Logo
image

অনুকৰণীয় পদক্ষেপ

শীতৰ আগমন মানেই বনভোজৰ বতৰ৷ ডিচেম্বৰ মাহৰ পৰাই অসমত আৰম্ভ হয় বনভোজ৷ গতানুগতিকতাৰ পৰা আঁতৰি নৈসৰ্গিক পৰিৱেশত বন্ধু-বান্ধৱ অথবা পৰিয়াল-স্বজনৰ সৈতে আনন্দ-স্ফুৰ্তিৰে এসাঁজ খোৱাৰ উদ্দেশ্যে শীতকালৰ এই দিনকেইটাত বনভোজস্থলীবোৰত ভিৰ কৰে বহুসংখ্যক লোকে৷ এয়া কোনো নতুন কথা নহয়৷ পুৰণি দিনৰ পৰাই চলি আহিছে এই পৰম্পৰা৷ কিন্তু এতিয়া বনভোজস্থলীবোৰৰ পৰিৱেশ পূৰ্বৰ দৰে হৈ থকা নাই৷ এচাম লোকৰ অবিবেচক কৰ্ম-কাণ্ডৰ বাবে বনভোজস্থলীবোৰ প্ৰদূষিত হোৱাৰ লগতে বিভিন্ন অনাকাংক্ষিত ঘটনা সংঘটিত হোৱাৰ বিষয়ে প্ৰায়েই সংবাদ মাধ্যমযোগে জানিব পৰা যায়৷ বনভোজস্থলীবোৰত সকলো শ্ৰেণীৰ লোকৰ সমাৱেশ ঘটে আৰু সেয়েহে এচাম লোকৰ কেতবোৰ কৰ্ম-কাণ্ড আন এচামৰ বাবে বিৰক্তিকৰ আৰু অসহনীয় হৈ পৰিবও পাৰে আৰু সেইবাবেই আজিকালি বনভোজস্থলীবোৰত বিভিন্ন দলৰ মাজত হায়-কাজিয়া, আনকি মাৰপিটপৰ্যন্ত হোৱা দেখা যায়৷ এনেধৰণৰ ঘটনাৰ পৰা হাত সাৰিবলৈ হ’লে প্ৰশাসন অথবা স্থানীয় আৱাসীয়ে কেতবোৰ নিষেধাজ্ঞা বান্ধি দিয়া উচিত৷ বনভোজস্থলীবোৰত সচৰাচৰ দেখা দিয়া সমস্যাবোৰৰ অন্যতম হৈছে প্ৰদূষণ৷ বনভোজ খোৱাৰ পাছত প্লাষ্টিক বেগৰ লগতে আন পেলনীয়া সামগ্ৰীবোৰ য’তে-ত’তে পেলাই থৈ অহাটো এক সাধাৰণ ঘটনাত পৰিণত হৈছে৷ যাৰ ফলত অঞ্চলটোত জাবৰ-জোঁথৰৰ দ’মৰ সৃষ্টি হয়৷ তাৰ মাজতে অৱশ্যে আন একাংশ পৰিৱেশ সচেতন লোকে জাবৰ-জোঁথৰবোৰ  জ্বলাই অথবা গাঁত খান্দি পুতি থৈ আনক দৃষ্টান্ত দেখুৱাই দিয়াৰো উদাহৰণ দেখা যায়৷

