শীতত হাৰ্ট এটেকৰ আশংকা, এই সাৱধানতা লওক
‘হাৰ্টএটেক’ এনে এটা ৰোগ যি ক্ষন্তেক সময়ৰ ভিতৰতে আক্ৰান্তৰ বিপদ মাতিব পাৰে৷ জাৰকালি অন্য ঋতুৰ তুলনাত কিছুমান ৰোগৰ আশংকা তুলনামূলকভাৱে বৃদ্ধি পায়৷ তাৰ ভিতৰত হাৰ্টএটেকো অন্যতম৷ নৱেম্বৰ মাহ আৰম্ভ হোৱাৰ লগে লগে শীতৰ আমেজ অনুভৱ হয়৷ এই শীতকালছোৱাত এজমা, বাতবিষ আদিৰ সমস্যা বৃদ্ধি পোৱাৰ দৰে হাৰ্টএটেকৰ আশংকাও বৃদ্ধি পায়৷ গৱেষকসকলৰ মতে গ্ৰীষ্মকালৰ তুলনাত জাৰকালি হাৰ্টএটেকৰ সংখ্যা বাঢ়ে৷ তাপমাত্ৰাৰ পৰিৱৰ্তন, বতাহৰ গতিবেগ, আদ্ৰৰ্তা আদিৰ বাবেই গ্ৰীষ্মকালৰ তুলনাত হাৰ্টএটেকৰ আশংকা জাৰকালি বৃদ্ধি পায়৷ তাপমাত্ৰাৰ তাৰতম্য হোৱাৰ ফলত হূদযন্ত্ৰলৈ অক্সিজেনৰ সৰবৰাহ হ্ৰাস পায়৷ তাৰ লগে লগে ৰক্তচাপ, কলেষ্ট’ৰেলসহ নানা সমস্যা বৃদ্ধি পায়৷ সেইবাবে জাৰকালি এক সুস্থ আৰু নিয়ন্ত্ৰিত জীৱনশৈলীৰ প্ৰয়োজন৷ জাৰকালি শ্বাসনলীত হোৱা সংক্ৰমণ বা ইনফ্লুৱেঞ্জাইয়ো হাৰ্টএটেকৰ আশংকা বঢ়াই তোলে৷ জাৰৰ দিনত শৰীৰচৰ্চা বা পৰিশ্ৰম হ্ৰাস পায়৷ যাৰ প্ৰভাৱ হূদযন্ত্ৰত পৰে৷
🔷শৰীৰ চৰ্চাঃ হৃদযন্ত্ৰক সুস্থ কৰি ৰখাৰ বাবে আৰু হূদযন্ত্ৰ বিকল হোৱাৰ আশংকাৰ পৰা মুক্ত হ’বৰ বাবে নিয়মীয়াকৈ শৰীৰ চৰ্চা অব্যাহত ৰখা উচিত৷
🔷খাদ্য গ্ৰহণঃ পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাটো এই সময়ত অত্যন্ত প্ৰয়োজন৷ হাৰ্ট ভালে ৰাখিবৰ বাবে এন্টিঅক্সিডেণ্ট সমৃদ্ধ খাদ্য গ্ৰহণ কৰা উচিত৷ এই সময়ত সতেজ ফলমূল, শাক-পাচলি খাদ্য তালিকাত ৰখাটো অত্যন্ত প্ৰয়োজন৷
🔷ধুমপান পৰিহাৰঃ স্বাস্থ্য ভালে ৰাখিবৰ কাৰণে ধঁপাতজনিত দ্ৰব্য পৰিহাৰ কৰি চলা উচিত৷ বিশেষকৈ হূদযন্ত্ৰক সবল কৰি ৰখাৰ বাবে ধুমপান পৰিহাৰ কৰাটো অত্যন্ত প্ৰয়োজনীয়৷
তদুপৰি জাৰকালছোৱাত ছুগাৰ, ৰক্তচাপ, কলেষ্ট’ৰেলৰ মাত্ৰা নিয়নন্ত্ৰণক ৰখাৰ বাবে চেষ্টা কৰা উচিত৷ এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিলে বিভিন্ন ৰোগৰ আশংকাৰ পৰা হাত সাৰি থাকিব পাৰি৷