Logo
image

ইন্ধনৰ ঊধবৰ্মুখী দামত জুৰুলা জনসাধাৰণ

পশ্চিমবংগ আৰু অসমৰ সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰক আকৰ্ষিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় চৰকাৰৰ তেওঁৰ সহযোগীসকলে বিভিন্ন পন্থা অৱলম্বন কৰা দেখা গৈছে৷ প্ৰতিবছৰে নিৰ্বাচনৰ আগমুহূৰ্তত প্ৰতিশ্ৰুতিৰ ফুলজাৰিৰে চৰকাৰে সৰ্বসাধাৰণৰ আস্থা জয় কৰাৰ চেষ্টা চলায় আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয়৷ কিন্তু নিৰ্বাচন যোৱাৰ পাছত ৰাজনৈতিক দলৰ সেই প্ৰতিশ্ৰুতিবোৰ অসাৰ হৈ পৰে৷ পৰিৱৰ্তনৰ সপোন দেখুৱাই ভাৰতীয় জনতা পাৰ্টী আৰু সহযোগী দলে ক্ষমতা দখল কৰিছিল৷ কংগ্ৰেছৰ আমোলত প্ৰধান বিৰোধী দল ভাৰতীয় জনতা পাৰ্টী দুৰ্নীতি আৰু মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল৷ কিন্তু  ‘সবকা চাথ, সবকা বিশ্বাস’ শ্লোগানেৰে ক্ষমতালৈ অহা ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন চৰকাৰখনো যে সৰ্বসাধাৰণৰ দুখ-দুৰ্গতিৰ প্ৰতি সম্পূৰ্ণ উদাসীন, তাৰ প্ৰমাণ পাবলৈ অধিক সময়ৰ প্ৰয়োজন নহ’ল৷ কংগ্ৰেছৰ শাসনৰ সময়ত মূল্যবৃদ্ধিক প্ৰধান ইছ্যু হিচাপে লৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন চৰকাৰৰ দিনতো মূল্যবৃদ্ধিয়ে বাৰুকৈ জুৰুলা কৰিছে সৰ্বসাধাৰণক৷ শেহতীয়াভাৱে দেশত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে পে’ট্ৰলজাত সামগ্ৰীৰ মূল্য৷ পে’ট্ৰল-ডিজেলৰ লগতে ৰন্ধন গেছৰ ঊধবৰ্মুখী মূল্যক লৈ বিপৰ্যস্ত হৈ পৰিছে দেশৰ নাগৰিক৷ পে’ট্ৰলজাত সামগ্ৰীৰ  মূল্যবৃদ্ধিৰ বিষয়টোত চৰকাৰৰ যুক্তি হৈছে যে এই সামগ্ৰীবোৰৰ মূল্য নিৰ্ধাৰণ কৰে বেচৰকাৰী তৈল কোম্পানীবোৰে৷ বিষয়টো চৰকাৰৰ নিয়ন্ত্ৰণত নাথাকে৷ আন্তঃৰাষ্ট্ৰীয় বজাৰত পে’ট্ৰলজাত সামগ্ৰীৰ মূল্যবৃদ্ধি হ’লে তাৰ প্ৰভাৱ ভাৰততো নপৰাকৈ নাথাকে৷ আনহাতে, তৈল কোম্পানীবোৰৰ মতে, চৰকাৰে প্ৰায় প্ৰতি সপ্তাহতে এই সামগ্ৰীবোৰৰ ওপৰত নতুন শুল্ক লগায় আৰু সেইবাবেই পে’ট্ৰলজাত সামগ্ৰীৰ মূল্যবৃদ্ধি কৰিবলগীয়া হয়৷ আন্তঃৰাষ্ট্ৰীয় বজাৰত শেহতীয়াভাৱে খাৰুৱা তেলৰ মূল্য যথেষ্ট হ্ৰাস পাইছে৷ কিন্তু ভাৰতত পে’ট্ৰলজাত সামগ্ৰীৰ মূল্যবৃদ্ধি পাবলৈ ধৰিছে৷ দেশৰ বৰ্তমান পে’ট্ৰলজাত সামগ্ৰীৰ মূল্যলৈ লক্ষ্য কৰিলে দেখা যায় যে সোমবাৰে পুনে চহৰত প্ৰতি লিটাৰ পে’ট্ৰলৰ মূল্য আছিল ৯৫ টকাতকৈও অধিক৷ তেনেদৰে  ৰাজস্থানত প্ৰতি লিটাৰ পে’ট্ৰলৰ মূল্য ৯৯ টকা হৈছেগৈ৷ কৰ্ণাটকতো প্ৰতি লিটাৰ পে’ট্ৰলৰ মূল্য ৯০ টকাতকৈ অধিক হৈছে৷ এনেদৰে যদি পে’ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি পাই থাকে, তেন্তে প্ৰত্যক্ষভাৱে তাৰ প্ৰভাৱ পৰিব সৰ্বসাধাৰণৰ ওপৰত৷ কিয়নো, পে’ট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধি হ’লে পৰিবহণ ব্যয় অধিক হ’ব আৰু পৰিবহণ ব্যয় অধিক হ’লে অত্যাৱশ্যকীয় সামগ্ৰীৰো মূল্যবৃদ্ধি হ’ব৷

