এক লাখ নিযুক্তিৰ পাছত কি হ’ব
২০২১ চনৰ বিধানসভা নিৰ্বাচনত সেনাপতিৰ দায়িত্বত থকা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী সভাবোৰত কৰা এটা ঘোষণাই দৃষ্টি আকৰ্ষণ কৰিছিল অসমৰ নিবনুৱা যুৱক-যুৱতীক৷ অসমত পুনৰ বিজেপিৰ চৰকাৰ প্ৰতিষ্ঠা হ’লেই ৰাজ্যৰ এক লাখ শিক্ষিত নিবনুৱাক চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিয়ে হৃদয় জিনিছিল অসমৰ লাখ লাখ নিবনুৱাক৷ নিৰ্বাচনত বিজয়ী হোৱাৰ পাছত চৰকাৰৰ গুৰি ধৰা মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আৰম্ভ কৰা নিযুক্তি প্ৰক্ৰিয়াই ইতিমধ্যে সাঙুৰি লৈছে আশী হাজাৰৰ অধিক যুৱক-যুৱতীৰ৷ ইতিমধ্যে চৰকাৰৰ বিভিন্ন বিভাগত যোগদান কৰা নৱনিযুক্ত চৰকাৰৰ কৰ্মচাৰীসকলে গ্ৰহণ কৰিছে নিজ নিজ দায়িত্ব৷ আশা কৰা মতে অহা কেইটামান মাহত অসমত সম্পূৰ্ণ হ’ব এক লাখ নিযুক্তিৰ সীমা আৰু হয়তো প্ৰতিটো বৰ্ষতে অৱসৰৰ বাবে খালী হোৱা পদৰ বাহিৰে কোনো নতুন পদ নাথাকিব নিবনুৱাৰ সংস্থাপনৰ কাৰণে৷
এতিয়া সমগ্ৰ অসমত নিয়োগ বিনিময় কেন্দ্ৰসমূহত পঞ্জীয়ন কৰা নিবনুৱাৰ সংখ্যা সোতৰ লাখ আৰু অহাটো বৰ্ষত সেই সংখ্যা হ’বগৈ বিছ লাখ৷ প্ৰশ্নটো হৈছে, চৰকাৰী চাকৰিৰ পথ বন্ধ হোৱা পৰিস্থিতিত কি পথেদি যাব অসমৰ শিক্ষিত নিবনুৱাসকল? চৰকাৰ এখনৰ কাৰণে কেনেকৈ সম্ভৱ হ’ব প্ৰয়োজনৰ অধিক নিযুক্তিত অনুমোদন দিয়াৰ৷ দেশৰ প্ৰতিখন ৰাজ্যই আজি নিবনুৱা সমস্যাৰ হেঁচাত দিশহাৰা হৈছে বুলি ক’ব পাৰি৷ চৰকাৰৰ অধীনস্থ বিভিন্ন বিভাগ যেনে– কৃষি, উদ্যোগ, পৰ্যটন ক্ষেত্ৰবোৰত কেনেদৰে নিবনুৱাই সংস্থাপনৰ পথ পাব পাৰে তাৰ বিশ্লেষণৰ প্ৰয়োজনীয়তা আছে৷
অসমৰ কৃষিখণ্ডত নিয়োজিত ব্যক্তিসকলৰ প্ৰতি যদি দৃষ্টি দিয়া হয়, তেনেহ’লে দেখা যায় অনেক ঋণাত্মক প্ৰতিচ্চবি৷ দেশৰ কৃষিপ্ৰধান ৰাজ্য পঞ্জাবৰ কৃষিখণ্ডত শিক্ষিত নিবনুৱাৰ প্ৰৱেশ সৰ্বজনবিদিত৷ অসমৰ চৰ-চাপৰি আৰু সংখ্যালঘু অধ্যুষিত এলেকাসমূহত ধম¹য় সংখ্যালঘু শিক্ষিত নিবনুৱাসকল জঁপিয়াই পৰিছে কৃষিকৰ্মত৷ সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে বছৰত একাধিক খেতি কৰা তেনে যুৱকক অনুসৰণ কৰাটো প্ৰয়োজন অসমৰ থলুৱা শিক্ষিত নিবনুৱাই৷ বজাৰত চাহিদা থকা ধানৰ লগতে শাক-পাচলিৰ খেতি, ফলমূলৰ খেতিৰ প্ৰতি প্ৰতিজন কৰ্মঠ শিক্ষিত নিবনুৱাক আকৰ্ষিত কৰাৰ পন্থা হাতত লোৱাটো আৱশ্যক বৰ্তমান সময়ত৷
