এই কেইবিধ খাদ্য ফ্ৰীজত ৰখাটো অপকাৰী
কিছুমান খাদ্য সামগ্ৰী ফ্ৰীজত থ’লে তাৰ পুষ্টি গুণ নষ্ট হোৱাৰ লগতে স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক হ’ব পাৰে৷ সেয়েহে এনেধৰণৰ খাদ্য সামগ্ৰী ফ্ৰীজত থ’লেও ২৪ ঘণ্টাৰ ভিতৰত ব্যৱহাৰ কৰিব লাগে৷
নহৰুঃ নহৰু সাধাৰণতে ফ্ৰীজত ৰাখিব নালাগে৷ বিশেষকৈ নহৰু বাকলি গুচাই ফ্ৰীজত ৰাখিলে অতি সোনকালে ইয়াৰ পুষ্টিগুণ নষ্ট হয়৷ ফলত এনে নহৰু খালে শৰীৰৰ বাবে ক্ষতিকাৰক হৈ উঠিব পাৰে৷ সেইবাবে নহৰু সাধাৰণতে ফ্ৰীজত নৰখাই ভাল৷
আদাঃ আদাৰ আছে বিভিন্ন ধৰণৰ ঔষধি গুণ৷ বহুক্ষেত্ৰত ই শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ কিন্তু এনে আদা ফ্ৰীজত কেইবাদিনো ৰখাৰ ফলত সোনকালেই ইয়াৰ ঔষধি গুণ নষ্ট হৈ যাব পাৰে৷ যাৰ ফলত এনে আদা খালে শৰীৰত বিষক্ৰিয়া সৃষ্টি হ’ব পাৰে৷
পিঁয়াজঃ কটা পিঁয়াজ কেতিয়াও ফ্ৰীজত ৰাখিব নালাগে৷ ফ্ৰীজত পিঁয়াজ ৰাখিলে সোনকালে ইয়াৰ খাদ্যগুণ নষ্ট হয়৷ কটা পিঁয়াজত সোনকালেই ক্ষতিকাৰক বেক্টেৰিয়াৰ সৃষ্টি হ’ব পাৰে৷ সেয়েহে পিঁয়াজ কেতিয়াও কাটি বা বাকলি গুচাই ফ্ৰীজত ৰাখিব নালাগে৷ ৰাখিলেও ২৪ ঘণ্টাৰ বেছি সময়ৰ বাবে ৰাখিব নালাগে৷
ভাতঃ ফ্ৰীজত ভাত ৰখাৰ ব্যৱস্থা কৰিব নালাগে৷ ফ্ৰীজত ভাত ৰাখিলে ইয়াৰ পুষ্টিগুণ নষ্ট হোৱাৰ উপৰি শৰীৰৰ বাবে ক্ষতিকাৰক বেক্টেৰিয়াৰ সৃষ্টি হ’ব পাৰে৷ ফ্ৰীজত থোৱা ভাত খালে পেটৰ অসুখত আক্ৰান্ত হোৱাৰ আশংকাও থাকে৷ এনে ধৰণৰ খাদ্য সামগ্ৰী ফ্ৰীজত ৰাখিলেও ২৪ ঘণ্টাতকৈ বেছি সময়ৰ বাবে ৰাখিব নালাগে৷






