Logo
image

প্ৰাক্তন আলফা দৃষ্টি, আছুনেতা দীপাংক বাজপেয়ী ভৱনৰ পদূলিত

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৩ ডিচেম্বৰঃ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহত যোগদান প্ৰক্ৰিয়া তুংগত উঠিছে৷ নতুন নতুন মুখে ৰাজনৈতিক দলসমূহলৈ আগমন ঘটাৰ লগতে দল বাগৰাৰ ৰাজনীতিও আৰম্ভ হৈছে৷ দুদিন পূৰ্বে শাসকীয় বিজেপি দলক ভ্ৰষ্টাচাৰী বুলি সমালোচনা কৰা বিৰোধী নেতা-পালিনেতাই হাঁহি হাঁহি শাসকীয় দলত যোগদান কৰিছে৷ একেদৰে শাসকীয় দলত থাকিও কোনো গুৰুত্ব নোপোৱা তথা টিকট বঞ্চিত হোৱাৰ আশংকাতো বহুজনে বিৰোধী ৰাজনৈতিক দলত যোগদান কৰিছে৷ ৰাজনৈতিক দলত যোগদান আৰু পদত্যাগ কোনো নতুন কথা নহয় যদিও এইবাৰ আদৰ্শ বিসৰ্জন দি কেইবাজনো নেতাই বিজেপি দলত যোগদান কৰিবলৈ সাজু হৈছে৷ বিজেপিত যোগদানৰ বাবে কঁকালত টঙালি বান্ধিছে একালৰ দুৰ্ধৰ্ষ আলফা নেতাৰ পৰা আছুৰ প্ৰাক্তন শীৰ্ষ নেতালৈ৷ বিজেপিত যোগদানৰ বাবে যোগাযোগ আৰম্ভ হৈছে আলফাৰ মূৰব্বী পৰেশ বৰুৱাৰ একালৰ অন্যতম বিশ্বস্ত সংগী তথা দুৰ্ধৰ্ষ উগ্ৰপন্থী নেতা মনোজ ৰাভা ওৰফে দৃষ্টি ৰাজখোৱা৷ স্বাধীন অসমৰ স্বপ্ন এৰি ৰাজনীতিৰ পথাৰলৈ আহিব বিচৰা আলফাৰ প্ৰাক্তন উপ-মুখ্য সেনাধ্যক্ষ ৰাজখোৱাই ২০২৬ৰ বিধানসভা নিৰ্বাচনত গোৱালপাৰাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈকো মন মেলিছে৷ আনহাতে, বিজেপিত যোগদানৰ বাবে সাজু হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথ৷ প্ৰায় ডেৰ বছৰ পূৰ্বে আছুৰ পৰা অব্যাহতি লৈ সাংসাৰিক জীৱন আৰম্ভ কৰা দীপাংক নাথে অচিৰেই বিজেপিত যোগদান কৰিব বুলি দলীয় এটা শীৰ্ষ সূত্ৰই নিশ্চিত কৰিছে৷ আনহাতে, বিজেপিত যোগদানৰ বাবে যোগাযোগত থকা আন এজন হৈছে কংগ্ৰেছ আৰু আম আদমি পাৰ্টীৰ প্ৰাক্তন নেতা কমল কুমাৰ মেধি৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন সম্পাদক কমল কুমাৰ মেধিয়ে ইয়াৰ পূৰ্বে ৰাইজৰ দল, কংগ্ৰেছ আৰু আপত যোগদান কৰিছিল৷ বিৰোধী শিবিৰত থকা নেতাজনে এইবাৰ শাসকীয় বিজেপি দললৈ মন মেলা বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে৷ ইফালে বিজেপিত যোগদান কৰিবলৈ সাজু হৈছে আছুৰ পৰা অপসাৰিত নেতা দিব্যজ্যোতি মেধি৷ ৩ শতাধিক সহযোগীক লৈ বিজেপিত যোগদানৰ প্ৰস্তুতি চলাইছে অপসাৰিত আছু নেতাজনে৷ ইতিপূৰ্বে দিব্যজ্যোতি মেধিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সাক্ষাৎ কৰিছে৷ বুধবাৰে দিনৰ এঘাৰ বজাত বাজপেয়ী ভৱনত অনুষ্ঠিত হ’বলগীয়া এখন সভাত দিব্যজ্যোতি মেধিয়ে বিজেপিত যোগদান কৰিব বুলি দলীয় সূত্ৰই জানিবলৈ দিছে৷