰ তালুকদাৰক ভৱানীপুৰত নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰা হয়৷ অসমৰ ৰাইজে খৰ্গেশ্বৰ তালুকদাৰৰ সেই মৃত্যুৰ দিনটো বিদেশী বিতাড়ন আন্দোলনৰ পৱিত্ৰ শ্বহীদসকলৰ সোঁৱৰণত শ্বহীদ দিৱস হিচাপে ১৯৭৯ চনৰ পৰা আজিলৈকে পালন কৰি আহিছে৷ কৃতজ্ঞ অসমীয়া জাতিয়ে ৮৬০ গৰাকী শ্বহীদৰ অৱদানক কেতিয়াও পাহৰিব নোৱাৰে৷ তেওঁলোক আমাৰ জাতিটোৰ বাবে ত্যাগ, সাহস, শৌৰ্য আৰু বীৰ্যৰ উৎকৃষ্ট নিদৰ্শন হৈ থাকিব৷  প্ৰসংগক্ৰমে তেওঁ  কয়–অসম আন্দোলনৰ ফলশ্ৰুতিত সম্পাদন কৰা অসম চুক্তি ৰূপায়ণৰ কাম চলি আছে৷ অসম চুক্তিৰ ছয় নং দফা মতেই হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণ৷ এই দফা অনুসৰি চৰকাৰী চাকৰিৰ এশ শতাংশই পাইছে অসমীয়াই৷