কৃষিকৰ্মৰ বিপৰীতে উদ্যোগ ক্ষেত্ৰত চাহিদা থকা অসমৰ বাঁহ-বেতৰ শিল্প, মৃৎ শিল্প, ফলৰ ৰস প্ৰস্তুত কৰা, মৌপালন, ছাগলী-গৰু-গাহৰি পালন, থলুৱা বস্ত্ৰ প্ৰস্তুত কৰা আদি কৰ্মৰ প্ৰতি নিবনুৱাক আত্মপ্ৰকাশৰ সুবিধা দিয়াৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে ৰাজ্য চৰকাৰে৷ পৰ্যটন ক্ষেত্ৰত থকা সম্ভাৱনীয়তাখিনি নিবনুৱাৰ সন্মুখত দাঙি ধৰাৰ দায়িত্ব চৰকাৰৰ৷ অসমৰ প্ৰতিটো পৰ্যটনস্থলীৰ আশে-পাশে ব্যৱসায়ৰ সুবিধা দিলে উপকৃত হ’ব বহুতো নিবনুৱা৷ অৱশ্যে ব্যৱসায়ৰ বাবে প্ৰয়োজনীয় মূলধনৰ যোগান ধৰিবলৈ আগবাঢ়ি আহিব লাগিব বেংকসমূহ৷ স্বাধীনতা পাছত দেখা পোৱা পৰিসংখ্যাবোৰে এটা কথা স্পষ্টকৈ বুজাই দিয়ে যে অসমত কৰ্মৰত বেংকসমূহৰ পৰা পুঁজি বা মূলধনৰ আহৰণ কৰাটো নিবনুৱাৰ একমাত্ৰ সমস্যা৷ চৰকাৰৰ এক দৃঢ় পদক্ষেপে ৰাজহুৱা খণ্ডৰ বেংকসমূহক দক্ষ উদ্যোগী জন্ম দিয়াত বাধ্য কৰাব পাৰে৷
বৰ্তমান ভাৰতৰ লগতে অসমতো হোৱা জনবিস্ফোৰণে বৃদ্ধি কৰিছে বজাৰৰ সংখ্যা৷ উন্নতমানৰ দ্ৰব্য বা সামগ্ৰীৰ চাহিদা সদায় বেছি বজাৰত৷ অসমত কৰ্মৰত উদ্যোগ-প্ৰতিষ্ঠানবোৰৰ উৎপাদিত সামগ্ৰীৰ অধিকাংশৰ নাই গুণগত মান৷ বজাৰত সন্মুখীন হোৱা প্ৰতিযোগিতাত বহিঃৰাজ্য বা বহিঃৰাষ্ট্ৰৰ উৎপাদিত সামগ্ৰীৰ সন্মুখত টিকিব নোৱাৰি থলুৱা সামগ্ৰীৰ বাবে আহি পৰা প্ৰত্যাহ্বানৰ সহযোগ কৰিব লাগিব চৰকাৰে৷ সুস্পষ্ট কৃষি ¸নীতি, উদ্যোগ নীতি, পৰ্যটন নীতিৰ দ্বাৰাহে আকৃষ্ট কৰিব লাগিব নিবনুৱাসকলক৷ প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ অসমত অতীতত কোনো এজন নাগৰিকেই ভোকত মৃত্যুমুখত পৰাৰ উদাহৰণ নাই৷ সেয়েহে সম্পদৰ সঠিক ব্যৱহাৰ আৰু কৌশল বৃদ্ধিৰে সম্ভাৱনাৰ দুৱাৰ খুলিব লাগিব নৱপ্ৰজন্মই৷






