দাঁতৰ বিষতো নহৰু ব্যৱহাৰ কৰিব পাৰে
দাঁতৰ বিষ, চৰ্দি-কাহ আদি সমস্যাৰ পৰা ৰেহাই পাবলৈ থলুৱাভাৱে উৎপাদিত নহৰু ব্যৱহাৰ কৰিব পাৰে৷ ঋতু পৰিৱৰ্তনৰ লগে লগে চৰ্দি-কাহকে ধৰি একাধিক সমস্যাত আক্ৰান্ত হ’বলগা হয়৷ সহজতে পোৱা মছলাজাতীয় খাদ্য নহৰু ব্যৱহাৰ কৰি অতি সোনকালে এইবিলাক সমস্যাৰ পৰা আৰোগ্য লাভ কৰিব পাৰি৷ প্ৰত্যেক ঘৰৰ ৰান্ধনি গৃহত মজুত থাকে নহৰু৷ নহৰু মছলাজাতীয় খাদ্য হিচাপে বা ঔষধ হিচাপে ইয়াক ব্যৱহাৰ কৰিব পাৰি৷ নহৰুৰ উপকাৰিতা সম্পৰ্কে আপুনি জানিলে আচৰিত হ’ব৷ এইবিধ মছলাজাতীয় খাদ্য সামগ্ৰীৰ আছে বহু ঔষধি গুণ৷
আয়ুৰ্বেদিক চিকিৎসকৰ মতে, যিকোনো ধৰণৰ সমস্যাৰ ক্ষেত্ৰত নহৰু ব্যৱহাৰ কৰিব পাৰে৷ চিকিৎসকৰ মতে, কেৱল চৰ্দি বা কাহেই নহয়, দাঁতৰ বিষৰ সমস্যাৰ পৰা ৰেহাই পাবলৈ নহৰু ব্যৱহাৰ কৰিব পাৰি৷ তদুপৰি হাৰ্টৰ কাৰণেও নহৰু অত্যন্ত উপকাৰী৷
নহৰুৱে শৰীৰৰ ৰক্ত সঞ্চালন ভাল কৰে৷ দেহৰ টক্সিন দূৰ কৰাৰ ক্ষেত্ৰত নহৰুৰ ভূমিকা অপৰিসীম৷ নহৰুৱে ওজন কমোৱাত বিশেষভাৱে সহায় কৰে৷ অৱশ্যে সকলোৱে কেঁচা নহৰু খাব নোৱাৰে৷ কাৰণ নহৰুৰ তীব্ৰ গোন্ধ সকলোৱে সহ্য কৰিব নোৱাৰে৷ সেয়ে নহৰু গোন্ধ নাইকিয়া কৰিবলৈ শুকানে ভাজি খাব পাৰে৷ এনে কৰিলে নহৰুৰ উগ্ৰ গোন্ধ নাইকিয়া হয়৷
নহৰুত প্ৰ’টিন, কাৰ্বহাইড্ৰেট, আইৰণ যথেষ্ট পৰিমাণে পোৱা যায়৷ ইয়াৰ উপৰিও এইবিধ মছলাজাতীয় খাদ্যত ভিটামিন এ, বি, চি আৰু ছালফিউৰিক এচিড পোৱা যায়৷ নহৰুৱে সংক্ৰামক ৰোগ নিৰাময় কৰে৷ অৱশ্যে পৰিস্থিতি সাপেক্ষে গ্ৰীষ্মকালত নহৰু কম পৰিমাণে ব্যৱহাৰ কৰা উচিত৷