বনভোজস্থলীবোৰৰ প্ৰাকৃতিক পৰিৱেশ যাতে বিনষ্ট নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ ওড়িশা চৰকাৰে এক বিশেষ পদক্ষেপ হাতত লৈছে৷ Youth4Water নামৰ বেচৰকাৰী সংস্থাটোৰ সহযোগত ৰাজ্যখনৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে এশটা বনভোজস্থলীত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক সম্পূৰ্ণভাৱে নিষিদ্ধ কৰাৰ অভিযান আৰম্ভ কৰিছে৷ এই অভিযানৰ বাবে প্ৰাৰম্ভিক পৰ্যায়ত ৰাজ্যখনৰ ২১খন জিলাক সামৰি লোৱা হ’ব৷ নিঃসন্দেহে এয়া এক দৃষ্টান্তমূলক পদক্ষেপ বুলি ক’ব লাগিব৷ প্লাষ্টিকৰ পেলনীয়া সামগ্ৰীৰ বিৰুদ্ধে যথেষ্ট চৰ্চা হয়, গণসচেতনতা বৃদ্ধিৰ চেষ্টা চলোৱা হয় যদিও কাৰ্যক্ষেত্ৰত তাৰ ফল আশাপ্ৰদ নহয়৷ প্লাষ্টিক বেগ ব্যৱহাৰৰ ক্ষেত্ৰত আমি কিমান সচেতন, সেয়াও এটা ভাবিবলগীয়া কথা৷ উত্তৰ-পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটীতো প্লাষ্টিক আৱৰ্জনা এক ডাঙৰ সমস্যা হৈ পৰিছে৷ জানিব পৰা মতে, গুৱাহাটীত প্ৰতিদিনে প্ৰায় ৩৭ হাজাৰ প্লাষ্টিক আৱৰ্জনাৰ সৃষ্টি হয়৷ আনহাতে, অসমত দৈনিক ৩ লাখ কিলোগ্ৰামতকৈ অধিকপ্লাষ্টিক আৱৰ্জনাৰ সৃষ্টি হয়৷ প্লাষ্টিক আৱৰ্জনা পুনৰ ব্যৱহাৰৰ উপযোগী কৰি তুলিব পাৰিলে প্ৰদূষণ যথেষ্টখিনি হ্ৰাস কৰিব পৰা যায়৷ পলিথিন বেগ আৰু আন এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক সামগ্ৰীবোৰ পৰিৱেশৰ বাবে কিমান ক্ষতিকাৰক সেই কথা জানি-বুজিও এই সামগ্ৰীবোৰ ব্যৱহাৰৰ ক্ষেত্ৰত সচেতন নহয় শিক্ষিত লোকসকলো৷ সকলো জানি-বুজিও পলিথিন বেগ আৰু আন প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰৰ পাছত য’তে-ত’তে পেলোৱাৰ সহজাতপ্ৰৱণতা দেখা যায় বহু লোকৰ ক্ষেত্ৰত৷ এনে মানসিকতা সলনি কৰিব নোৱাৰিলে প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত চৰকাৰৰ কঠোৰ নীতিও সফল নহ’ব৷ কেইমাহমান পূৰ্বে দেশৰ আন কেইবাখনো ৰাজ্যৰ লগতে অসমতো এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক বেগ ব্যৱহাৰৰ ক্ষেত্ৰত চৰকাৰে নিষেধাজ্ঞা জাৰি কৰিছিল৷ কিন্তু কেইমাহমান উকলি যোৱাৰ পাছত এতিয়া সৰ্বত্ৰ অবাধে ব্যৱহাৰ হৈ আছে এনে সামগ্ৰীবোৰ৷ এটা কথা স্বীকাৰ কৰিব লাগিব যে প্ৰদূষণ সৃষ্টি কৰিব পৰা প্লাষ্টিকৰ ব্যৱহাৰ নিষিদ্ধ কৰিবলৈ হ’লে তেনে সামগ্ৰীৰ উৎপাদনো বন্ধ কৰিব লাগিব৷  কিন্তু চৰকাৰৰ পক্ষে সেয়া বৰ সহজ নহ’ব৷ কিয়নো প্লাষ্টিকৰ সামগ্ৰীৰ উৎপাদনৰ সৈতে জড়িত আছে বহুসংখ্যক লোক৷ প্লাষ্টিকৰ সামগ্ৰীৰ ব্যৱহাৰ সম্পূৰ্ণ নিষিদ্ধ কৰাটো হয়তো সহজসাধ্য নহ’ব৷ কিন্তু বনভোজস্থলী, পৰ্যটনস্থলী আৰু আন ৰাজহুৱা স্থানত যদি এনে সামগ্ৰীৰ ব্যৱহাৰ বন্ধ কৰিব পৰা যায়, তাৰ দ্বাৰা কিছু পৰিমাণে হ’লেও পাৰিপাশ্বিৰ্কতাত কিছু ইতিবাচক প্ৰভাৱ পৰিব৷ এইক্ষেত্ৰত ওড়িশা চৰকাৰৰ পদক্ষেপ আন ৰাজ্যৰ বাবে অনুকৰণীয় হোৱা উচিত৷