কেৱল পে’ট্ৰল আৰু ডিজেলেই নহয়, বিগত দহ দিনত দুবাৰকৈ বৃদ্ধি কৰা হৈছে ৰন্ধন গেছৰ মূল্য৷ শেহতীয়াকৈ ১৪.২ কিলোগ্ৰামৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ৫০ টকাকৈ বৃদ্ধি কৰা হৈছে৷ ইয়াৰ পূৰ্বে যোৱা বছৰৰ ডিচেম্বৰতো দুটা পৰ্যায়ত বৃদ্ধি কৰা হৈছিল ৰন্ধন গেছৰ মূল্য৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে যে ভাৰতত যি হাৰত পে’ট্ৰলজাত সামগ্ৰীৰ মূল্যবৃদ্ধি কৰা হৈছে, তাৰ তুলনাত চুবুৰীয়া দেশকেইখনত তেনে সামগ্ৰীৰ মূল্য কম৷ সৰ্বসাধাৰণৰ দুখ-দুৰ্গতিলৈ কাণসাৰ নিদি  কৰ্প’ৰেট গোষ্ঠীক সন্তুষ্ট কৰাতেই বৰ্তমানৰ চৰকাৰখন ব্যস্ত বুলি প্ৰায়েই অভিযোগ শুনা যায়৷ দেশত এতিয়া এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছে যে চৰকাৰৰ কোনো সিদ্ধান্তৰ প্ৰতিবাদ কৰিবলৈ গ’লেই  চৰকাৰৰ জনবিৰোধী আক্ৰমণো তীব্ৰতৰ হৈ উঠে৷ তিনিখন বিতৰ্কিত কৃষি আইন বাতিলৰ বাবে আন্দোলন চলাই থকা কৃষকসকলৰ ওপৰত চৰকাৰৰ দমনমূলক নীতি তাৰেই প্ৰমাণ৷ চৰকাৰখনৰ এনেবোৰ জনবিৰোধী কাৰ্যকলাপে সাধাৰণ লোকক ভাবিবলৈ বাধ্য কৰাইছে–‘এয়াই নেকি প্ৰধামনন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অচ্ছে দিনৰ নমুনাঞ্জ’ বৰ্তমানৰ পৰিস্থিতিত পে’ট্ৰলজাত সামগ্ৰীৰ মূল্য  হ্ৰাস কৰিবলৈ হ’লে চৰকাৰে এনে সামগ্ৰীৰ ওপৰত আৰোপ কৰা বৰ্ধিত কৰ হ্ৰাস কৰা উচিত৷ নহ’লে ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন চৰকাৰখনৰ ‘অচ্ছে দিন’ আৰু ‘সবকা কল্যাণ’ৰ প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণতহে হ’ব৷