Logo
image

বিড়ম্বনা!

তথ্যপ্ৰযুক্তিৰ অভাৱনীয় বিকাশৰ অচিলাৰে মানুহৰ জীৱন-যাত্ৰাৰ আমূল পৰিৱৰ্তন ঘটিছে৷ সময় যিমানেই বাগৰিছে সিমানেই ভোগৰ সামগ্ৰীৰ চাহিদাও বৃদ্ধি পাইছে৷ এই চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি দেশীয়-বহুজাতিক উদ্যোগ প্ৰতিষ্ঠানে নিজৰ বজাৰ বৃদ্ধিৰে লক্ষ্য ৰাখি আকৰ্ষণীয় ৰূপত উৎপাদিত সা-সামগ্ৰীৰ বিক্ৰয়ৰ ব্যৱস্থা কৰিছে৷ অৱধাৰিতভাৱে সামগ্ৰিক ৰূপত মানুহৰ দৈনন্দিন জীৱনধাৰাত এই নতুন নতুন সামগ্ৰীসমূহৰ ব্যৱহাৰ এক স্বাভাৱিক প্ৰক্ৰিয়াত পৰিণত হৈছে৷ লক্ষণীয়ভাৱে এই স্বাভাৱিক প্ৰক্ৰিয়াৰ সৈতে সহবাস কৰোঁতে মানুহৰ জীৱনলৈ এনে কেতবোৰ অস্বাভাৱিকতাৰ আগমন হৈছে যে তাক উপলব্ধি কৰিবলৈ অধিকাংশৰে যেন আহৰি নাই৷ সেই অস্বাভাৱিকতাৰ প্ৰতিফলন ঘটিছে মানুহৰ আচাৰ-ব্যৱহাৰ, পাৰস্পৰিক সম্পৰ্ক, মূল্যবোধৰ সংজ্ঞা নিৰ্ধাৰণ, স্বাস্থ্যৰক্ষা, জীৱনৰ প্ৰতি দৃষ্টিভংগী আদি বিভিন্ন বিষয়ত৷ এচামে সেই অস্বাভাৱিকতাৰ প্ৰতি উদ্বিগ্ন হৈ তাৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে বিভিন্ন পন্থাৰ আশ্ৰয় লৈছে যদিও সেয়া সীমিত ৰূপতে আছে৷ এফালে উন্নয়ন, প্ৰগতি বিচাৰি ব্যাপক ৰূপত বন ধবংস, নদ-নদী, বিল-জলাশয় সংকোচন কৰা হৈছে, আনফালে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ সুধাপান কৰিবৰ বাবে বহুলোক উদ্বাউল হৈ প্ৰকৃতিৰ সান্নিধ্যত দুটামান দিন কটোৱাৰ বাবে হাবিয়াস কৰিছে৷ প্ৰকৃতি ধবংসৰ ব্যৱস্থাবোৰ চলি থকাৰ সমান্তৰালকৈ চৰকাৰী-বেচৰকাৰীভাৱে প্ৰকৃতি সুৰক্ষাৰ শ্ল’গানসমূহ আওৰোৱা হৈছে বা বিশ্ব পৰিৱেশ দিৱস, বসুধা দিৱস, বিশ্ব নদী দিৱস, জৈৱ-বিচিত্ৰতা দিৱস আদি ধুমধামেৰে উদ্‌যাপন কৰি অহা হৈছে৷ ৰাষ্ট˜সংঘৰ উদ্যোগত বিগত কেইবাদশক জুৰি প্ৰতিটো বিশ্ব পৰিৱেশ দিৱসতে পৰিৱেশ সুৰক্ষা সম্পৰ্কীয় এটা বিশেষ উক্তিক আধাৰ কৰি বিশ্ব সমুদায়ক আহ৩ান জনোৱা হয়৷ কিন্তু কাৰ্যতঃ এই বিশেষ উক্তিটো সেই বিশেষ দিনটোৰ বিশেষত্ব হোৱাৰ বাদে বিশ্বৰ অধিকাংশ ৰাষ্ট্ৰতে ই সঠিকভাৱে কাৰ্যকৰী নহয়৷ কাৰ্বন নিৰ্গমন হ্ৰাস কৰি গোলকীয় উষ্ণতা বৃদ্ধি নিয়ন্ত্ৰণলৈ অনাৰ বাবে বিশ্বৰ ধনী-দুখীয়া, উন্নয়নশীল ৰাষ্ট˜সমূহৰ সন্মিলন অনুষ্ঠিত হৈ থকাৰ মাজতে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ, ইজৰাইল-হামাছৰ যুদ্ধত মানৱ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক বিভিন্ন ৰাসায়নিক সামগ্ৰী ব্যৱহাৰ হোৱাৰ লগতে আন প্ৰদূষিত গেছসমূহ বিভিন্ন ৰাষ্ট্ৰই বায়ুমণ্ডললৈ নিৰ্গমন ৰোধ কৰাৰ ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণত ব্যৰ্থ হৈছে৷ এনে এক দুমুখীয়া বিধি-ব্যৱস্থাৰ মাজতে প্ৰকৃতি ৰক্ষাৰ লগতে আন আৰ্থ-সামাজিক, ৰাজনৈতিক আদি সকলোবোৰ ব্যৱস্থা চলি আছে৷ মানৱ সভ্যতা বৰ্তি থকাৰ ক্ষেত্ৰত নদ-নদীয়ে শতিকা শতিকা জুৰি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ নদ-নদীৰ সুৰক্ষা আৰু পৰিচালনাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি ২০০৫ চনৰ পৰা সমগ্ৰ বিশ্বতে বিশ্ব নদী দিৱসো উদ্‌যাপন কৰা হয়৷ গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে হিমবাহ ক্ৰমান্বয়ে শুকাই যোৱাৰ ফলত ব্ৰহ্মপুত্ৰ, গংগা, সিন্ধু আদি নদ-নদীৰ জলস্তৰ হ্ৰাস, পৰ্বত-পাহাৰ খহি নদ-নদীৰ স্বাভাৱিক প্ৰবাহ বন্ধ হোৱা, বৃহৎ নদীবান্ধৰ বাবে হঠাৎ পানী বৃদ্ধি পাই বানৰ সৃষ্টি আৰু কেতিয়াবা পানী হ্ৰাস পাই জীৱ-বিচিত্ৰতাক ধবংস কৰা আদি সঘনে ঘটাটোৱে এক বিপৰ্যয়ৰ আগজাননী দিছে৷ নদীত পানীৰ পৰিমাণ হ্ৰাস পোৱাৰ বাবে পানীৰ ভাণ্ডাৰৰ পৰিমাণ কমি গৈছে, যি প্ৰভাৱ বিস্তাৰ কৰিছে দৈনন্দিন জীৱনযাত্ৰাত৷ ৰাষ্ট্ৰসংঘৰ ‘ইণ্টাৰকানেকটেড ডিজাষ্টাৰ ৰিপ’ৰ্ট-২০২৩ৰ প্ৰতিবেদনমতে বিশ্বৰ ভিতৰতে ভূ-গৰ্ভস্থ পানী ব্যৱহাৰকাৰী ৰাষ্ট্ৰ ভাৰতৰ বহু ৰাজ্যত ভূ-গৰ্ভৰ জলভাণ্ডাৰৰ পৰিমাণ তীব্ৰগতিত হ্ৰাস পাইছে৷ নদীৰ ধবংস, জলাশয় হ্ৰাস, খাল-বিল পুতি ঘৰ নিৰ্মাণ, ঔদ্যোগিক কাম-কাজ আদিয়ে ভূগৰ্ভৰ জলভাণ্ডাৰতো প্ৰভাৱ পেলাইছে৷ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে ২০২৩ চনত চলোৱা সমীক্ষামতে দেশৰ ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মূল ৩১খন নদী ভয়ানকভাৱে প্ৰদূষিত৷ ৰাজস্থানৰ নদী আৰু ভূ-গৰ্ভৰ পানীত ছালফিউৰিক এচিদৰ মাত্ৰা বৃদ্ধি পোৱাৰ ফলত খোৱাপানীৰ অভাৱ ঘটিছে৷ অসমৰ ভৰলু নদীৰ পানী পৰীক্ষা কৰি লাভ কৰা ফলাফলমতে ই ৰাষ্ট˜ীয় নদী সংৰক্ষণ সঞ্চালকালয়ৰ (এন আৰ চি ডি)ৰ নিৰ্ধাৰিত নিৰাপদ সীমাতকৈ বহু বেছি পৰিমাণে প্ৰদূষিত৷ উল্লেখ্য নদ-নদী, জলাশয় ধবংস, সংকুচিত, প্ৰদূষিত হোৱাৰ ক্ষেত্ৰত মানুহেই মূল ভূমিকা পালন কৰিছে৷ দুৰ্গাপূজাৰ সময়ত মূৰ্তি বিসৰ্জনৰ বাবে জনস্বাস্থ্য তথা জলচৰ জীৱলৈ ভাবুকিৰ বাবে প্লাষ্টিক, ৰাসায়নিক পদাৰ্থসমূহ যাতে নদীৰ পানীত মিলি নাযায় তাৰ বাবে গুৱাহাটী জিলা প্ৰশাসনে তেনে সামগ্ৰী তৎকালে পাৰলৈ অনাৰ বাবে নিৰ্দেশনা দিছিল যদিও কোনেও তালৈ কৰ্ণপাত নকৰিলে৷ ব্ৰহ্মপুত্ৰৰ পাঁচটা ঘাটত কেৱল গুৱাহাটীতে ৫২৬খন পূজাৰ প্ৰতিমা বিসৰ্জনৰ উপৰি সমগ্ৰ অসমত প্ৰায় ৭ হাজাৰ প্ৰতিমা বিসৰ্জন দিয়া হয়৷ মানৱসৃষ্ট কাৰ্যই কিদৰে নদীক ক্ষতি কৰিব পাৰে সেয়া সদায়ে দৃশ্যমান হৈ থাকিলেও সকলো নীৰৱ৷ এনেদৰে প্ৰকৃতিৰ ওপৰত নিৰৱচ্ছিন্নভাৱে চলি আছে অত্যাচাৰ৷ তাৰ মাজতে চলি আছে চলি থাকিব প্ৰকৃতি সুৰক্ষা দিৱসসমূহো৷ এয়াই বিড়ম্বনা!