Logo
image

হিকটি আহিলে এইখিনি কৰক

কোনো খাদ্যবস্তু খোৱাৰ সময়ত হঠাৎ হিকটি আহিলে সমস্যাৰ সৃষ্টি হয়৷ কেতিয়াবা খৰখেদাকৈ খাদ্য গ্ৰহণ কৰিলে এনে সমস্যা হয়৷ কেতিয়াবা খাদ্য গ্ৰহণৰ সময়ত কাহ অথবা হাচি আহিলেও হিকটি আহিব পাৰে৷ এইদৰে হিকটি আহিলে কেইটামান ঘৰুৱা উপায়ৰ জৰিয়তে তৎকালে সুফল পাব পাৰি৷ 

 হিকটি আহিলে নাক বন্ধ কৰি দীঘলীয়াকৈ উশাহ লৈ থাকিব লাগে৷ যিমান সময় পৰা যায় সিমান সময় এইদৰে দীঘলীয়াকৈ উশাহ লৈ থাকিলে তাৎক্ষণিকভাৱে হিকটিৰ পৰা ৰক্ষা পাব পাৰি৷ 

 কাণ দুখন আঙুলিৰে হেঁচি ৰাখি কিছু সময় থাকিলেও হিকটিৰ পৰা ৰক্ষা পাব পাৰি৷ 

 হিকটি আহিলে এক চামুচ মাখন বা চেনি তাৎক্ষণিকভাৱে খালে হিকটি কমি যায়৷ 

 হিকটি অহাৰ সময়ত এটুকুৰা নেমু মুখত ল’লেও এই সমস্যা দূৰ হয়৷ 

 হিকটি অহাৰ সময়ত মুখত এটুকুৰা বৰফ ল’লেও কিছু সময়ৰ পাছতেই হিকটিৰ পৰা ৰক্ষা পাব পাৰি৷

 একেৰাহে হিকটি আহি থাকিলে জিভাখন যিমান পাৰে বাহিৰলৈ উলিয়াই দিব লাগে৷ এনে কৰিলে নাকৰ ফুটা দুটা স্বৰযন্ত্ৰৰ লগত সংলগ্ন অংশটো খোল খাই যায়৷ ইয়াৰ ফলত হিকটি বন্ধ হয়৷

 দুটামান জালুক, আধা চামুচ চেনি চোবাই খালেও হিকটি বন্ধ হয়৷